ৰেখাই কান্দি কান্দি সাৱতি ধৰিছিল অমিতাভক! কি হৈছিল সেইদিনা…
ৰেখা আৰু অমিতাভ বচ্চনৰ প্ৰেম কাহিনীৰ বিষয়ে প্ৰায় সকলোৱে জানে। কোৱা হয়, ৰেখাই অমিতাভক আজিও ভাল পায়। আনকি ৰেখাই এতিয়ালৈকে বিয়াও হোৱা নাই।
বলীউডত বহু সময়ত বিভিন্ন কথাক লৈ চৰ্চা চলি থাকে। বলীউডৰ বিভিন্ন চৰ্চিত খবৰৰ ভিতৰত অমিতাভ বচ্চন আৰু ৰেখাৰ প্ৰেম কাহিনী অন্যতম। বৰ্তমান জয়া আৰু অমিতাভৰ সুখৰ সংসাৰ আছে যদিও আজিও ৰেখাৰ প্ৰেম কাহিনীক লৈ চৰ্চা হয়। বহুতে কয়, ৰেখাই আজিও অমিতাভক ভাল পায়। ৰেখাৰ চকুত দেখা পোৱা যায় অমিতাভৰ প্ৰতি প্ৰেম।
কিন্তু এই ৰেখাই এবাৰ অমিতাভ বচ্চনক সকলোৰে আগত ‘আই হেট ইউ’ বুলি কৈছিল। কান্দি উঠিছিল ৰেখা। তেতিয়া লগে লগে অমিতাভ বচ্চনে তেওঁক সাৱতি ধৰিছিল। এখন ছবিৰ শ্বুটিং কৰি থকাৰ সময়ত সংঘটিত হৈছিল এই ঘটনা। কোৱা হয়, সেই সময়ত ‘চিলচিলা’ ছবিখন ৰেখা আৰু অমিতাভৰ প্ৰেম কাহিনীক লৈয়ে নিৰ্মিত হৈছিল। সেই দৃশ্যক লৈ আজিও চৰ্চা চলে।
অধিক জানিবলৈ চাওক ভিডিঅ’…
