Zubeen garg postmortem:ৰাইজৰ ইচ্ছাৰ প্ৰতি সঁহাৰিঃ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব জুবিন গাৰ্গৰ…
Zubeen garg postmortem: মৰণোত্তৰ পৰীক্ষা হ'ব হেঁপাহৰ শিল্পী জুবিন গাৰ্গৰ। সোমবাৰে সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাইজৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰে।

জুবিনৰ মৃত্যু
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত চলি থকা চাঞ্চল্যৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। মৰণোত্তৰ পৰীক্ষা কৰা হ’ব জুবিন গাৰ্গৰ। ৰাইজৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। ২২ ছেপ্টেম্বৰৰ সন্ধিয়া সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাইজৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই মৰণোত্তৰ পৰীক্ষা কৰা হ’ব জুবিন গাৰ্গৰ। কাইলৈ পুৱা ৭.৩০ বজাত হ’ব মৰণোত্তৰ পৰীক্ষা।
শৰ্মাই কয় যে, জনতাৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত লোৱা হৈছে। প্ৰথম অৱস্থাত ৰাইজে বিচাৰিছিল যে জুবিনৰ মৰণোত্তৰ পৰীক্ষা ছিংগাপুৰত হওক। সেই অনুসৰি ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল। তাৰ পাছত এতিয়া ৰাইজে বিচাৰিছে অসমত মৰণোত্তৰ পৰীক্ষা হওক। জুবিনৰ মৃত্যু সন্দৰ্ভত যাতে ৰাইজৰ মাজত কোনো প্ৰশ্ন নাথাকে তাৰ বাবে অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
শৰ্মাই কয় যে, এই সন্দৰ্ভত আমি গৰিমা শইকীয়া গাৰ্গৰ সৈতে কথা পাতিছিলো। তেওঁৱো এই ক্ষেত্ৰত সন্মতি প্ৰদান কৰিছে। যাৰ পাছত ২৩ ছেপ্টেম্বৰৰ পুৱা ৭.৩০ বজাত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব। তাৰ পাছতে তেওঁৰ নশ্বৰ দেহ সোণাপুৰৰ কমাৰকুছিলৈ লৈ যোৱা হ’ব।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে বহু অভিযোগ উত্থাপন হৈছিল। এই হত্যাকাণ্ডত নাম সাঙোৰ খাইছিল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামীৰ লগতে বিভিন্নজনৰ। জুবিনৰ মৃত্যুৰ পূৰ্বৰ কেইবাটাও ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। যাক লৈ তেওঁৰ মৃত্যু সন্দৰ্ভত বহু প্ৰশ্নৰ উত্থাপন হৈছে। এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি বিশিষ্ট ব্যক্তিৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতালৈ সকলোৱে জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী কৰিছিল। যাৰ পাছত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।
অন্য খবৰ পঢ়কঃ Zubeen garg death: সঁচাকৈ স্বাভাৱিক আছিল নে? জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী বিশিষ্ট লোকৰ পৰা অনুৰাগীলৈ…