২,৪০০ কোটি! বিদেশৰ পৰা টকা লৈ ঋণ পৰিশোধ কৰিব আদানীয়ে…

ঋণ ল'বলৈ সাজু হৈছে বিশ্বৰ ধনী ব্যক্তি গৌতম আদানী। শেহতীয়াকৈ আদানীয়ে বিশ্বৰ ঋণদাতাৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছে। এই টকা তেওঁ বিভিন্ন কামত ব্যৱহাৰ কৰিব।

২,৪০০ কোটি! বিদেশৰ পৰা টকা লৈ ঋণ পৰিশোধ কৰিব আদানীয়ে...

গৌতম আদানী

Published: 

20 Aug 2025 | 07:00 PM

বিশ্বৰ ধনী ব্যক্তিৰ ভিতৰত গৌতম আদানী অন্যতম। বিশ্বব্যাপী তেওঁৰ বিভিন্ন ব্যৱসায় আছে। শেহতীয়াকৈ আদানী গ্ৰুপৰ দুটা গুৰুত্বপূৰ্ণ কোম্পানীয়ে আন্তঃৰাষ্ট্ৰীয় বেংকৰ পৰা প্ৰায় ২৭.৫ কোটি আমেৰিকান ডলাৰ (প্ৰায় ২,৪০০ কোটি) টকা সংগ্ৰহ কৰিছে। এই টকা বিদেশী মুদ্ৰাৰ ঋণ হিচাপে লৈছে আদানী গ্ৰুপে। তথ্য অনুসৰি, আদানি এয়াৰপৰ্ট হোল্ডিংছ লিমিটেডে প্ৰায় ১৫ কোটি ডলাৰ সংগ্ৰহ কৰিছে। ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি এই ঋণ বাৰ্কলেছ, ডি বি এছ বেংক, ফাৰ্ষ্ট আবুধাবি বেংক আৰু মিটছুবিচি ইউ এফ জে ফাইনেন্সিয়েল গ্ৰুপ আদিৰ দৰে ডাঙৰ ডাঙৰ বেংকৰ পৰা লৈছে।

এয়া এক চিণ্ডিকেটেড ঋণ, অৰ্থাৎ বহুকেইটা বেংকে যৌখভাৱে এই ঋণ আদানীক দিছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি, এই ঋণ ৪ বছৰৰ বাবে লৈছে আৰু ইয়াৰ সুতৰ হাৰ SOFR (Secured Overnight Financing Rate)তকৈ প্ৰায় ৩০০ বেছিছ পইণ্ট বেছি।

পোৰ্ট ইউনিটলৈ ১২.৫ কোটি ডলাৰ

আদানী পোৰ্টছ এণ্ড স্পেচিয়েল ইকনমিক জোন লিমিটেডে ১২.৫ কোটি ডলাৰ লাভ কৰিছে। এয়া এক বিলেট্ৰল চুক্তি যি মিটছুবিচি ইউ এফ জে ফাইনেন্সিয়েল গ্ৰুপৰ সৈতে কৰা হৈছে। এই ঋণো ৪ বছৰৰ বাবে আৰু ইয়াৰ সুতৰ হাৰ SOFR তকৈ ২১৫ বেচিচ পইন্ট বেছি।

ক’ত খৰচ হ’ব এই ধন?

আদানী গ্ৰুপে এই ঋণ লোৱাৰ মূল উদ্দেশ্য হৈছে ডলাৰ বণ্ড বাইবেক অৰ্থাৎ পুৰণি ঋণ পৰিশোধ কৰা আৰু মূলধনী ব্যয় অৰ্থাৎ আন্তঃগাঁথনিত বিনিয়োগ আৰু ক্ষমতা সম্প্ৰসাৰণ।

তথ্য অনুসৰি, যোৱা ৬ মাহত আদানী গ্ৰুপে প্ৰায় ১০ আৰৱ ডলাৰ নতুন ক্ৰেডিট ফেচিলিটিত স্বাক্ষৰ কৰিছে। এয়া তেওঁলোকৰ মুঠ ঋণৰ প্ৰায় এক তৃতীয়াংশ। ইয়াৰ বাবে শেহতীয়াকৈ S&P গ্ল’বেল ৰেটিঙে আদানি গ্ৰুপৰ তিনিটা কোম্পানীৰ ৰেটিংৰ ওপৰত ইতিবাচক দৃষ্টিভংগী আৰোপ কৰিছে। ইয়াৰ কাৰণ আদানীয়ে উন্নত ঋণৰ সুবিধা লয় বুলি কয়।

পূৰ্বেও লৈছিল

ইয়াৰ পূৰ্বে যোৱা জুন মাহত আদানী বিমানবন্দৰৰ দ্বাৰা পৰিচালিত মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডে Apollo Global Management আৰু অন্যান্য বিনিয়োগকাৰীৰ পৰা প্ৰায় ৭৫ কোটি ডলাৰ সংগ্ৰহ কৰিছিল। ইয়াৰ লগত ২৫ কোটি ডলাৰৰ অতিৰিক্ত পুঁজিৰ সুবিধা  আছিল। এই ধন বিমানবন্দৰটোৰ সম্প্ৰসাৰণ আৰু উন্নীতকৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব।

 

অন্য খবৰ পঢ়কঃ চৰাইদেউৰ ঐতিহাসিক ভূঞা পুখুৰীত প্ৰশাসনৰ উচ্ছেদ, ভাঙি পেলোৱা হ’ল বেদখলকাৰীৰ বাসগৃহ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব