আদানীৰ বন্দৰত ইৰাণৰ ডাঙৰ আক্ৰমণ! কি সঁচা কি মিছা, জানক…

ইজৰাইল-ইৰাণৰ মাজত চলি থকা উত্তেজনাৰ মাজতে আহিছে এক ডাঙৰ খবৰ। শেহতীয়াকৈ খবৰ আহিছিল যে , ইৰাণৰ আক্ৰমণত এছিয়াৰ আটাইতকৈ ধনী ব্যৱসায়ী গৌতম আদানী ক্ষতিৰ সন্মুখীন হৈছে।

আদানীৰ বন্দৰত ইৰাণৰ ডাঙৰ আক্ৰমণ! কি সঁচা কি মিছা, জানক...

আদানী

Updated On: 

16 Jun 2025 14:11 PM

অব্যাহত আছে ইজৰাইল আৰু ইৰাণৰ মাজত উত্তেজনা। ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ চলোৱাৰ পাছতে ইৰাণেও কৰি গৈছে এটাৰ পাছত আনটো আক্ৰমণ। এই আক্ৰমণৰ মাজতেই খবৰ আহিছিল যে , ইৰাণৰ আক্ৰমণত এছিয়াৰ আটাইতকৈ ধনী ব্যৱসায়ী গৌতম আদানী ক্ষতিৰ সন্মুখীন হৈছে। কিন্তু এই খবৰ মিছা। দেওবাৰে আদানী গ্ৰুপৰ মুখ্য বিত্তীয় বিষয়া জুগেশিন্দৰ ৰবি সিঙে কয় যে ইৰাণৰ বেলিষ্টিক মিছাইল আক্ৰমণৰ ফলত ইজৰাইলৰ হাইফা বন্দৰ কোম্পানীটোৰ ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি মিছা।

উল্লেখ কৰা প্ৰয়োজন যে, ইৰাণৰ পাৰমাণৱিক ঘাটিত ইজৰাইলে কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে এই আক্ৰমণ চলিছিল। এই সময়চোৱাত ইৰাণে ইজৰাইলৰ হাইফা বন্দৰ আৰু ইয়াৰ ওচৰৰ তেল শোধনাগাৰক লক্ষ্য কৰি লয়।

সূত্ৰ অনুসৰি জানিব পৰা মতে, পোৰ্টছৰ ৰাসায়নিক টাৰ্মিনেলত শাৰ্পনেল আৰু শোধানগৰটোৰ কিছু অংশত ক্ষেপনাস্ত্ৰৰ টুকুৰা পৰে। কিন্তু ইয়াৰ ফলত কোনো হতাহতি হোৱা নাই। সূত্ৰই জনাই যে, কিশন ৱেষ্ট ((হাইফা বন্দৰ)ত এটা ইন্টাৰচেপ্টৰ শ্ব্ৰেপনেলৰ টুকুৰা উদ্ধাৰ কৰা হৈছে, কিন্তু এতিয়ালৈকে কোনো লোকৰ ক্ষতিৰ খবৰ লাভ কৰা নাই।

সংবাদ সংস্থা পিটিআইয়ে নিজৰ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ বেলিষ্টিক মিছাইলৰ আক্ৰমণৰ ফলত বন্দৰটোৰ কাম-কাজত কোনো ক্ষতি হোৱা নাই। বৰ্তমান স্বাভাৱিক অৱস্থাত কাম কাজ চলি আছে। সূত্ৰ অনুসৰি , এই বন্দৰটোৰ পৰা দেওবাৰে ৮ খন জাহাজত সামগ্ৰীত সামগ্ৰী উঠোৱা হয়। বন্দৰটোত বৰ্তমান ৭০০ কৰ্মচাৰীয়ে কাম কৰি আছে।

সংবাদ সংস্থা পি টি আইয়ে কয় যে, বন্দৰটোৱে ইজৰাইলৰ পৰিবহণ মন্ত্ৰালয়ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে আৰু ইজৰাইল চৰকাৰৰ নিৰাপত্তা আৰু অন্যান্য প্ৰয়োজনীয়তাসমূহ সম্পূৰ্ণৰূপে মানি চলিছে। চীনৰ বন্দৰ (হাইফাৰ ওচৰত থকা)টোৰ কাম কাজো বৰ্তমান স্বাভাৱিকভাবে চলি আছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে ইজৰাইলৰ চৰকাৰে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, ইজৰাইলৰ হাইফা বন্দৰত আদানী প’ৰ্টছৰ ৭০ শতাংশ অংশীদাৰিত্ব আছে। ২০২৩ চনত ইজৰাইলৰ গাড’ট গ্ৰুপৰ সৈতে অংশীদাৰিত্বৰে  আদানী গ্ৰুপে ইয়াত ১.২ বিলিয়ন ডলাৰত অধিগ্ৰহণ কৰিছিল। উত্তৰ ইজৰাইলত কৌশলগতভাৱে অৱস্থিত আদানি পোৰ্টছৰ বাৰ্ষিক কাৰ্গো ভলিয্যুমত প্ৰায় ৩ শতাংশ এই বন্দৰটোৱে অৰিহণা যোগায়।

ইজৰাইলৰ আমদানি আৰু ৰপ্তানিৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। হাইফা বন্দৰে ইজৰাইলৰ ৩০ শতাংশতকৈ অধিক আমদানিৰ চম্ভালি এক গুৰুত্বপূৰ্ণ সামুদ্ৰিক কেন্দ্ৰ হিচাপে কাম কৰে। বহুতে এই বন্দৰটো ক্ষতিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰিছে যদিও আদানী গ্ৰুপে এই কথা স্বীকাৰ কৰিছে। ইয়াৰোপৰি এই সন্দৰ্ভত এতিয়ালৈকে চৰকাৰী কোনো বিবৃতি প্ৰকাশ পোৱা নাই।

 

অন্য খবৰ পঢ়কঃ নতুন বিপদৰ আশংকা! ট্ৰাম্পৰ সকীয়নিৰ পাছতে আমেৰিকাৰ সামৰিক ঘাটিত ভয়ংকৰ ড্ৰ’ণ আক্ৰমণ..

নিমিষতে মুখৰ আলচাৰৰ পৰা উপশম পোৱাৰ ঘৰুৱা উপায়...জানক
পুৰীৰ ৰথ যাত্ৰাৰ আছে বহু ৰহস্য, জানিলে আপোনাৰ মন ভৰি পৰিব …
ভাৰতৰ ১০০ টকাৰ মূল্য ইৰাণত কিমান হয় জানেনে? জানক...
ঘৰৰ বাৰীত নাৰিকলৰ গছ থাকিলে কি হয় ? পৰিয়ালটোৰ ভৱিষ্যতৰ বাবে ভাল নে বেয়া ?