FD Interest Rates: কোনটো বেংকত ধন জমা ৰাখিলে সবাতোকৈ বেছি লাভ হ’ব? জানক সকলো…

Fixed Deposit: আপুনিও ধন জমা কৰাৰ কথা ভাবিছে নেকি? যদি আপুনি কিছুমান দিশ জনা দৰকাৰ। কোনটো বেংকে কি সুত দি আছে সেই ক্ষেত্ৰত সকলো চালি জাৰি চাই সিদ্ধান্ত লোৱা উচিত।

FD Interest Rates: কোনটো বেংকত ধন জমা ৰাখিলে সবাতোকৈ বেছি লাভ হব? জানক সকলো...

ধন জমা

Updated On: 

09 Jan 2026 | 11:33 AM

জমা ধন কাকনো নালাগে! ভাল ভৱিষ্যতৰ বাবে সকলোৱে ধন জমা কৰিব বিচাৰে। আপুনিও আপোনাৰ কষ্টোপাৰ্জিত ধন বেংকত ৰখাৰ কথা ভাবিছেনে? যদি আপুনি ৩ বছৰৰ বাবে ফিক্সড ডিপোজিট কৰাৰ কথা ভাবিছে তেন্তে আগতে এবাৰ ভাবক। কিয়নো সামান্য ভুলেই আপানোৰ হাজাৰ হাজাৰ টকাৰ লোকচান কৰিব পাৰে। কিন্তু কিছুমান দিশ চালি জাৰি চালেই আপোনাৰ টকাত ভাল ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা থাকে।

বজাৰৰ বৰ্তমানৰ অৱস্থা

বিত্তীয় বিশেষজ্ঞসকলে কয় যে মাত্ৰ ০.৫০ শতাংশ সুতৰ পাৰ্থক্যই আপোনাৰ ৩ বছৰীয়া ১০ লাখ টকাৰ বিনিয়োগত প্ৰায় ১৫ হাজাৰ টকাৰ পাৰ্থক্য আনিব পাৰে। গতিকে বিশ্লেষণ নকৰাকৈ বিনিয়োগ কৰা একেবাৰেই ঠিক নহয়। যিকোনো আঁচনি বা কোনো বেংকত ধন জমা ৰাখিলে কৰিলে সকলো চালি জাৰি চাব লাগে।

ব্যক্তিগত বেংকৰ অৱস্থা

এইচ ডি এফ চি বেংক (HDFC) আৰু আই চি আই চি আই (ICICI) বেংকে বৰ্তমান সাধাৰণ গ্ৰাহকক ৬.৪৫ শতাংশ আৰু জ্যেষ্ঠ নাগৰিকক ৬.৯৫ শতাংশ সুত দি আছে। ইয়াৰ ক্ষেত্ৰত কোটাক মহিন্দ্ৰা (Kotak Mahindra Bank) অলপ পিছ পৰি আছে। এই বেংকৰ সুতৰ হাৰ মাত্ৰ ৬.৪ শতাংশ। পিছে ফেডাৰেল বেংক (Federal Bank) কিছু ওপৰলৈ উঠিছে। ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা ফেডাৰেল বেংকে সাধাৰণ গ্ৰাহকক ৬.৭৫ শতাংশ আৰু জ্যেষ্ঠ নাগৰিকক ৭.২৫ শতাংশ সুত আগবঢ়াইছে।

চৰকাৰী বেংকৰ সাম্প্ৰতিক পৰিস্থিতি

দেশৰ সৰ্ববৃহৎ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়া (SBI)ই গ্ৰাহকক ৬.৩ শতাংশ সুত দি আছে। এই বেংকত নিৰাপত্তা আছে যদিও লাভৰ ক্ষেত্ৰত কিছু পিছ পৰি আছে। আনহাতে কানাড়া বেংকে (Canara Bank) ৬.২৫ শতাংশ সুত দি আছে। এই তালিকাৰ একেবাৰে শেষত আছে ইউনিয়ন বেংক (Union Bank), যাৰ সুতৰ হাৰ ৬ শতাংশ।

ধন জমা ৰখাৰ টিপছ

যদি আপুনি বেংকত ধন জমা কৰিব বিচাৰিছে তেন্তে আগতে সুতৰ হাৰৰ তালিকাখন ভালদৰে চাওক। মনত ৰাখিব, মুদ্ৰাস্ফীতিৰ এই সময়ত প্ৰতিটো সাধাৰণ দিশ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। ধনৰ ক্ষেত্ৰত নিৰাপত্তাৰ প্ৰয়োজন, ঠিক তেনেদৰে লাভৰো প্ৰয়োজন। প্ৰতিদিনে মূল্যবৃদ্ধি হৈ আছে। গতিকে ভাল ভৱিষ্যতৰ বাবে ভাল ঠাইত উপযুক্ত লাভৰ সৈতে ধন বিনিয়োগ কৰা প্ৰয়োজন। সুতৰ হাৰ আগন্তুক কেইটামান মাহৰ বাবে সুস্থিৰ হৈ থাকিব পাৰে। গতিকে দীৰ্ঘম্যাদী পৰিকল্পনাৰ বাবে আপুনি এতিয়াই ধন জমা ৰখাৰ কথা ভাবিব পাৰে।অধিক জানিবলৈ এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

 

অন্য খবৰ পঢ়কঃ বন্ধ হৈ পৰিছে নেকি LICৰ পলিচি? তেন্তে আছে এক ভাল খবৰ…

গৰম পানীৰ সৈতে মিহলাই খাওক ঘিউ, লাভ কৰিব এনে যাদুকৰী উপকাৰিতা
নিতে পুৱা গ্ৰহণ কৰক এনে পানীয়, আপোনাৰ কিডনী হৈ থাকিব সমস্যামুক্ত
তেজত হ্ৰাস পাইছে নেকি হিম’গ্লবিনৰ মাত্ৰা? এইসমূহ খাদ্যই দূৰ কৰিব চিন্তা
শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ