শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আমাক অলপ সময় দিয়ক, ১০-১৫ দিনত সকলো উত্তৰ পাব: জুবিনৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰী

Zubeen Garg Death: মুখ্যমন্ত্ৰীয়ে কয়, ‘উৰা বাতৰিৰ পৰা দূৰত থাকিব লাগিব। শ্যামকানু মহন্ত অসমত আহিলেও আমি শোধ-পোছ কৰিব লাগিব। এটা প্ৰক্ৰিয়াৰ মাজেৰে ন্যায় হ'ব। আদালতে আবেগ বুজি নাপায়। আদালতক সন্তুষ্ট কৰিব পৰাকৈ SIT এ কাম কৰিব লাগিব। কাৰণ তাৎক্ষণিক ন্যায় বিচাৰিলে আমি আদালতত বিফল হ'ম। আমাক নিৰ্দিষ্ট সময় দিয়ক।'

আমাক অলপ সময় দিয়ক, ১০-১৫ দিনত সকলো উত্তৰ পাব: জুবিনৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰী
জুবিনৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰী
trishna-kalita
Trishna Kalita | Updated On: 25 Sep 2025 14:58 PM

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী কয় যে,  SIT ৰ কামত অসমৰ ৰাইজ সন্তুষ্ট নহ’লে, তাৎক্ষণিকভাৱে CBIক তদন্ত অৰ্পন কৰা হ’ব। ছিংগাপুৰত য়টত থকা প্ৰতিজন জেৰা চলোৱা হ’ব বুলিও উল্লেখ কৰা মু্খ্যমন্ত্ৰীয়ে। তেওঁ কয়, ‘ব্যক্তিগত স্বাৰ্থত জুবিনক ব্যৱহাৰ কৰি অহা হৈছে। জুবিনৰ চাৰ্কেলটোক লৈ মই ৬ বছৰমান আগতেই প্ৰশ্ন কৰিছিলো।’ মুখ্যমন্ত্ৰীয়ে কয়,  ‘মই ব্যক্তিগতভাৱে শ্যামকানু মহন্তৰ লগত বহুত বেছি কথাও নাপাটো, সম্পৰ্কও নাই। ’

মুখ্যমন্ত্ৰীয়ে কয়, ‘শেখৰ গোস্বামী, সন্দীপন গাৰ্গ, সঞ্জীৱ নাৰায়ণ, নিশিতা গোস্বামী, অমৃত প্ৰভাকো জেৰা চলাব SITএ। ২৪ৰ পৰা ৪৮ ঘণ্টাকৈ জেৰা চলাব SIT-এ । ১০-১৫ দিনত সকলো উত্তৰ পাব অসমৰ ৰাইজে’ । তেওঁ লগতে কয়, মই নাভাবো যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা  গুৱাহাটীত আছে। গুৱাহাটীত থাকিলে সুৰক্ষা বা আন কিবা কাৰণত নিশ্চয় পুলিচৰ লগত যোগাযোগ কৰিলেহেঁতেন। SIT-এ টেলিফোনবিলাক ট্ৰেক কৰিব পাৰে। মই যিমানদূৰ জানো মই কথা কোৱা মুহূৰ্তলৈকে তেওঁলোক অসমত নাই।’

মু্খ্যমন্ত্ৰীয়ে লগতে কয়, ‘অসমৰ চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক। SIT-এ ভালকৈ তদন্ত কৰিব। উৰা বাতৰিৰ পৰা দূৰত থাকিব লাগিব। শ্যামকানু মহন্ত অসমত আহিলেও আমি সোধ-পোছ কৰিব লাগিব। এটা প্ৰক্ৰিয়াৰ মাজেৰে ন্যায় হ’ব। আদালতে আবেগ বুজি নাপায়। আদালতক সন্তুষ্ট কৰিব পৰাকৈ SIT এ কাম কৰিব লাগিব। কাৰণ তাৎক্ষণিক ন্যায় বিচাৰিলে আমি আদালতত বিফল হ’ম। আমাক নিৰ্দিষ্ট সময় দিয়ক। SIT ৰ কাম-কাজত অসমৰ ৰাইজ যদি সন্তুষ্ট নহয়, তাৎক্ষণিকভাৱে আমি CBIক তদন্ত অৰ্পন কৰিম। আমাৰ দৃষ্টিভংগী স্পষ্ট, সিদিনা কি হৈছিল আমি বিচাৰি উলিয়ামে। তাৰ ক্ষেত্ৰত আপোচ নকৰো।’

শ্যামকানু মহন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,  শ্যামকানু মহন্তৰ অনুষ্ঠানবোৰ অসমীয়া সংস্কৃতিৰ লগতে জড়িত নাছিল। মই শ্যামকানু মহন্তৰ অনুষ্ঠানত কেতিয়াও যোৱা নাছিলোঁ। এবাৰে দিল্লীৰ এটা অনুষ্ঠানত গৈছিলো। মই কেতিয়াও সেই অনুষ্ঠানবোৰ অনুষ্ঠিত কৰিবলৈ উৎসাহ যোগোৱা নাছিলোঁ। অসমত তেওঁক কোনো অনুষ্ঠান কৰিব নিদিওঁ। ভাৰত চৰকাৰক ইতিমধ্যে জনাই দিছো, শ্যামকানু মহন্তক কোনো ধৰণৰ Sponshership, বিজ্ঞাপন যাতে নিদিয়ে।’

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘জুবিন গাৰ্গৰ ৰয়েলিটী, কপিৰাইট নাইবা সম্পত্তি সম্পৰ্কে গৰিমা শইকীয়া গাৰ্গে মোক একো কোৱা নাই। কিবা ক’লেই তদন্ত হ’ব। এই কথাবিলাক ৰাইজে কোৱা। গৰিমা গাৰ্গেতো আমাক একো কোৱা নাই। এইবিলাক হৈছে ৰাইজৰ মাজত ওলাই থকা কথা। গৰিমা গাৰ্গে আজিলৈকে আমাক অনুৰোধ কৰা নাই।’

লগতে পঢ়ক: গুৱাহাটীত উপস্থিত হৈছে নেকি শ্যামকানু মহন্ত? বাসগৃহৰ সন্মুখত কটকটীয়া নিৰাপত্তা…