শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জিএছটি সংগ্ৰহেৰে ভৰিছে ৰাজকোষঃ আগষ্ট মাহত চৰকাৰৰ কোষাগাৰলৈ আহিল ইমান ধন…

লক্ষণীয়ভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ ভাষণত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল। দেৱালীৰ ভিতৰত জি এছ টিৰ সংস্কাৰ সাধন কৰা হ’ব বুলি উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

জিএছটি সংগ্ৰহেৰে ভৰিছে ৰাজকোষঃ আগষ্ট মাহত চৰকাৰৰ কোষাগাৰলৈ আহিল ইমান ধন…
GST সংগ্ৰহেৰে আগষ্ট মাহত কোষাগাৰলৈ আহিল ইমান ধনImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 02 Sep 2025 10:41 AM

‘One Nation, One Tax’ নীতি সাৰোগত কৰি কেন্দ্ৰীয় চৰকাৰে ২০১৭ চনত দেশত প্ৰৱৰ্তন কৰিছিল জি এছ টি এই কৰ ব্যৱস্থাক লৈ প্ৰায়ে দেখা যায় দ্বিমত বাদবিবাদৰ মাজতে পিছে জি এছ টি সংগ্ৰহেৰে দেশৰ ৰাজকোষ টনকীয়াল হৈছে সদ্য প্ৰকাশিত চৰকাৰী তথ্য মতে, যোৱা আগষ্ট মাহত ৰাজকোষলৈ জি এছ টি সংগ্ৰহৰ মুঠ পৰিমাণ আছিল ১.৮৬ লাখ কোটি টকা বিগত বৰ্ষৰ আগষ্টত এই পৰিমাণ আছিল ১.৭৫ লাখ কোটি টকা অৰ্থাৎ ২০২৪ চনৰ আগষ্ট মাহতকৈ এইবাৰ জি এছ টি সংগ্ৰহৰ পৰিমাণ প্ৰায় ৬.৫% অধিক

অৱশ্যে চলিত বৰ্ষৰ জুলাই তুলনাত আগষ্ট মাহৰ জি এছ টি সংগ্ৰহ সামান্য হ্ৰাস পাইছে। চৰকাৰী তথ্য অনুসৰি, জুলাই মাহত জি এছ টি সংগ্ৰহ আছিল ১.৯৬ লাখ কোটি টকা উৎসৱ আৰু অন্যান্য অৰ্থনৈতিক কাৰ্যকলাপৰ বাবে জুলাই মাহত এই সংগ্ৰহ অধিক হৈছিল পিছে আগষ্ট মাহত জি এছ টি সংগ্ৰহৰ পৰিমাণ কিছু তললৈ নামে

চলিত বৰ্ষৰ এপ্ৰিল মাহত জি এছ টি সংগ্ৰহ সমগ্ৰ ইতিহাসৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছিল এপ্ৰিল মাহত চৰকাৰে অভিলেখ ২.৩৭ লাখ কোটি টকা উপাৰ্জন কৰিছিল। আগষ্ট মাহত জি এছ টিৰ উপৰিও মুঠ ঘৰুৱা ৰাজহো বৃদ্ধি পাইছে। বিগত মাহত মুঠ ঘৰুৱা ৰাজহ ১.৩৬ লাখ কোটি টকা আছিল এই পৰিমাণ যোৱা বছৰৰ তুলনাত ৬.৬ শতাংশ অধিক।

ইয়াৰ বিপৰীতে আমদানি কৰ সামান্য হ্ৰাস পাই ৪৯,৩৫৪ কোটি টকা হৈছে। লক্ষণীয়ভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ ভাষণত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল দেৱালীৰ ভিতৰত জি এছ টিৰ সংস্কাৰ সাধন কৰা বুলি উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

জি এছ টিৰ এই সংস্কাৰে সাধাৰণ মানুহক কৰ সকাহ দিব আৰু ক্ষুদ্ৰ ব্যৱসায়ী, বিশেষকৈ মধ্যবিত্তীয় উদ্যোগীসকলক উপকৃত কৰিব বুলিও তেওঁ উল্লেখ কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জি এছ টি কাৰ্যকৰী হোৱাৰ আঠ বছৰ সম্পূৰ্ণ হৈছে আৰু এতিয়া কৰ ব্যৱস্থা অধিক সহজ আৰু ফলপ্ৰসূ কৰি তোলাৰ বাবে অধিক উন্নত কৰাৰ সময় আহি পৰিছে।