শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

BTCৰ CEM হ’বলৈ সাজু বিশ্বজিৎ দৈমাৰী! ক’লে- দলে দায়িত্ব দিলে…

বিশ্বজিৎ দৈমাৰীয়ে কয়, "যিহেতু BTC অঞ্চলৰ পৰা মই অসম বিধানসভাৰ অধ্যক্ষ পদত আছো। সেই হিচাপে বিজেপিৰ পৰা নেতা বিচাৰিলে মোৰ নামটো চৰ্চালৈ আহে। আনহাতে BTCৰ জন্মলগ্নৰ পৰা মই তাত জড়িত আছো। BTCৰ লালন-পালন কৰাত মোৰ যথেষ্ট অৰিহণা আছে।"

BTCৰ CEM হ’বলৈ সাজু বিশ্বজিৎ দৈমাৰী! ক’লে- দলে দায়িত্ব দিলে…
BTCৰ CEM হ'বলৈ সাজু বিশ্বজিৎ দৈমাৰী!
trishna-kalita
Trishna Kalita | Published: 11 Sep 2025 07:23 AM

২২ ছেপ্টেম্বৰত ৪০ খন পৰিষদীয় আসনৰ বাবে অনুষ্ঠিত হ’ব বিটিচিৰ নিৰ্বাচন। ২৬ ছেপ্টেম্বৰত ভোটগণনা গ্ৰহণ কৰা হ’ব। বিজেপিয়ে এইবাৰ বিটিচিৰ ৩২ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। যাৰ বাবে এতিয়া BTCত তীব্ৰ গতিত চলিছে নিৰ্বাচনৰ প্ৰস্তুতি। ভোটযুদ্ধত নামি পৰিছে শাসক বিৰোধী।  ইযাৰ মাজতে BTCত  CEMৰ দায়িত্ব কোনে লাভ কৰিব তাক লৈ চলিছে বহু জল্পনা-কল্পনা।

BTC ত বিজেপিৰ CEM হ’বলৈ সাজু অসম বিধানসভাৰ অধ্যক্ষ তথা দলৰ জ্যেষ্ঠ নেতা বিশ্বজিৎ দৈমাৰী।গোৰেশ্বৰত সংবাদ মাধ্যমৰ আগত এই কথা আওপকীয়াকৈ স্বীকাৰ কৰে বিশ্বজিৎ দৈমাৰীয়ে। CEMৰ ক্ষেত্ৰত বিশ্বজিৎ দৈমাৰী নামটো চৰ্চালৈ অহা বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “BTC ত বিজেপিৰ CEM কোন হ’ব বুলি ক’লে বড়ো জনগোষ্ঠীৰ নেতা হিচাপে মোৰ নামটো আহি যায়।”

বিশ্বজিৎ দৈমাৰীয়ে কয়, “যিহেতু BTC অঞ্চলৰ পৰা মই অসম বিধানসভাৰ অধ্যক্ষ পদত আছো। সেই হিচাপে বিজেপিৰ পৰা নেতা বিচাৰিলে মোৰ নামটো চৰ্চালৈ আহে। আনহাতে BTCৰ জন্মলগ্নৰ পৰা মই তাত জড়িত আছো। BTCৰ লালন-পালন কৰাত মোৰ যথেষ্ট অৰিহণা আছে। গতিকে BTCৰ CEM কোন হ’ব বুলি ক’লে মোৰ নাম আহি যায়। বাকী দলে ঠিক কৰিব। দলে যাকে দায়িত্ব দিয়ে সিয়ে BTCৰ CEM হ’ব।”

তেওঁ লগতে কয়, “দলে যাকে দায়িত্ব দিয়ে সিয়ে দায়িত্ব পালন কৰিবলৈ বাধ্য। দলে দায়িত্ব দিলে BTCৰ পৰিস্কাৰ কৰিব লাগিব।” ইয়াৰ উপৰিও অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাত লাগি যাব লাগিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিশ্বজিৎ দৈমাৰীয়ে।

উল্লেখ্য যে, BTC নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা পালে গেৰুৱা দলটোৰ মুখ্য কাৰ্যবাহী সদস্য কোন হ’ব সেই কথা দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়ালেকে স্পষ্ট কৰা নাই। কিন্তু BTCত এইবাৰ বিজেপিৰ CEM বিশ্বজিৎ দৈমাৰী হ’ব বুলি ৰাজনৈতিক মহল আৰু বিটিআৰ অঞ্চলত চৰ্চা চলি থকাৰ মাজতে BTCৰ চীফ হ’বলৈ বিশ্বজিৎ দৈমাৰী যে সাজু হৈ থকাৰ ইংগিত দিলে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে ।