জুবিন গাৰ্গক মৰণোত্তৰভাবে ভাৰত ৰত্ন প্ৰদানৰ আহ্বান, প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ অসম সাহিত্য সভাৰ
অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে লগতে ‘অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন এইগৰাকী মহান শিল্পী বিজয়ী আত্মাৰো অধিকাৰী হ'ল’ বুলি সংবাদ মেলত মন্তব্য কৰে। জুবিন সপোনক দিঠকত পৰিণত কৰা শিল্পী বুলি উল্লেখ কৰি তেওঁ লগতে জুবিন গাৰ্গ অশেষ যন্ত্রণা সহ্য কৰাৰ দুৰ্বাৰ শক্তিৰ অধিকাৰী বুলিও উল্লেখ কৰে।

অসম–অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাৰ দুখৰ পৰা এইপৰ্যন্ত কোনো লোকেই মুক্ত হ’ব পৰা নাই। স্বাভাৱিকতেই প্ৰতিজন অসমীয়াৰ হৃদয়ত চিৰদিনলৈ থাকিব প্ৰাণৰ শিল্পীজনা। জুবিন গাৰ্গৰ প্ৰতি থকা অসমীয়াৰ মৰম আৰু সন্মানৰ দৃশ্যও স্পষ্ট ৰূপত দেখিবলৈ পালে সমগ্ৰ বিশ্বই। মৃত্যুৰ খবৰ লাভৰ পিছৰে পৰা অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱালৈ লক্ষ লক্ষ লোকে দেখুৱালে জুবিন গাৰ্গৰ প্ৰতি থকা আদৰ। ৰাজ্যবাসীয়ে হেৰুওৱা এই অমূল্য সম্পদক যথোচিত সন্মান প্ৰদান কৰিবলৈ এতিয়া প্ৰধানমন্ত্ৰীৰ ওচৰত আহ্বান জনাইছে অসম সাহিত্য সভাই।
আজি যোৰহাটত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে জুবিন গাৰ্গক ভাৰত ৰত্ন সন্মান প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে। লগতে তেওঁ আন এক গুৰুত্বপূৰ্ণ তথ্যও সদৰী কৰে।
সংবাদমেলত ডঃ বসন্ত কুমাৰ গোস্বামীয়ে কয়, “জুবিন গাৰ্গ নামৰ অসমৰ সবাটোকৈ উজ্জ্বল নক্ষত্রটি খহি পৰা বার্তা পাই অসমৰ জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলো মর্মাহত হ’ল। জুবিন গাৰ্গৰ প্ৰতি জনতাৰ অনুৰাগৰ তুলনা নাই। জনতাৰ শিল্পীগৰাকীৰ অনুৰাগীয়ে অসমীয়া জাতিৰ ঐক্য আৰু সম্প্ৰীতিৰ নিদৰ্শন সমগ্ৰ বিশ্বৰ আগত তুলি ধৰিলে।”
অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে লগতে ‘অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন এইগৰাকী মহান শিল্পী বিজয়ী আত্মাৰো অধিকাৰী হ’ল’ বুলি সংবাদ মেলত মন্তব্য কৰে। জুবিন সপোনক দিঠকত পৰিণত কৰা শিল্পী বুলি উল্লেখ কৰি তেওঁ লগতে জুবিন গাৰ্গ অশেষ যন্ত্রণা সহ্য কৰাৰ দুৰ্বাৰ শক্তিৰ অধিকাৰী বুলিও উল্লেখ কৰে।
জুবিন গাৰ্গৰ এনে গুণৰ বাবেই তেওঁৰ অনুৰাগীসকলো আকাশৰ দৰেই উদাৰ বুলিও মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে। তেওঁৰ মতে, এনে উদাৰতা বিশ্বতে বিৰল। ইফালে ১৯ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰৰ অন্ত্যেষ্টিক্রিয়ালৈকে চাৰিদিন ৰাইজৰ চৰকাৰৰূপে প্রতিষ্ঠা কৰিবলৈও মুখ্যমন্ত্রী সক্ষম হ’ল বুলিও বসন্ত কুমাৰ গোস্বামীয়ে মন্তব্য কৰে।
শিল্পীগৰাকীৰ মৃত্যুৰ ক্ষেত্ৰত দেখা দিয়া ৰহস্য উদ্ঘাটনৰ ভাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত অর্পিত হৈছে বুলি তেওঁ দোহাৰে। ইতিমধ্যে দুই-এজনৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰাতো সন্তোষ প্ৰকা কৰিছে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে। জুবিনৰ শত্রু, তোষামোদকাৰীসকলক বিচাৰি উলিয়াই চৰকাৰে শাস্তিৰ ব্যৱস্থা কৰিলেহে জুবিনৰ মানৱতাবাদী দর্শনে পূর্ণতা লাভ কৰিব বুলিও তেওঁ লগতে কয়।
ইয়াৰ দ্বাৰা জুবিন গাৰ্গ নামৰ সত্তা যে বিশ্বব্যাপী সেয়া প্রমাণিত হোৱাৰ লগতে চৰকাৰ ভূমিকাও বিশ্বৰ সমুখত উজ্জ্বল হৈ ধৰা দিব বুলি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে কয়। তেওঁ কয়, “অসম সাহিত্য সভাৰ আজীৱন সদস্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই অসম সাহিত্য সভাই ভাৰতৰত্ন প্ৰদানৰ বাবে ভাৰতবৰ্ষৰ মাননীয় প্রধানমন্ত্রীলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে অসম চৰকাৰকো সহযোগ আগবঢ়াবলৈ ইতিমধ্যে আৱেদন জনাই পত্র দিছে।”
ইফালে অসম সাহিত্য সভাই জুবিন গাৰ্গৰ সমগ্ৰ ৰচনা অসমীয়া, ইংৰাজী, আৰু হিন্দীত প্রকাশ কৰিবলৈ সিদ্ধান্ত লোৱা বুলিও তেওঁ প্ৰকাশ কৰে। ২০২৬ চনতে তিনিওটা ভাষাত ৰচনাৱলী প্ৰকাশ কৰিব পৰাকৈ ইতিমধ্যে আঁচনি যুগুত কৰি গীতসমূহ সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে বুলিও ডঃ বসন্ত কুমাৰ গোস্বামীয়ে সদৰী কৰে আৰু তেতিয়াহে জুবিন গাৰ্গৰ অৱিনাশী আত্মাই শান্তি পাব বুলি উল্লেখ কৰে।