ভাৰতৰ এটা সিদ্ধান্তই বিপদত পেলালে পাকিস্তানক! ধ্বংস হৈ গ’ল ব্যৱসায়
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত জাৰি কৰা বাণিজ্য নিষেধাজ্ঞাই ভাৰতত যথেষ্ট চাহিদা থকা এই নিমখৰ ৰপ্তানিত আঘাত হানিছে। এইবাৰ পাকিস্তান কি সমস্যাত পৰিছে জানো আহক।

ভাৰতৰ এটা সিদ্ধান্তই বিপদত পেলালে পাকিস্তানক!
ভাৰতে বিশেষ ধৰণৰ ৰক চল্ট ‘Himalayan pink salt’ ৰপ্তানি নিষিদ্ধ কৰাৰ পিছত এতিয়া পাকিস্তানৰ স্থানীয় ব্যৱসায়ীসকলে নতুন বজাৰ বিচাৰিবলৈ আৰম্ভ কৰিছে। যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ সৈতে বাণিজ্যিক সম্পৰ্ক সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি পেলাইছে। এই আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হৈছিল।
এই বিশেষ ধৰণৰ ৰক চল্ট উৎপাদক আৰু ৰপ্তানি কৰা দেশৰ ভিতৰত আছে পাকিস্তান। পঞ্জাৱ প্ৰান্তত অৱস্থিত খেৱৰা পাকিস্তানৰ সৰ্ববৃহৎ ৰক চল্টৰ খনি আৰু ইয়াত ৩০টা প্ৰচেছিং ইউনিট আছে। ২০২৪ চনত পাকিস্তানে মুঠ ৩,৫০,০০০ টন ৰক চল্ট ৰপ্তানি কৰিছিল, যাৰ মূল্য ১২ কোটি ডলাৰ বুলি অনুমান কৰা হৈছে।
সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে পাকিস্তানৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈ পৰে
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত জাৰি কৰা বাণিজ্য নিষেধাজ্ঞাই ভাৰতত যথেষ্ট চাহিদা থকা এই নিমখৰ ৰপ্তানিত আঘাত হানিছে। ৰক চল্ট আৰু আনুষংগিক সামগ্ৰীৰ ৰপ্তানিকাৰক গনী ইণ্টাৰনেশ্যনেলৰ জ্যেষ্ঠ সঞ্চালক মনছুৰ আহমেদে কয় যে, ভাৰতে পাকিস্তানৰ পৰা এই নিমখৰ সৰ্বাধিক আমদানি কৰিছিল। নিষেধাজ্ঞাৰ অৰ্থ হ’ল সেই দেশলৈ কোনো ৰপ্তানি নহয়।
মনছুৰে দাবী কৰিছিল, পাকিস্তান আৰু চীনৰ সমান্তৰালকৈ নিমখৰ ৰপ্তানিকাৰক শীৰ্ষ তিনিখন দেশৰ ভিতৰত ভাৰত আছে। কিন্তু কেৱল পাকিস্তানেহে হিমালয়ৰ ৰক চল্ট উৎপাদন কৰে। ভাৰত বা চীনে নহয়।
পাকিস্তানী মিছা কথা কোৱাত পাকৈত
পাকিস্তানৰ ৰপ্তানিকাৰকসকলে এই নিষেধাজ্ঞাক লৈ চিন্তিত নহয়, কাৰণ তেওঁলোকে ইয়াত আশাৰ ৰেঙণি দেখিছে। পাকিস্তানৰ ছল্ট মেনুফেকচাৰ্ছ এছ’চিয়েশ্যনৰ মুৰব্বী ছাইমা আখতাৰে কয় যে, পাকিস্তানৰ ৰক চল্ট ইতিমধ্যে বিশ্বজুৰি যথেষ্ট চাহিদা আছে। কাৰণ ইয়াৰ স্বাস্থ্যৰ বহু উপকাৰ বহুত বেছি।
তেওঁ কয়, আমি যেতিয়া ভাৰতলৈ ৰপ্তানি কৰিছিলোঁ, তেতিয়া ভাৰতীয় খুচুৰা বজাৰত প্ৰতি কেজিত নিমখ ৪৫ৰ পৰা ৫০ টকাকৈ বিক্ৰী হৈছিল। এতিয়া ইয়াক প্ৰতি কেজিত ৭০ৰ পৰা ৮০ টকাকৈ বিক্ৰী কৰা হৈছে। ৰক চল্টৰ আগশাৰীৰ উৎপাদক আৰু ৰপ্তানিকাৰক কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) শ্বাহজাদ জাভেদে কয় যে, ২০২৫ চনৰ প্ৰথম ত্ৰৈমাসিকত পাকিস্তানৰ চীনলৈ ৰক চল্ট ৰপ্তানি বৃদ্ধি পাইছে।
ইফালে জাভেদে কয় যে, মাৰ্চ মাহৰ ত্ৰৈমাসিকত চীনলৈ প্ৰায় ১৮.৩ লাখ ডলাৰৰ প্ৰায় ১৩৬.৪ কোটি কিলোগ্ৰাম নিমখ ৰপ্তানি কৰা হৈছিল। যিটো ২০২৪ চনৰ একে সময়ছোৱাৰ তুলনাত ৪০ শতাংশ বেছি। এই সকলোবোৰ ৰক চল্ট।