PM Vishwakarma scheme: ২.০২ লাখ লোকে পালে চৰকাৰৰ এই আঁচনিৰ সুবিধা, জানক কেনেকৈ কৰিব আবেদন

মিস্ত্ৰী, ভাস্কৰ্য শিল্পীসকলৰ কথা ভাবি পি এম বিশ্বকৰ্মা আঁচনিৰ আৰম্ভ কৰিছে। এই আঁচনিত ১৮ টা পৰম্পৰাগত কামত নিয়োজিত লোকক অন্তৰ্ভুক্ত কৰিছে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত সৰ্বোচ্চ ৩ লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব পাৰিব। য'ত ৫ শতাংশ সুত দিব লাগিব।

PM Vishwakarma scheme: ২.০২ লাখ লোকে পালে চৰকাৰৰ এই আঁচনিৰ সুবিধা, জানক কেনেকৈ কৰিব আবেদন

২.০২ লাখ লোকে পালে এই আঁচনিৰ সুবিধা

Updated On: 

14 Jan 2025 13:54 PM

PM Vishwakarma Yojana: ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে দেশৰ মিস্ত্ৰী, ভাস্কৰ্য শিল্পী আদিৰ মুখত হাঁহি বিৰিঙাবলৈ পি এম বিশ্বকৰ্মা আঁচনি আৰম্ভ কৰিছিল, য’ত চৰকাৰে ঋণ প্ৰদান কৰে। এই ঋণ অতি সস্তা আৰু ইয়াৰ সহায়ত নিজৰ দক্ষতাৰ ওপৰত ভিত্তি কৰি এটা ক্ষুদ্ৰ ব্যৱসায় স্থাপন কৰিব পাৰি।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত সুবিধা লাভ কৰা লোকৰ পৰিসংখ্যা প্ৰকাশ পাইছে। ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে, বিগত এবছৰত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ সুবিধা ২.০২ লাখ লোকে লাভ কৰে আৰু ইয়াৰ অধীনত ১৭৫১ কোটি টকাৰ অনুমোদিত ঋণ দিয়া হৈছে।

কি কি কাম কৰাসকলে ঋণ পায়?

মিস্ত্ৰী,হস্তশিল্পৰে জড়িত লোক,শিপিনী, মৃৎশিল্পী,কমাৰ,দৰ্জী,মাছ ধৰা জাল বনোৱা লোক,নাও নিৰ্মাতা,ভাস্কৰ্য শিল্পীসকলকে আৰম্ভ কৰি এই আঁচনিখনত ১৮ ধৰণৰ পৰম্পৰাগত বৃত্তিত নিয়োজিত লোকসকলক অন্তৰ্ভুক্ত কৰা হৈছে।

কিমান পাব ঋণ?

প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত সৰ্বোচ্চ ৩ লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব পাৰি। যাৰ ওপৰত ৫ শতাংশ সুত দিব লাগিব। ঋণৰ ধন হিতাধিকাৰীক ২ কিস্তিত দিয়া হ’ব। প্ৰথম পৰ্যায়ত ১ লাখ টকাৰ ঋণ দিয়া হয় আৰু দ্বিতীয় পৰ্যায়ত ২ লাখ টকাৰ ঋণ দিয়া হয়।

কেনেকৈ কৰিব আবেদন?

প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা অফিচিয়েল ৱেবছাইট pmvishwakarma.gov.in ৰ জৰিয়তে অনলাইনযোগে আবেদন কৰিব পাৰিব। ৱেবছাইট খোলাৰ পিছত Apply Online বিকল্পত ক্লিক কৰিব লাগিব আৰু প্ৰয়োজনীয় তথ্য পূৰণ কৰাৰ পিছত পঞ্জীয়ন সম্পূৰ্ণ কৰিব লাগিব। পঞ্জীয়নৰ বাবে হিতাধিকাৰীৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, আয়ৰ প্ৰমাণ পত্ৰ, পৰিচয় পত্ৰ, বাসস্থানৰ প্ৰমাণ পত্ৰ আৰু বেংকৰ পাছবুক থকাটো বাধ্যতামূলক।

প্ৰস্ৰাৱ জ্বলা-পোৰা, পেটৰ তলৰ অংশত বিষ... মহিলাসকলে ভুলতেও আওকাণ নকৰিব এনে লক্ষণ
সাৱধান! এই ৫ টা অভ্যাসে আপোনাৰ বৃক্ক লাহে লাহে নষ্ট কৰিব পাৰে!
বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...