ফ্ৰীজত কণী ৰখাৰ সময়ত নকৰিব এই ভুল!

10  Sept 2025

TV9 ASSAM

ফিটনেছৰ প্ৰতি গুৰুত্ব দিয়াসকলে দিনটোত কেইবাটাও কণী খায়। প্ৰ'টিনেৰে ভৰপুৰ কণীয়ে শৰীৰক শক্তি প্ৰদান কৰাত সহায় কৰে।

কণী

কিন্তু কণী জমা কৰি ৰখাৰ সময়ত বহুতে কিছুমান ভুল কৰে যাৰ প্ৰভাৱ মানুহৰ স্বাস্থ্যৰ ওপৰত পৰে। গতিকে এই  বিষয়ত সাৱধান হোৱা ভাল।

কণী

বহুতে একলগে ১০-১৫ টা বা তাতকৈ বেছি কণী আনি ফ্ৰীজত ৰাখে। এই সময়চোৱাত কিছুমান দিশৰ ওপৰত গুৰুত্ব দিয়া অতি প্ৰয়োজন।

ফ্ৰীজ

বিশেষজ্ঞসকলে কয় যে, কণী সতেজ আৰু সুৰক্ষিতভাৱে ফ্ৰীজত ৰখাৰ বাবে উষ্ণতা প্ৰায় চাৰি ডিগ্ৰী ছেলচিয়াছ হ'ব লাগে।

বিশেষজ্ঞই কি কয়

ফ্ৰীজৰ দুৱাৰ বাৰে বাৰে খোলা-বন্ধ কৰা কৰি থাকিব নালাগে। ইয়াৰ ফলত ভিতৰৰ উষ্ণতা প্ৰভাৱিত হয়। এনে অৱস্থাত কণীৰ উষ্ণতাও কম-বেছি হৈ সোনকালে নষ্ট হৈ যাব পাৰে।

দুৱাৰ

যেতিয়া ফ্ৰীজৰ দুৱাৰ বাৰে বাৰে খোলা যায় তেতিয়া উষ্ণতা প্ৰভাৱিত হয়। ইয়াৰ ফলত ছাল্মেনেলাৰ দৰে বেক্টেৰিয়া সৃষ্টি হ'ব পাৰে। যিয়ে স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে।

বেক্টেৰিয়া

বিশেষজ্ঞৰ মতে, ফ্ৰীজৰ দুৱাৰৰ সলনি ভিতৰত কণী ৰাখিব লাগে। ইয়াৰোপৰি কণী ধুই ফ্ৰীজত থব নালাগে। ইয়াৰ ফলত কণীৰ ওপৰৰ অংশ আঁতৰি যায় যিয়ে বেক্টেৰিয়াৰ পৰা ৰক্ষা কৰে। গাখীৰৰ লগত কণী কেতিয়াও ৰাখিব নালাগে।

ক'ত ৰাখিব

পঢ়িবলৈ ক্লিক কৰক 

হৃদযন্ত্ৰৰ সমস্যা