Gold Price Drop: হোৰাহোৰে কমিছে সোণ-ৰূপৰ দাম! সস্তীয়া হ’ল প্ৰায় ২১,০০০ টকা…

Gold Price Drop: হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য। শেহতীয়াকৈ বজাৰত যথেষ্ঠ পৰিমাণে কম হৈ পৰিছে এই ধাতুৰ মূল্য। বহু মাহৰ মাজত এই মূল্য হ্ৰাস পোৱা দেখা গৈছে। গতিকে আপুনি যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে ইয়াৰ দাম জানি লওক।

Gold Price Drop: হোৰাহোৰে কমিছে সোণ-ৰূপৰ দাম! সস্তীয়া হল প্ৰায় ২১,০০০ টকা...

সোণৰ দাম হ্ৰাস

Published: 

30 Dec 2025 | 01:04 PM

কেইটামান মাহৰ পৰা সোণ-ৰূপৰ মূল্য যথেষ্ঠ বৃদ্ধি হোৱা দেখা গৈছে। কিন্তু এতিয়া এই মূল্য হ্ৰাস পোৱা পৰিলক্ষিত হয়। নতুন বছৰৰ পূৰ্বে সোণ-ৰূপৰ মূল্যত ডাঙৰ পৰিৱৰ্তন দেখা গৈছে। ইয়াৰ মাজতে মঙলবাৰে পুৱা এই ধাতুৱে বিনিয়োগকাৰীক এক বেয়া খবৰ দিয়ে। অৱশ্যে কিছুমানৰ বাবে এই খবৰ ভাল হ’ব পাৰে। কিয়নো একাংশই লাভ কৰিব বিনিয়োগৰ সুযোগ।

সোণৰ দাম হ্ৰাস

বৃহৎ সংখ্যক বিনিয়োগকাৰীয়ে লভ্যাংশ উলিয়াব বুলি আশা কৰি থকাৰ মাজতেই যোৱা কেইটামান মাহৰ পাছত প্ৰথমবাৰৰ বাবে সোণৰ মূল্য হ্ৰাস পাইছে। এমচিএক্স (MCX)ৰ চাৰ্ট অনুসৰি সোমবাৰৰ মাজনিশাৰ পৰা সোণৰ মূল্য হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। সেই সময়ত বিশ্বৰ বজাৰত প্ৰতি আউন্সত সোণৰ মূল্য আছিল ৪৫৪০ ডলাৰ। ঘৰুৱা বজাৰতো প্ৰায় একেই অৱস্থা আছিল। প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য আছিল প্ৰায় ১,৩৯,০০০ টকা।  কিন্তু সোমবাৰে MCX  গোল্ড বা বিশ্ব বজাৰত সোণৰ মূল্য ৪ শতাংশ হ্ৰাস পায়। এনে অৱস্থাত সোণৰ মূল্য ১০ গ্ৰামত ১,৩৪,০০০ টকালৈ নামি আহে।

ৰূপৰ দাম হ্ৰাস

সোণৰ দৰে ৰূপৰ দামো হ্ৰাস পোৱা দেখা যায়। এইবছৰত ৰূপত ৰিটাৰ্ণ আছিল মাত্ৰ ১৪০ শতাংশ। ৰূপৰ দাম প্ৰায় একেলগে ২১ হাজাৰ টকা হ্ৰাস পাইছে। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, MCX শেষৰ চেশ্যনত ৰূপৰ মূল্যই ২ লাখ ৫৪ হাজাৰ টকা স্পৰ্শ কৰিছিল। প্ৰতি আউন্সত ৮০ ডলাৰৰ সীমা অতিক্ৰম কৰিছিল। এতিয়া মূল্য হ্ৰাস পাইছে।

কাৰণ কি?

সোণ-ৰূপৰ লগতে প্লেটিনামৰ দামো হ্ৰাস পাইছে। এই ধাতুৰ মূল্য এবাৰতে ১৪ শতাংশ হ্ৰাস পোৱা পৰিলক্ষিত হয়। এতিয়া প্ৰশ্ন হয় হঠাৎ এই পতনৰ কাৰণ কি? সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে কয় যে ফ্ল’ৰিডাত তেওঁলোকৰ শান্তি আলোচনাত বহুখিনি অগ্ৰগতি হৈছে। ২০ দফীয়া শান্তি আলোচনাৰ ৯০ শতাংশত সহমতত উপনীত হৈছে। একাংশৰ মতে ট্ৰাম্পে এইবাৰ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাব। ইয়াৰ ফলত বিশ্ব বজাৰত অনিশ্চয়তা কম হ’ব পাৰে। সেয়েহে বহুমূলীয়া ধাতুৰ বজাৰত ‘প্ৰফিট বুকিং’ৰ কাম চলিছে আৰু এমচিএক্স চাৰ্টত মূল্য হ্ৰাস পাইছে। কিছুমানৰ মতে ‘ভৌতিক’ সোণ আৰু ৰূপৰ ক্ষেত্ৰতো এই কথা দেখা যাব।

 

অন্য খবৰ পঢ়কঃ প্ৰথম চাকৰিত যোগদান কৰাসকলক চৰকাৰে দিব ১৫,০০০ টকা, জানক সবিশেষ…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব