Zubeen Garg: কিয় মৌন নিশিতা গোস্বামী! জুবিনৰ মৃত্যুৰ সময়ত আছিল ছিংগাপুৰত, মুখ্যমন্ত্ৰীয়ে ক’লে…
Zubeen Garg: জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙোৰ খাইছে অভিনেত্ৰী নিশিতা গোস্বামীৰ। কিয়নো সেই সময়ত এইগৰাকী অভিনেত্ৰীও ছিংগাপুৰত আছিল। কিন্তু এতিয়ালৈকে তেওঁ মৌনতা অৱলম্বন কৰি আছে।

জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে সৃষ্টি হৈছে বহু ৰহস্যৰ। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অতি ৰহস্যজনক অৱস্থাত মৃত্যুক সাৱতি লৈছিল অসমৰ হেঁপাহৰ শিল্পী জুবিন গাৰ্গে। কিন্তু এই মৃত্যু যেন এতিয়াও মানি ল’ব পৰা নাই অসমবাসীয়ে। কিয়নো জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বৰ যিসমূহ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে সেইসমূহে এতিয়া তেওঁৰ মৃত্যু অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে। এটা এটাকৈ জুবিনৰ মৃত্যুৰ পূৰ্বৰ ভিডিঅ’ ভাইৰেল হৈছে।
অসমৰ প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুত নাম সাঙোৰ খাইছে শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, সঞ্জীৱ নাৰায়ণ, নিশিতা গোস্বামী আদিৰ। এতিয়ালৈকে এই বিষয়টোৰ ওপৰত বহু অভিযুক্তই কোনো মত প্ৰকাশ কৰা নাই। কিন্তু আশ্চৰ্যজনকভাৱে নিশিতা গোস্বামীয়েও এই বিষয়টোত মৌনতা অৱলম্বন কৰি আছে। কিন্তু সত্য এয়াই যে, জুবিনৰ মৃত্যুৰ সময়ত ছিংগাপুৰতে আছিল অভিনেত্ৰী নিশিতা গোস্বামী। তথ্য অনুসৰি, তেওঁ এংকৰ হিচাপে সেই অনুষ্ঠানলৈ গৈছিল।
জুবিনৰ মৃত্যুৰ পাছত নিশিতাই সাধাৰণভাৱে ফেচবুকত এটা পোষ্ট দিছে। য’ত তেওঁ জুবিনৰ আত্মাৰ সদগতি কামনা কৰিছে। কিন্তু ইমান আপোন বুলি ভবাৰ পাছতো কিয় নিশিতাই ছিংগাপুৰৰ কাহিনী ৰাইজৰ আগত দাঙি ধৰা নাই সেই প্ৰশ্নই বহুতৰ মাজত পাকঘূৰণি খাই আছে। বহুতৰ এটাই আশা আছিল, অন্তত নিশিতাই সকলো তথ্য ৰাইজৰ আগত কওক। কিন্তু নিশিতা এতিয়া মৌন। যেন তেওঁ এই সকলোবোৰ সন্দৰ্ভত অজ্ঞাত।
ইতিমধ্যে জুবিন গাৰ্গৰ তদন্তৰ বাবে ১০ জনীয়া এছ আই টি গঠন কৰা হৈছে। বৰ্তমান এছ আই টিয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰি আছে। কিন্তু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। য’ত তেওঁ নিশিতা গোস্বামীৰ নামো উল্লেখ কৰে। শৰ্মাই কয়, “যেতিয়া ব্যক্তি ব্যক্তিৰ নাম অসমৰ মুখ্যমন্ত্ৰীক সুধিব আৰম্ভ কৰে তেতিয়া মোৰ বাবে দিগদাৰি হ’ব। শেখৰ গোস্বামী, সান্দীপন গাৰ্গ,সঞ্জীৱ নাৰায়ণ, নিশিতা গোস্বামী,অমৃত প্ৰভা মহন্ত বহুতজনৰ নাম ওলাই আছে। সকলোকে এজন এজনকৈ মাতিব লাগিব। অন্তত ২৪ ঘন্টা ৪৮ ঘন্টাকৈ প্ৰশ্ন কৰিব লাগিব”।
তেওঁ আৰু কয় যে, “আপোনালোকৰ যিমান প্ৰশ্ন আছে অহা ১০-১৫ দিনত উত্তৰ পাই যাব। য়াটখনত যিসকল লোক আছিল সকলো তদন্তৰ আওতাত আহিব। গতিকে আমাক সময় দিয়ক সকলো পোহৰলৈ আহিব। যদি এছ আই টিয়ে ভালদৰে তদন্ত নকৰে তেন্তে গোচৰ চিবিআইলৈ হস্তান্তৰ কৰা হ’ব”।
অন্য খবৰ পঢ়কঃ ঠাণ্ডা হোৱা নাই জুবিনৰ চিতাৰ জুই! গুৱাহাটীত উপস্থিত সিদ্ধাৰ্থ শৰ্মা, দাবী কৰিলে….