জুবিনৰ মৃত্যু স্বাভাৱিক! পুনৰ একেই দাবী ছিংগাপুৰ আৰক্ষীৰ, ক’ৰনাৰ আইনৰ অধীনত তদন্ত অব্যাহত
ছানটেক ছিংগাপুৰ কনভেনচন এণ্ড এক্সবিচন চেণ্টাৰত অনুষ্ঠিত হোৱা চতুৰ্থ নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অনুষ্ঠান পৰিৱেশন কৰাৰ এদিন পূৰ্বে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকাৰ সময়তে জুবিন গাৰ্গৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পৰিস্থিতিয়ে ছিংগাপুৰ আৰু ভাৰত দুয়োখন দেশতে প্ৰশ্নৰ উত্থাপন কৰিছিল।

জুবিন গাৰ্গ
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসমত এছ আই টিয়ে ইতিমধ্যেই দাখিল কৰিলে অভিযোগনামা। আৰম্ভ হৈছে ন্যায়িক প্ৰক্ৰিয়াও। যোৱা ১৬ ডিচেম্বৰত প্ৰথম শুনানিও অনুষ্ঠিত হয়। অভিযুক্ত সাতোজনকে হাজিৰ কৰোৱা হয় ভাৰ্চুৱেলী। এছ আই টিৰ চাৰ্জশ্বীটৰ ভিত্তিতেই এই গোচৰ আগবাঢ়িছে। কিন্তু এই ঘটনাৰ আন এক তদন্ত কৰি আছে ছিংগাপুৰ আৰক্ষীয়ে। ঘটনাৰ পাছতেই ছিংগাপুৰ আৰক্ষীয়ে প্ৰথমটো প্ৰতিবেদনত জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই বুলি উল্লেখ কৰিছিল।
এতিয়া পুনৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। তেওঁলোকৰ ভাষ্য অনুসৰি ভাৰতীয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুত ফাউল প্লে’ৰ সন্দেহ নাই, কিয়নো দেশখনৰ ক’ৰনাৰ আইন অনুসৰি তদন্ত অব্যাহত আছে।
ছানটেক ছিংগাপুৰ কনভেনচন এণ্ড এক্সবিচন চেণ্টাৰত অনুষ্ঠিত হোৱা চতুৰ্থ নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অনুষ্ঠান পৰিৱেশন কৰাৰ এদিন পূৰ্বে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকাৰ সময়তে জুবিন গাৰ্গৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পৰিস্থিতিয়ে ছিংগাপুৰ আৰু ভাৰত দুয়োখন দেশতে প্ৰশ্নৰ উত্থাপন কৰিছিল। ১৮ ডিচেম্বৰত জাৰি কৰা এক বিবৃতিত ছিংগাপুৰ আৰক্ষী বাহিনীয়ে ছিংগাপুৰ ক’ৰ’নাৰ এক্ট ২০১০ অনুসৰি গোচৰটোৰ তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে।
কৰ্তৃপক্ষই লগতে কয় যে তদন্ত সম্পূৰ্ণ হ’লে এই তথ্য ৰাজ্যিক ক’ৰ’নাৰৰ ওচৰত দাখিল কৰা হ’ব। বৰ্তমান ২০২৬ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত কৰ’নাৰ তদন্তৰ দিন ধাৰ্য কৰা হৈছে। মৃত্যুৰ কাৰণ আৰু পৰিস্থিতি নিৰ্ণয়ৰ বাবে এই তদন্ত হ’ব এক তথ্য বিচাৰি উলিওৱা প্ৰক্ৰিয়া, আৰু ইয়াৰ সিদ্ধান্ত নিশ্চিত হোৱাৰ পিছত ৰাজহুৱা কৰা হ’ব।
ছিংগাপুৰ আৰক্ষীৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন পঢ়িবলৈ ক্লিক কৰক তলৰ লিংকত- https://www.police.gov.sg/Media-Hub/News/2025/12/20251218_statement_by_spf_on_investigations_into_the_death_of_mr_zubeen_garg#:~:text=Based%20on%20our%20investigations%20so,for%20January%20and%20February%202026.
ছিংগাপুৰ আৰক্ষীয়ে কয় যে তেওঁলোকে “সম্পূৰ্ণ আৰু পেছাদাৰী তদন্ত”ৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু এই ক্ষেত্ৰত সংযম বজাই ৰখাৰ আবেদন জনাইছে। বিবৃতিটোত কোৱা হৈছে, ‘‘আমি সংশ্লিষ্ট পক্ষসমূহৰ পৰা ধৈৰ্য্য আৰু বুজাবুজি বিচাৰো। ইয়াৰ লগতে আমি জনসাধাৰণক ভিত্তিহীন তথা ভুৱা তথ্য প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছোঁ।’
ভাৰতৰ পৰিস্থিতিৰ মাজতে ছিংগাপুৰৰ পৰা এই আপডেট আহিছে, য’ত জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত চাৰিজন লোকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে বিশেষ তদন্তকাৰী দলে। যোৱা সপ্তাহত দাখিল কৰা অভিযোগনামাত নাম উল্লেখ কৰাসকলৰ ভিতৰত আছে শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ লগতে তেওঁ সহযোগী শিল্পী অমৃতপ্ৰভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী।
ভাৰতীয় সংগীত জগতৰ সুপৰিচিত নাম জুবিন গাৰ্গে ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ অনুষ্ঠানৰ বাবে ছিংগাপুৰলৈ গৈছিল। দুয়োখন দেশৰ বিপৰীতমুখী আইনী প্ৰক্ৰিয়াই জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছে, ছিংগাপুৰ কৰ্তৃপক্ষই কয় যে তেওঁলোকৰ তদন্ত চলি আছে আৰু কৰ’নাৰ তদন্তৰ জৰিয়তে সিদ্ধান্ত নিৰ্ণয় কৰা হ’ব।