দালাই লামাই কেনেকৈ উপাৰ্জন কৰে ধন? মুঠ সম্পত্তিৰ পৰিমাণ শুনিলে আচৰিত হ’ব আপুনি…

Dalai lama Net worth: বৰ্তমান বিশেষ চৰ্চাত আছে তিব্বতীয় ধৰ্মগুৰু দালাই লামা। শীঘ্ৰেই তেওঁৰ উত্তৰাধিকাৰী ঘোষণা কৰা হ'ব। পিছে দালাই লামাৰ সম্পত্তিৰ পৰিমাণ আপুনি জানেনে?

দালাই লামাই কেনেকৈ উপাৰ্জন কৰে ধন? মুঠ সম্পত্তিৰ পৰিমাণ শুনিলে আচৰিত হব আপুনি...

দালাই লামা

Published: 

02 Jul 2025 | 04:12 PM

সম্ভৱতঃ বহুতে নাজানে, দালাই লামা কোনো নাম নহয়, ই হৈছে এটা পদ। তিব্বতী বৌদ্ধ ধৰ্মৰ ইতিহাসত ১৪ জন দালাই লামা (Dalai lama) আছে। বৰ্তমানৰ ১৪ নং দালাই লামাৰ বয়স ৬ জুলাইত ৯০ বছৰ হ’ব। ১৪ নম্বৰগৰাকী দালাই লামাৰ প্ৰকৃত নাম আছিল লামো ধোণ্ডুপ।১৯৫৯ চনত চীনৰ শাসনৰ বিৰুদ্ধে ব্যৰ্থ বিদ্ৰোহৰ পিছত হাজাৰ হাজাৰ তিব্বতী ভাৰতলৈ আহিছিল। এই তিব্বতৰ লোকসকল তেওঁৱেই লৈ আহিছিল। তেতিয়াৰ পৰা তেওঁ ভাৰতত আশ্ৰয় লৈ আছে।

বহুতৰ মনত বৰ্তমানৰ দালাই লামাক লৈ বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন উত্থাপন হয়। তেওঁ কেনেকৈ জীৱন কটায়? তেওঁ কেনেকৈ টকা উপাৰ্জন কৰে? আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান? বৰ্তমান সময়ত তেওঁৰ উত্তৰাধিকাৰী সন্দৰ্ভত চৰ্চা চলি আছে, গতিকে এই বিষয়বোৰ জনা গুৰুত্বপূৰ্ণ। তেওঁ কেনেকৈ টকা উপাৰ্জন কৰে আৰু কিমান ধন-সম্পত্তি আছে এই লেখাটোত উল্লেখ কৰা হ’ল।

মুঠ সম্পত্তি

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, দালাই লামাৰ সম্পত্তিৰ পৰিমাণ ১৫০ মিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে। নিঃসন্দেহে এই সম্পত্তিৰ পৰিমাণে সকলোকে আচৰিত কৰি তুলিছে। অৱশ্যে ইয়াৰ আঁৰত কাৰণ আছে। কিয়নো দালাই লামাৰ জীৱন শৈলী চাই ক’ব পাৰি যে তেওঁক ইমান সম্পত্তিৰ প্ৰয়োজন নাই। ভাৰতীয় টকাৰ হিচাপত এই সম্পত্তিৰ পৰিমাণ প্ৰায় ১,৩০০ কোটি টকা। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এইটো নিশ্চিতভাৱে চাঞ্চল্যকৰ পৰিসংখ্যা। কিন্তু দালাই লামাই প্ৰতিদিনে বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰি আছে?

কেনেকৈ উপাৰ্জন কৰে

দালাই লামাই ডাঙৰ অনুষ্ঠানত ভাষণ, কিতাপ বিক্ৰী, দান-বৰঙণি, ব্যক্তিগত শিক্ষাৰ আদি জৰিয়তে ধন উপাৰ্জন কৰে। কোৱা হয়, দালাই লামালৈ আগবঢ়োৱা সকলো অনুদান বিভিন্ন মানৱীয় আৰু শৈক্ষিক প্ৰকল্পৰ সহায়ত ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি তেওঁৰ আত্মজীৱনী “ফ্ৰিডম ইন এক্সাইল” আৰু ছবি, বিজ্ঞাপন আৰু অন্যান্য সংবাদ মাধ্যমত ব্যৱহাৰৰ বাবে তেওঁৰ ছবিখনৰ অনুজ্ঞাপত্ৰৰ পৰা ৰয়েল্টি লাভ কৰে। যাৰ বাবে তেওঁৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছে।

কিয় চৰ্চাত আছে

বৰ্তমান সময়ত দালাই লামা চৰ্চাত আছে। ৬ জুলাইত তেওঁৰ বয়স ৯০ বছৰ হ’ব। ইয়াৰোপৰি শীঘ্ৰেই তেওঁৰ উত্তৰাধিকাৰী ঘোষণা কৰা হ’ব। তেওঁ ঘোষণা কৰিছে যে তেওঁৰ পাছতো সংগঠনটোৱে কাম-কাজ চলাই যাব। অৰ্থাৎ দলাই লামাৰ পাছত এই অনুষ্ঠানটোৰ দায়িত্ব আন কোনোৱে গ্ৰহণ কৰিব। ৬ জুলাইত তেওঁৰ উত্তৰাধিকাৰী ঘোষণা হ’ব।

 

 

অন্য খবৰ পঢ়কঃ Railway fare hike: আজিৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া! কি প্ৰভাৱ পৰিব মধ্যবিত্তৰ পকেটত…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...