শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ইখনৰ পিছত সিখন ছবি ত্যাগ কিং খানৰ, আঁৰত সন্তান আৰিয়ান আৰু সুহানা!

ইখনৰ পিছত সিখন ছবি ত্যাগ কিং খানৰ, আঁৰত সন্তান আৰিয়ান আৰু সুহানা!

monjit-dutta
Monjit Dutta | Published: 04 Nov 2025 19:33 PM

এক প্ৰশ্নৰ উত্তৰত শ্বাহৰুখ খানে তেওঁৰ দুই সন্তান আৰিয়ান আৰু সুহানাৰ বাবে ইখনৰ পিছত সিখনকৈ কেইবাখনো ছবি এৰিবলৈ বাধ্য হোৱা বুলি জানিবলৈ দিছে। পিছে ইয়াৰ আঁৰৰ কি? এই সন্দৰ্ভতো কিং খানে নিজেই কৰিছে বাখ্যা।

দেওবাৰে জীৱনৰ ৬০তম জন্মদিন উদযাপন কৰে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে। জন্মদিনতে অনুৰাগীলৈ এক ৰিটাৰ্ণ গিফ্ট আগবঢ়াই কিং খানে তেওঁৰ পৰৱৰ্তী ছবি ‘কিং’ৰ টিজাৰ মুকলি কৰে। অৱশ্যে এইবাৰ বলীউডৰ মহাতাৰকাগৰাকীয়ে নিৰাপত্তাজনিত কাৰণত অনুৰাগীক সাক্ষাতৰ পৰা বিৰত থাকে। অনৰাগীক সাক্ষাৎ নকৰিলেও পিছে শ্বাহৰুখ খানে বহুকেইটা প্ৰশ্নৰ উত্তৰ দি ব্যাপক চৰ্চাৰ সৃষ্টি কৰে। জন্মদিনতে তেওঁ প্ৰকাশ কৰা এক বিশেষ কথাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।