Zubeen Garg: সহিব নোৱাৰিলে জুবিনৰ মৃত্যু শোক! শৰাইঘাটলৈ যায় যুৱকৰ ভয়ংকৰ কাণ্ড…
Zubeen garg: জুবিন গাৰ্গৰ মৃত্যুই এতিয়াও শোকস্তব্ধ কৰি ৰাখিছে ৰাজ্য। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। জানিব পৰা মতে এজন জুবিন অনুৰাগীয়ে গ্ৰহণ কৰিছে চৰম পন্থা।

জুবিন গাৰ্গৰ মৃত্যুৰ দুখ সহিব নোৱাৰি এজন অনুৰাগীয়ে গ্ৰহণ কৰিলে চৰম পন্থা। তথ্য অনুসৰি এজন যুৱকে শৰাইঘাটৰ পৰা জাপ দি চৰম পন্থা গ্ৰহণ কৰে। জুবিন দাৰ বিৰহত শৰাইঘাটত জাপ দিলে এজনে। আমিনগাঁৱৰ পৰা জালুকবাৰী অহা দিশত পৰা দুশ মিটাৰৰ পৰিসীমাত দলঙৰ ওপৰৰ পৰা জাপ দিয়ে জুবিন অনুৰাগী গৰাকীয়ে। এই সময়চোৱাত তেওঁ নিজ নিজক কাপোৰ, পইচা আদি ফালি পানীত জাপ দিয়ে।
জানিব পৰা মতে, জাপ দিয়াৰ পূৰ্বে যুৱকজনে “জুবিন দাই যেতিয়া নাই আমি থাকি কি কৰিম? জয় জুবিন দা” বুলি কৈ জাপ দিয়ে ব্ৰহ্মপুত্ৰৰ বুকুত। এই ঘটনাৰ পাছত লগে লগে পাণ্ড নদী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।শুৱালকুছিৰ দাঁতিত থকা ৰাক্ষসিনী পাহাৰলৈকে নদীৰ বুকুৱেদি নদী আৰক্ষীয়ে এই অভিযান চলায়। কিন্তু এতিয়ালৈকে যুৱকজনক উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে।
বাতৰি লিখি থকাৰ পৰলৈকে যুৱকজনৰ কোনো পৰিচয় উদ্ধাৰ হোৱা নাই। যুৱকজনক বিচাৰি পৰৱৰ্তী সময়তো নদী আৰক্ষীয়ে অব্যাহত ৰাখিব অভিযান। বৰ্তমান এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে এয়াই প্ৰথম নহয়, জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসমৰ বিভিন্ন প্ৰান্তত যুৱকৰ অকাল বিয়োগৰ খবৰ আহি পৰিছে।
উল্লেখ্য যে, যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অতি ৰহস্যজনকভাৱে মৃত্যুক সাৱতি লৈছিল জুবিন গাৰ্গে। তাৰ পাছতে শোকস্তব্ধ হৈ পৰিছিল ৰাজ্য। যোৱা ২৩ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ অন্ত্যোষ্ঠিক্ৰিয়া সম্পন্ন হয় আৰু তেতিয়াৰ পৰা এতিয়া সকলোৱে ন্যায়ৰ দাবী উত্থাপন কৰি আছে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে গঠন হোৱা এছ আই টিয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰি আছে। এই মৃত্যুত নাম সাঙোৰ খাইছে বহুতৰ।
অন্য খবৰ পঢ়কঃ কিয় মৌন নিশিতা গোস্বামী! জুবিনৰ মৃত্যুৰ সময়ত আছিল ছিংগাপুৰত, মুখ্যমন্ত্ৰীয়ে ক’লে…