শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাবীৰ লাডাখৰ প্ৰতিবাদলৈ, দিনটোৰ খবৰ...

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাবীৰ লাডাখৰ প্ৰতিবাদলৈ, দিনটোৰ খবৰ…

Barasha Sarma
Barasha Sarma | Published: 24 Sep 2025 22:19 PM

Top9 news: জুবিন গাৰ্গ মৃত্যুৰ পাছতে শোকস্তব্ধ হৈ পৰিছে ৰাজ্য। জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰিছে সাধাৰণ জনতাৰ পৰা বিশিষ্ট লোকলৈ। এই সন্দৰ্ভত ইতিমধ্যে আৰম্ভ হৈছে তদন্ত। গঠন হৈছে এছ আই টি।

জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো শোকস্তব্ধ হৈ পৰিছে ৰাজ্য। এতিয়া সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী জনাইছে। বিভিন্ন দিশৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।ৰাজ্য চৰকাৰে শ্ৰীশ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে সম্পৰ্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

ইফালে লাডাখত চলি আছে তীব্ৰ প্ৰতিবাদ। পূৰ্ণাংগ ৰাজ্য আৰু সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত চলি আছে প্ৰতিবাদ। এই প্ৰতিবাদে আজি হিংসাত্মক ৰূপ লয়। জানিব পৰা মতে, এই সন্দৰ্ভত ৬ অক্টোবৰত নতুন দিল্লীত এখন বৈঠক অনুষ্ঠিত হ’ব।

ইফালে ক্ৰিকেটাৰ অভিষেক শৰ্মাই ৰচিছে ইতিহাস।শৰ্মা ৯০০ ৰান অতিক্ৰম কৰা মাত্ৰ তৃতীয়জন ভাৰতীয় বেটছমেন।