শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Guwahati: প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ

Guwahati: প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ

barasha-misra
Barasha Misra | Published: 04 Nov 2025 19:48 PM

জুবিন গাৰ্গৰ সৃষ্টি চিৰ যুগমীয়া কৰি ৰখাৰ বাবে এই প্ৰচেষ্টা গুৱাহাটী বিশ্ববিদ্যালয়ৰ। এইবৰ্ষৰ পৰা যুৱ মহোৎসৱত প্ৰতিবছৰে জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জনালে GUৰ উপাচার্য অধ্যাপক ননীগোপাল মহন্তই।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ। যুৱ মহোৎসৱৰ ইতিহাসত প্ৰথমবাৰৰ সংযোজন জুবিন গাৰ্গৰ অসমীয়া গীতৰ প্ৰতিযোগিতা। যুৱ মহোৎসৱ ২০২৫ৰ অন্তিমটো দিনত এই প্ৰতিযোগিতাৰ আয়োজন। প্ৰতিযোগীসকলে পৰিবেশন কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটাৰ পিছত এটাকৈ কালজয়ী গীত। কেইবাখনো মহাবিদ্যালয়ৰ অৰ্ধশতাধিক শিক্ষাৰ্থীয়ে অংশগ্রহণ কৰে প্ৰতিযোগিতাত।

জুবিন গাৰ্গৰ সৃষ্টি চিৰ যুগমীয়া কৰি ৰখাৰ বাবে এই প্ৰচেষ্টা গুৱাহাটী বিশ্ববিদ্যালয়ৰ। এইবৰ্ষৰ পৰা যুৱ মহোৎসৱত প্ৰতিবছৰে জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি জনালে GUৰ উপাচার্য অধ্যাপক ননীগোপাল মহন্তই।

উল্লেখযোগ্য যে, ১নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছে আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৫। যুৱ মহোৎসৱত অনুষ্ঠিত হৈছে বিভিন্ন প্ৰতিযোগিতাৰ। য’ত প্ৰায় ৬০খন মহাবিদ্যালয়ৰ ৬শতাধিক প্ৰতিযোগীয়ে অংশগ্রহণ কৰিছে।