অভিনেত্ৰী দীপিকা পাডুকনৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান? এই কামৰ বাবে দিব লাগিব বছৰি ৭৩ লাখ টকা…

'হলিউড ৱাক অৱ ফেম'ত নাম পঞ্জীয়ন অভিনেত্ৰী দীপিকা পাডুকনৰ। ইয়াৰ বাবে বছৰি লাখ লাখ টকা খৰচ কৰিব লাগিব অভিনেত্ৰীগৰাকীয়ে। পিছে আপুনি জানেনে, অভিনেত্ৰীগৰাকীৰ ওচৰত কিমান টকাৰ সম্পত্তি আছে?

অভিনেত্ৰী দীপিকা পাডুকনৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান? এই কামৰ বাবে দিব লাগিব বছৰি ৭৩ লাখ টকা...

দীপিকা পাডুকন

Published: 

04 Jul 2025 09:57 AM

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন। কেৱল ভাৰততে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো দীপিকাৰ জনপ্ৰিয়তা অধিক। নিজৰ কেৰিয়াৰত দীপিকাই বহু সন্মান, বঁটা আদি লাভ কৰিছে। শেহতীয়াকৈ দীপিকাই এক ডাঙৰ কৰ্তৃত্ব লাভ কৰিছে। তেওঁৰ নাম ‘হলিউড ৱাক অৱ ফেম’ত পঞ্জীয়ন কৰা হৈছে। যিকোনো তাৰকাৰ বাবে এইটো এটা ডাঙৰ সন্মান বুলি গণ্য কৰা হয়। কিন্তু আপুনি জানেনে যে এই ষ্টাৰ ৰক্ষণাবেক্ষণৰ বাবে দীপিকাই প্ৰতি বছৰে ৭৩ লাখ টকা পৰ্যন্ত খৰচ কৰিব লাগিব?

হলিউড ৱাক অৱ ফেম

হলিউড ৱাক অৱ ফেমত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু তাৰকা শিল্পীৰ নাম আছে। ই আমেৰিকাৰ লছ এঞ্জেলছৰ হলিউড বলিভাৰ্ড আৰু ভিন ষ্ট্ৰীটত অৱস্থিত। এই বিশেষ ঠাইত স্থান লাভ কৰিবলৈ খ্যাতিৰ লগতে বছৰি খৰচৰো প্ৰয়োজন।

কিয় লাভ কৰিলে সন্মান

দীপিকা পাডুকনে বলীউডত তেওঁৰ সৌন্দৰ্যৰ লগতে অভিনয়ৰে বিভিন্নজনৰ মন জয় কৰিবলৈ সক্ষম হৈছে। হলীউডৰো বহুত ছবিত দেখা গৈছে অভিনেত্ৰীগৰাকীক। xXx: Return of Xander Cage ৰ দৰে আন্তঃৰাষ্ট্ৰীয় ছবি আৰু মেট গালাৰ দৰে বিশ্বব্যাপী অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছে।  ইয়ে তেওঁক সমগ্ৰ বিশ্বতে এক জনপ্ৰিয় তাৰকা কৰি তুলিছে। এই কাৰণেই দীপিকাক ৱাক অৱ ফেমত স্থান দিয়া হয়।

প্ৰতি বছৰে ৭৩ লাখ কিয়

খবৰ অনুসৰি হলিউড ৱাক অৱ ফেমত স্থান লাভ কৰাৰ পাছতে প্ৰতিজন চেলিব্ৰিটিয়ে বছৰি ইয়াৰ ৰক্ষণাবেক্ষণৰ বাবে যথেষ্ট পৰিমাণৰ ধন দিব লাগে। এই ধন ষ্টাৰ চাফাই, নিৰাপত্তা, যত্ন লোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। এই সন্মান অটুট ৰাখিবলৈ দীপিকা পাডুকনে প্ৰতি বছৰে প্ৰায় ৮৮,০০০ ডলাৰ অৰ্থাৎ প্ৰায় ৭৩ লাখ টকা খৰচ কৰিব।

দীপিকা কিমান সম্পত্তিৰ মালিক

সংবাদ মাধ্যমৰ খবৰ অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ ৫০০ কোটিতকৈও অধিক। ছবিৰ বাহিৰেও বিজ্ঞাপন, নিজা ব্ৰেণ্ড আৰু প্ৰডাকচন হাউছৰ জৰিয়তে বহু উপাৰ্জন কৰে। গতিকে বছৰি ৭৩ লাখ খৰচ কৰ দীপিকাৰ বাবে কোনো ডাঙৰ কথা নহয়।

 

অন্য খবৰ পঢ়কঃ ব্লাউজটো খুলি দিয়া, নহ’লে…হঠাৎ ৰাজ কাপুৰে অভিনেত্ৰীৰ শাড়ীখন টানি দিছিল আৰু…

শনি দেৱৰ পূজাত নকৰিব এই ৩ টা বস্তুৰ ব্যৱহাৰ, নহ’লে সৰ্বনাশ!
জটিল স্বাস্থ্যজনিত সমস্যাৰ এটা সৰল প্ৰতিকাৰ, কিয় দৈনিক নৰিসংহ পাত খাব লাগে?
কেঁচা পিঁয়াজৰ এনে গুণাৱলীৰ কথা জানেনে? জানিলে আপুনিও নিতে ল’ব খাবলৈ
চাণক্য নীতি: সন্মানীয় আৰু সফল হ'বলৈ থাকিব লাগিব এই ৪টা গুণ