Tata, Air India: অভিশপ্ত বিমান দুৰ্ঘটনা, ২৪২ জন লোকৰ মৃত্যুৰ আশংকা, বিপদত পৰিব নেকি টাটা?

Effect On Tata: এই ঘটনাই কেৱল টাটা গ্ৰুপকে প্ৰভাৱিত নকৰে। ভাৰতীয় অন্য বিমান সেৱাৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব।

Tata, Air India: অভিশপ্ত বিমান দুৰ্ঘটনা, ২৪২ জন লোকৰ মৃত্যুৰ আশংকা, বিপদত পৰিব নেকি টাটা?

অভিশপ্ত বিমান দুৰ্ঘটনা

Updated On: 

13 Jun 2025 | 03:26 PM

বৃহস্পতিবাৰে আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ ড্ৰীমলাইনাৰ বিমান। বিমানখনত আছিল ২৪২ গৰাকী লোক। সংবাদ সংস্থা এ এন আইৰ তথ্য অনুসৰি এই বিমানখনত পাইলট আৰু কেবিন ক্ৰুকে ধৰি প্ৰায় সকলো লোকৰ মৃত্যু হ’ব পাৰে। অৱশ্যে এনে শংকাক ভুল প্ৰমাণিত কৰি প্ৰাণ ৰক্ষা পৰিছে এজন যাত্ৰীৰ। এই বিমান দুৰ্ঘটনা ভাৰতীয় বিমান পৰিবহণৰ ইতিহাসত কেৱল এটা ক’লা অধ্যায় হৈ ৰ’ল। এই অভিশপ্ত দুৰ্ঘটনাটোৰ প্ৰভাৱ এয়াৰ ইণ্ডিয়াৰ প্ৰধান অংশীদাৰ টাটা গ্ৰুপৰ ওপৰত বৰ বেয়াকৈ পৰিব পাৰে।

১৯৩২ চনত জে আৰ ডি টাটাই টাটা এয়াৰলাইন্স আৰম্ভ কৰে। স্বাধীনতাৰ পিছত ১৯৪৮ চনত চৰকাৰে টাটা এয়াৰলাইন্সত অংশীদাৰিত্ব বৃদ্ধি কৰে। পিছলৈ জৱাহৰলাল নেহৰুৰ দিনত টাটা এয়াৰলাইন্স ৰাষ্ট্ৰীয়কৰণ (Nationalisation) হয়। পৰৱৰ্তী সময়ত ২০২২ চনৰ ২৭ জানুৱাৰীত টাটা গ্ৰুপে আনুষ্ঠানিকভাৱে এয়াৰ ইণ্ডিয়াৰ ৭৪.৯ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰে। এয়াৰ ইণ্ডিয়াৰ বাকী ২৫.১ শতাংশ ছিংগাপুৰ এয়াৰলাইন্সৰ মালিকানাধীন।

অৱশ্যে এই ঘটনাই কেৱল টাটা গ্ৰুপকে প্ৰভাৱিত নকৰে। ভাৰতীয় অন্য বিমান সেৱাৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব। ইতিমধ্যে ইণ্ডিগ’ আৰু স্পাইচজেটৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে। ইয়াৰোপৰি টাটাৰো কেইবাটা শ্বেয়াৰৰ মূল্য কমি আহিছে। ইয়াৰ ভিতৰত টাটা কনচালটেন্সি চাৰ্ভিচেছ (Tata Consultancy Services), টাটা টেকন’লজিছ (Tata Technologies)
অন্তৰ্গত।

বিশেষজ্ঞসকলৰ মতে, ভয়ংকৰ দুৰ্ঘটনাটোৱে টাটা ব্ৰেণ্ডৰ ভাবমূৰ্তি নিঃসন্দেহে বিনষ্ট কৰিব। এয়াৰ ইণ্ডিয়া অধিগ্ৰহণৰ পিছত বিমান সংস্থাটোৱে ভিষ্টাৰ আৰু এয়াৰ এছিয়া ইণ্ডিয়াৰ সৈতে একত্ৰিত হৈ এয়াৰ ইণ্ডিয়াক আধুনিকীকৰণৰ পৰিকল্পনাত  কিছু বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে।

আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাটোত স্তব্ধ হৈ পৰিছে এয়াৰ ইণ্ডিয়া আৰু টাটা গ্ৰুপ। Tata Sons ৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে টুইটযোগে প্ৰতিজন মৃতকৰ পৰিয়াললৈ টাটাৰ তৰফৰ পৰা ১ কোটি টকা ক্ষতিপূৰণ প্ৰদান কৰিব বুলি জনায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...