শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কিদৰে দাবী কৰিব EPF, FD বা Mutual Fundsৰ উত্তৰাধিকাৰ? জানিলে নপৰে বিপদত

বেংকৰ ফিক্সড ডিপ’জিট, মিউচুৱেল ফাণ্ড, আনকি প্ৰভিডেণ্ট ফাণ্ডৰ ধনো সামান্য ভুলৰ বাবে আৱদ্ধ হৈ পৰিব পাৰে। এই সম্পত্তিসমূহৰ উত্তৰাধিকাৰ দাবী কৰাৰ সমগ্ৰ প্ৰক্ৰিয়া মাত্ৰ দুটা মূল কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। এই কাৰক দুটা হৈছে মনোনীত ব্যক্তি আছে নে নাই আৰু বৈধ উইল কৰা হৈছে নে নাই।

কিদৰে দাবী কৰিব EPF, FD বা Mutual Fundsৰ উত্তৰাধিকাৰ? জানিলে নপৰে বিপদত
সম্পত্তিৰ উত্তৰাধিকাৰৰ নিয়মImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 07 Nov 2025 14:09 PM

পৰিয়ালৰ এগৰাকী সদস্যৰ আকস্মিক মৃত্যুৰ পিছত স্বাভাৱিকতেই শোকস্তব্ধ হৈ পৰে সকলো ইয়াৰ সমান্তৰালকৈ পৰিয়াললৈ আহি পৰে এক বিশেষ প্ৰশ্ন পৰিয়ালৰ মৃত সদস্যজনে এৰি থৈ যোৱা সম্পত্তিৰ কি হব? বেংকৰ ফিক্সড ডিপ’জিট, মিউচুৱেল ফাণ্ড, আনকি প্ৰভিডেণ্ট ফাণ্ডৰ ধনো সামান্য ভুলৰ বাবে আৱদ্ধ হৈ পৰিব পাৰে। এই সম্পত্তিসমূহৰ উত্তৰাধিকাৰ দাবী কৰাৰ সমগ্ৰ প্ৰক্ৰিয়া মাত্ৰ দুটা মূল কাৰকৰ ওপৰত নিৰ্ভৰ কৰে এই কাৰক দুটা হৈছে মনোনীত ব্যক্তি আছে নে নাই আৰু বৈধ উইল কৰা হৈছে নে নাই।

সম্পত্তি কেনেকৈ দাবী কৰিব?

আইন অনুসৰি উইল থাকিলে নিষ্পত্তিকাৰী ব্যক্তিজনে প্ৰবেট ল’ব লাগে। এই প্ৰবেট হৈছে আদালতৰ পৰা পোৱা প্ৰমাণ পত্ৰ ইয়াৰ জৰিয়তে ব্যক্তিজনে সম্পত্তি হস্তান্তৰৰ ক্ষমতা লাভ কৰে। যদি কোনো উইল নাথাকে তেতিয়া আইনী উত্তৰাধিকাৰীসকলে আদালতৰ পৰা উত্তৰাধিকাৰ প্ৰমাণপত্ৰ ল’ব লাগে। এই প্ৰমাণপত্ৰই সম্পত্তিৰ ওপৰত আইনী অধিকাৰ প্ৰমাণ কৰে। ইয়াৰ পিছত স্থানীয় পৌৰসভাত নাম পঞ্জীয়ন কৰি নিজৰ নাম পঞ্জীয়ন কৰাটো প্ৰয়োজনীয়

EPF, FD আৰু Mutual Funds নিয়ম

EPF ধনঃ যদি কোনো মনোনীত ব্যক্তি থাকে, তেতিয়া তেওঁ UMANG App জৰিয়তে বা প্ৰ-পত্ৰ পূৰণ কৰি সহজেই দাবী কৰিব পাৰে। উত্তৰাধিকাৰীজনে দাবী কৰাৰ লগে লগে পি এফ বেলেঞ্চ, পেঞ্চনৰ ধন পায়। যদি কোনো মনোনীত ব্যক্তি নাথাকে তেতিয়া আইনী উত্তৰাধিকাৰীসকলে আইনী উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰ আৰু পৰিয়ালৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।

বেংক FD ধনঃ যদি এই একাউণ্ট যৌথ হয়, তেতিয়া জীয়াই থকা ব্যক্তিজনে সহজেই দাবী কৰিব পাৰেযদি কোনো মনোনীত ব্যক্তি থাকে, তেতিয়া তেওঁ মৃত্যুৰ প্ৰমাণ পত্ৰ আৰু KYC জমা দিব লাগেযদি কোনো মনোনীত বা যৌথ একাউণ্ট নাই, তেতিয়া আপুনি উত্তৰাধিকাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।

Mutual Funds ধনঃ এই ক্ষেত্ৰতো যদি কোনো মনোনীত ব্যক্তি থাকে, তেতিয়া ট্ৰেন্সমিছন ৰিকুৱেষ্ট জমা দি ট্ৰেন্সফাৰ কৰাটো সহজ হৈ পৰে। আনহাতে যদি কোনো মনোনীত ব্যক্তি নাথাকে, তেতিয়া উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰ, ক্ষতিপূৰণ বণ্ড আৰু আপত্তিবিহীন প্ৰমাণ পত্ৰৰ প্ৰয়োজন হয়

আপুনি কি কৰা উচিত?

বিত্তীয় বিশেষজ্ঞসকলে কয় যে সামান্য ভুল হ’লে দাবী নকৰা ধন সংশ্লিষ্ট পুঁজিৰ আনক্লেইমড ডিভিডেণ্ড এণ্ড ৰিডেম্পচন একাউণ্টলৈ যায়। গতিকে আপোনাৰ সকলো সম্পত্তিত মনোনীত ব্যক্তিৰ নাম শুদ্ধ হৈ আছে নে নাই আজিয়েই পৰীক্ষা কৰক লগতে আপুনি যিগৰাকী ব্যক্তিৰ সম্পত্তিৰ উত্তৰাধিকাৰী, তেওঁৰ সম্পত্তিত আপোনাৰ নাম শুদ্ধ হৈ থকাটোও প্ৰয়োজনীয়।