শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গুৱাহাটীত ৮ নৱেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় স্কোৱাছ চেম্পিয়নশ্বিপ ২০২৫

চলিত মাহৰ ৮ তাৰিখৰ পৰা ১১ তাৰিখলৈ আৰ.জি. বৰুৱা ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। এক বিবৃতি প্ৰকাশ কৰি আয়োজকে উল্লেখ কৰিছে যে, এই অনুষ্ঠানটো উত্তৰ-পূব ভাৰতৰ স্কোৱাছৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।

গুৱাহাটীত ৮ নৱেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় স্কোৱাছ চেম্পিয়নশ্বিপ ২০২৫
manas-borah
Manas Borah | Published: 05 Nov 2025 14:21 PM

অসম স্কোৱাছ ৰেকেটছ সন্থাই ঘোষণা কৰিছে যে, ইষ্টাৰ্ণ শ্লাম আন্তঃৰাষ্ট্ৰীয় স্কোৱাছ চেম্পিয়নশ্বিপ ২০২৫, 5-Star SRFI আৰু AJSS গোল্ড ইভেণ্ট গুৱাহাটীত আয়োজন কৰিবলৈ লোৱা হৈছে। চলিত মাহৰ ৮ তাৰিখৰ পৰা ১১ তাৰিখলৈ আৰ.জি. বৰুৱা ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। এক বিবৃতি প্ৰকাশ কৰি আয়োজকে উল্লেখ কৰিছে যে, এই অনুষ্ঠানটো উত্তৰ-পূব ভাৰতৰ স্কোৱাছৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। কিয়নো গুৱাহাটীত প্ৰথমবাৰৰ বাবে ইষ্টাৰ্ণ শ্লাম অনুষ্ঠিত হ’ব।

এই চেম্পিয়নশ্বিপত সমগ্ৰ ভাৰত আৰু অন্যান্য দেশৰ শীৰ্ষ ৰেংকিঙৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই প্ৰতিযোগিতাত সকলো বয়সৰ খেলুৱৈ – ল’ৰা-ছোৱালী (U -11, 13, 15, 17, 19), পুৰুষ আৰু মহিলা, আৰু মাষ্টাৰছ পুৰুষ (৩৫ আৰু ৪৫ বছৰৰ ওপৰৰ বয়সৰ গোট), আৰু এছ আৰ এফ আই আৰু এ জে এছ এছ চাৰ্কিটৰ অধীনত প্ৰফেচনেল শাখাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।

বিবৃতিত উল্লেখ কৰা হৈছে যে,”ইষ্টাৰ্ণ শ্লাম ২০২৫ অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। পৰৱৰ্তী প্ৰজন্মৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰা আৰু অঞ্চলটোত স্কোৱাছক প্ৰচাৰ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।” এই অনুষ্ঠানত ক্ৰীড়াপ্ৰেমী, সংবাদ মাধ্যম, আৰু স্থানীয় সম্প্ৰদায়ক একত্ৰিত কৰা হ’ব, যিয়ে শীৰ্ষ পৰ্যায়ৰ স্কোৱাছ প্ৰতিযোগিতাৰ সাক্ষী হ’বলৈ আৰু এথলেটিক উৎকৃষ্টতাক উদযাপন কৰিবলৈ এক মঞ্চ প্ৰদান কৰিব।

অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অয়ন কৌশিক। শেহতীয়াকৈ চেন্নাইত অনুষ্ঠিত জুনিয়ৰ নেশ্যনেল স্কোৱাছ চেম্পিয়নশ্বিপত তেওঁ ফাইনেলত প্ৰৱেশ কৰে। এই কৃতিত্ব অৰ্জন কৰা তেওঁ অসমৰ প্ৰথমজন খেলুৱৈ। ইফালে,ইষ্টাৰ্ণ শ্লাম আন্তঃৰাষ্ট্ৰীয় স্কোৱাছ চেম্পিয়নশ্বিপ ২০২৫ৰ টি-চাৰ্ট মুকলি কৰে অসম স্কোৱাছ ৰেকেটছ সন্থাৰ সভাপতি শিলাদিত্য দেৱ আৰু প্ৰশান্ত প্ৰতীম কাঠকটীয়াই।