Elon Musk: শূন্য গণনা কৰি কৰি ভাগৰি পৰিব! কিমান টকা পায় ইলন মাস্কে?
Elon Musk Pay Package: এতিয়ালৈকে তেওঁ টেছলাৰ পৰা কোনো দৰমহা লোৱা নাই। শ্বেয়াৰত আছে তেওঁৰ দৰমহা। এতিয়া টেছলাৰ বাৰ্ষিক বৈঠকত সিদ্ধান্ত লোৱা হৈছে যে এইবাৰ ইলন মাস্কে এই বৃহৎ দৰমহা পাব।
টকাৰ অভাৱ নাই ইলন মাস্কৰ! তেওঁৰ দৰমহাৰ পৰিমাণ ১ ট্ৰিলিয়ন ডলাৰ! টেছলাৰ শ্বেয়াৰহোল্ডাৰসকলে বৃহস্পতিবাৰে কয় যে, কোম্পানীটোৰ চিইঅ’ ইলন মাস্কৰ দৰমহাৰ পেকেজ হ’ব ১ ট্ৰিলিয়ন ডলাৰ।
কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্সৰ সহায়ত টেছলাই প্ৰযুক্তিগত বিপ্লৱৰ সৃষ্টি কৰিছে। এই কোম্পানীটোৰ শীৰ্ষত আছে ইলন মাস্ক। এতিয়ালৈকে তেওঁ টেছলাৰ পৰা কোনো দৰমহা লোৱা নাই। শ্বেয়াৰত আছিল তেওঁৰ দৰমহা । এইবাৰ টেছলাৰ বাৰ্ষিক সভাত সিদ্ধান্ত লোৱা হ’ল যে ইলন মাস্কে এই বৃহৎ দৰমহা পাব। কোম্পানীটোৰ সকলো শ্বেয়াৰহোল্ডাৰৰ ৭৫ শতাংশই এই সিদ্ধান্তক সমৰ্থন কৰিছে।
ইলন মাস্কেও এই সিদ্ধান্তত সুখী হৈ কয়, “শ্বেয়াৰহোল্ডাৰ ভোটঙত মোক সমৰ্থন কৰা সকলক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো।” ভোটদানৰ পিছত ইলন মাস্কৰ ১ ট্ৰিলিয়ন ডলাৰৰ পে পেকেজ ঘোষণা কৰা হয়।
এই বৃহৎ পৰিমাণৰ ধনৰ আঁৰত এটা বিশেষ কাৰণ আছে। এই বিশাল পেকেজটো ঘোষণা কৰা হৈছে যাতে তেওঁ আৰু সাত বছৰতকৈ অধিক টেছলাত থাকিব পাৰে। টেছলাত ইলন মাস্কৰ অংশীদাৰিত্বও এতিয়াৰে পৰা ২৫ শতাংশতকৈও অধিক হ’ব। যদিও তেওঁৰ কোম্পানী টেছলাক বৃদ্ধি কৰাৰ কেইবাটাও পৰিকল্পনা আছে, তথাপিও ইলন মাস্কে শেহতীয়াকৈ ইংগিত দিছে যে কোম্পানীটোত তেওঁৰ অংশীদাৰিত্ব বৃদ্ধি নকৰিলে তেওঁ টেছলাৰ দায়িত্ব এৰিব পাৰে বা মালিকীস্বত্বৰ পৰা আঁতৰি যাব পাৰে।
মাস্কে বিচাৰে যে তেওঁৰ হাতত যথেষ্ট শ্বেয়াৰ থাকিব লাগে, যাতে তেওঁ কোম্পানীটোত নিজৰ কৰ্তৃত্ব বজাই ৰাখে। যদি তেওঁৰ টেছলাৰ ভৱিষ্যতৰ বাবে কিবা পৰিকল্পনা আছে তেন্তে সেইবোৰ কাৰ্যকৰী কৰাত কোনো সমস্যা হ’ব নালাগে।
কোম্পানীটোৰ বছ ৰবিন ডেনহামেও শ্বেয়াৰহোল্ডাৰ বৈঠকত অনুৰোধ কৰে যে, টেছলাৰ ভৱিষ্যতৰ বাবে ইলন মাস্কৰ প্ৰয়োজন। যদি মাস্কে কোম্পানীটো এৰি দিয়ে তেন্তে টেছলাৰ ষ্টকো তীব্ৰভাৱে হ্ৰাস পাব পাৰে।
২০১৮ চনত ইলন মাস্কৰ পে পেকেজক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। সেই সময়ত ইলন মাস্কে তেওঁৰ ৫৫.৮ বিলিয়ন ডলাৰৰ পেকেজৰ বাবে সমৰ্থন প্ৰকাশ কৰিছিল। এইবাৰ সেই পে পেকেজ বা দৰমহা ১ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।
ইলন মাস্কৰ সম্পত্তি বৰ্তমান ৫০০ বিলিয়ন ডলাৰৰ ওপৰত, যাৰ ফলত তেওঁ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে।