ড’নাল্ড ট্ৰাম্পৰ জয়ে ভাৰতলৈ আনিছে সুখৰ বতৰা: শীঘ্ৰে হ্ৰাস পাব পেট্ৰ’ল- ডিজেলৰ দাম!

আমেৰিকাত ডনাল্ড ট্ৰাম্পৰ উভতি অহাৰ লগে লগে বিশ্বত কি পৰিৱৰ্তন হ'ব সেয়া জানুৱাৰীত ক্ষমতা পৰিৱৰ্তনৰ পিছতহে গ'ম পোৱা যাব। কিন্তু ভাৰতৰ সাধাৰণ জনতাই অতি শীঘ্ৰেই এটা সুখবৰ পাব পাৰে। সেয়া হৈছে সস্তীয়া পেট্ৰ'ল আৰু ডিজেল ।

ডনাল্ড ট্ৰাম্পৰ জয়ে ভাৰতলৈ আনিছে সুখৰ বতৰা: শীঘ্ৰে হ্ৰাস পাব পেট্ৰল- ডিজেলৰ দাম!

শীঘ্ৰে হ্ৰাস পাব পেট্ৰ'ল- ডিজেলৰ দাম!

Updated On: 

14 Nov 2024 | 07:27 PM

ড’নাল্ড ট্ৰাম্পৰ আমেৰিকাৰ ক্ষমতালৈ উভতি অহাৰ বাবে বিশ্বত বহুতো পৰিৱৰ্তন হ’ব বুলি আশা কৰা হৈছে। অহা বছৰ জানুৱাৰীত ড’নাল্ড ট্ৰাম্পে শপত লোৱাৰ লগে লগে পৰিৱৰ্তন হ’ব আমেৰিকাৰ ক্ষমতা। ইয়াৰ লগে লগে প্ৰভাৱিত হ’ব বিশ্বৰ বহুতো নীতি। কিন্তু ভাৰতৰ সাধাৰণ লোকৰ বাবে এই সৰ্বশ্ৰেষ্ঠ লাভ হ’ব পাৰে। কিয়নো ভাৰতীয় লোকসকলে সস্তাতে পেট্ৰ’ল আৰু ডিজেল পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

এই সন্দৰ্ভত  ভাৰতৰ পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে, ড’নাল্ড ট্ৰাম্পৰ উভতি অহাৰ ফলত বিশ্বত খাৰুৱা তেলৰ যোগান বৃদ্ধি পাব। যাৰ বাবে ইয়াৰ দাম হ্ৰাস হ’ব বুলি আশা কৰা হৈছে আৰু ভাৰত ইয়াৰ পৰা যথেষ্ট লাভান্বিত হ’ব।

খাৰুৱা তেলৰ যোগান বৃদ্ধি হ’ব

হৰদীপ সিং পুৰীয়ে এক অনুষ্ঠানত কয় যে, “বিশ্ব বজাৰত খাৰুৱা তেলৰ যোগান বৃদ্ধি পাব। বজাৰত আমেৰিকাৰ পৰা আহিব বহু পৰিমাণৰ খাৰুৱা তেল । আমেৰিকাত বৰ্তমান প্ৰতিদিনে ১৩ লাখ বেৰেল (MBD) হাৰত খাৰুৱা তেল উৎপাদন হয়। যি প্ৰতিদিনে আৰু ১০ লাখ বেৰেল উৎপাদন বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। বিশ্বাস কৰক ড’নাল্ড ট্ৰাম্পৰ বিজয়ৰ পিছত এয়া নিশ্চিতভাৱে সম্ভৱ হ’ব।”

ইটিৰ এক খবৰ অনুসৰি, যদি আমেৰিকাৰ খাৰুৱা তেলৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি হয়,  খাৰুৱা তেলৰ আন্তৰ্জাতিক দামৰ ওপৰত চাপ হ্ৰাস হ’ব। চীনৰ চাহিদাৰ হ্ৰাস আৰু খাৰুৱা তেলৰ উৎপাদন বৃদ্ধিয়ে ইতিমধ্যে ইয়াৰ দাম সামান্য হ্ৰাস কৰিছে।

ইমান দাম হ্ৰাস হ’ব পাৰে

কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে খাৰুৱা তেলৰ দাম প্ৰতি বেৰেলত ৭০ ডলাৰলৈকে হ্ৰাস পাব পাৰে। এয়া ভাৰত আৰু বিশ্বৰ বাবে ভাল খবৰ হ’ব। অৱশ্যে, ইউৰোপত ৰাছিয়া আৰু ইউক্ৰেইন আৰু মধ্য প্ৰাচ্যত ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষ আৰু তেল উৎপাদক দেশসমূহৰ উৎপাদন হ্ৰাসৰ ফলত খাৰুৱা তেলৰ দামৰ ওপৰত সামান্য প্ৰভাৱ পৰিব পাৰে।

অৱশ্যে, ড’নাল্ড ট্ৰাম্পৰ উভতি অহাৰ লগে লগে, আশা শক্তিশালী হৈ পৰিছে যে তেওঁ ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ সংঘৰ্ষ সমাধানত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। একে সময়তে,ইজৰাইল পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈও কাম কৰিব পাৰে। যদি এনে হয়, তেন্তে সমগ্ৰ বিশ্বতে পৰিস্থিতি দ্ৰুতগতিত সলনি হোৱা দেখা যাব।

 

লগতে পঢ়ক: চন্দ্ৰযান-মংগলযানে নহয়, দেশৰ জিডিপিলৈও ISROয়ে আগবঢ়াইছে বিশেষ অৱদান!

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...