10 India’s Richest Cities 2025: দেশৰ আটাইতকৈ ধনী চহৰ কোনখন জানেনে ? জনমূৰি আয় প্ৰায় ১১.৪৬ লাখ টকা
জনমূৰি জিডিপিৰ হিচাপে দেশৰ ধনী চহৰৰ তালিকাত স্থান লাভ কৰিছে দক্ষিণৰ এই জিলাখনে। এই জিলাখনৰ জনমূৰি জিডিপি হৈছে ১১.৪৬ লাখ টকা।
ভাৰতৰ আটাইতকৈ ধনী জিলা হিচাপে পৰিগণিত হৈছে তেলেংগানাৰ ৰংগাৰেডী জিলা। জিলাখনৰ জনমূৰি জিডিপি হৈছে প্ৰায় ১১.৪৬ লাখ টকা। ২০২৪–২৫ চনৰ অৰ্থনৈতিক সমীক্ষা অনুসৰি, জনমূৰি জিডিপিৰ হিচাপত ভাৰতৰ আটাইতকৈ ধনী জিলা হিচাপে পৰিগণিত হৈছে তেলেংগানাৰ এই জিলাখন। TOI ৰ এক প্ৰতি প্ৰতিবেদন অনুসৰি, সমীক্ষাটোত গুৰুগ্ৰাম, বেংগালুৰু আৰ্বান, গৌতম বুদ্ধ নগৰ, চলান, উত্তৰ আৰু দক্ষিণ গোৱা, ছিকিমৰ কেইবাখনো জিলা, দক্ষিণ কানাড়া, মুম্বাই, আহমেদাবাদকে ধৰি অন্যান্য শীৰ্ষ জিলাসমূহেও ভাৰতৰ বিকাশত অনন্য অৰিহণা যোগোৱা দেখা গৈছে।
ৰাষ্ট্ৰীয় তালিকাত শীৰ্ষস্থান দখল কৰে তেলেংগানাৰ ৰেংগাৰেডী জিলাই। জিলাখনৰ আই টি খণ্ড, জৈৱ প্ৰযুক্তি আৰু ঔষধ উদ্যোগ আৰু অত্যাধুনিক টেক পাৰ্কে জিলাখনৰ প্ৰগতিত অৰিহণা যোগাইছে। তদুপৰি উন্নত আন্তঃগাঁথনি আৰু সংযোগে ইয়াৰ বিকাশ ত্বৰান্বিত কৰিছে। পৰ্যটনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
হাৰিয়ানা গুৰুগ্ৰামেও দেশৰ বিকাশত বিশেষ ভূমিকা পালন কৰিছে। চহৰখনৰ জনমূৰি জিডিপি হৈছে ৯.০৫ লাখ টকা। কৰ্পৰেট সংস্কৃতি আৰু উচ্চমানৰ জীৱন-যাপনৰ সমাৰ্থক গুৰুগ্ৰামৰ চুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যানখনে পৰ্যটকক আকৰ্ষণ কৰি আহিছে। ইফালে,বেংগালুৰু আৰ্বানেও ধনী জিলা ভিতৰত স্থান লাভ কৰিছে । ইয়াৰ জনমূৰি জিডিপি আছে ৮.৯৩ লাখ টকা।
দেশৰ ধনী জিলা বা চহৰৰ তালিকাত স্থান লাভ কৰা আন কেইখন হৈছে-গৌতম বুদ্ধ নগৰ (নয়ডা), উত্তৰ প্ৰদেশ( জনমূৰি জিডিপি-৮.৪৮ লাখ টকা), চলান,হিমাচল প্ৰদেশ ( জনমূৰি জিডিপি-৮.১০ লাখ টকা), উত্তৰ আৰু দক্ষিণ গোৱা (জনমূৰি জিডিপি-৭.৬৩ লাখ টকা)। ইফালে,ছিকিমৰ গেংটক, নামচি, মংগন আৰু গ্যালশ্বিং আদি চহৰৰ জনমূৰি মুঠ ঘৰুৱা উৎপাদন (GDP)ৰ উচ্চতাই বহনক্ষম পৰ্যটন আৰু স্থানীয় উদ্যোগৰ শক্তিক প্ৰতিফলিত কৰে।
আনহাতে তালিকাত স্থান পোৱা আন জিলা সমূহ হৈছে-দক্ষিণ কানাড়া (মংগালুৰু), কৰ্ণাটক (জনমূৰি জিডিপি-৬.৬৯ লাখ টকা), মুম্বাই, মহাৰাষ্ট্ৰ( জনমূৰি জিডিপি-৬.৫৭ লাখ টকা),আহমেদাবাদ, গুজৰাট ( জনমূৰিজিডিপি-৬.৫৪ লাখ টকা)।
(উল্লেখ কৰা জিডিপিৰ পৰিসংখ্যা আৰু ৰেংকসমূহ ২০২৪–২৫ চনৰ অৰ্থনৈতিক জৰীপৰ ওপৰত ভিত্তি কৰি কৰা হৈছে, যিটো একাধিক সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ পৰা সামৰি লোৱা হৈছে।)