জটিল গুৱাহাটীৰ কৃত্ৰিম বান পৰিস্থিতি ! শনিবাৰে চৰকাৰী কৰ্মচাৰীৰ নৈমিত্তিক ছুটী, বন্ধ থাকিব শিক্ষানুষ্ঠান…

জটিল কৃত্ৰিম বান পৰিস্থিতিয়ে সাংঘাতিক ধৰণে প্ৰভাৱিত কৰিছে মহানগৰবাসীক । সেয়েহে মহানগৰবাসীৰ সুৰক্ষাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে । বেয়া বতৰ আৰু জটিল বান পৰিস্থিতিৰ বাবে শনিবাৰে দুখন জিলাৰ সকলো চৰকাৰী শিক্ষানুষ্ঠান বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ।

জটিল গুৱাহাটীৰ কৃত্ৰিম বান পৰিস্থিতি ! শনিবাৰে চৰকাৰী কৰ্মচাৰীৰ নৈমিত্তিক ছুটী, বন্ধ থাকিব শিক্ষানুষ্ঠান...

গুৱাহাটীৰ কৃত্ৰিম বান পৰিস্থিতি

Updated On: 

30 May 2025 21:35 PM

ধাৰাষাৰ বৰষুণৰ ফলত  ক্ৰমাৎ জটিল হৈ পৰিছে গুৱাহাটীৰ কৃত্ৰিম বান পৰিস্থিতি। এই পৰিস্থিতিয়ে সাংঘাতিক ধৰণে প্ৰভাৱিত কৰিছে মহানগৰবাসীক । সেয়েহে মহানগৰবাসীৰ সুৰক্ষাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে । বেয়া বতৰ আৰু জটিল বান পৰিস্থিতিৰ বাবে শনিবাৰে দুখন জিলাৰ সকলো চৰকাৰী শিক্ষানুষ্ঠান বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ।

শুকুৰবাবে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে,কামৰূপ আৰু কামৰূপ (মেট্ৰ’) জিলাত শনিবাৰে সকলো চৰকাৰী বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বন্ধ থাকিব । ইফালে, চৰকাৰী কৰ্মচাৰীসকলক এই দিনটোৰ বাবে নৈমিত্তিক ছুটী ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে, শনিবাৰে বিশেষ নৈমিত্তিক ছুটী লাভ কৰিব কামৰূপ আৰু কামৰূপ (মেট্ৰ’) জিলাৰ চৰকাৰী কৰ্মচাৰী সকলে । মহানগৰৰ কৃত্ৰিম বান পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীয়ে কয়, “আজিৰ দৰে কাইলৈও বতৰৰ পৰিৱেশ একে থকাৰ সম্ভাৱনা আছে৷ সেইবাবে কাইলৈৰ দিনটো আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক বিশেষ নৈমিত্তিক ছুটী প্ৰদান কৰিছোঁ৷ অৱশ্যে যিসকলৰ চৰকাৰী আৱাসৰ লগতে কাৰ্যালয় আছে, তেখেতসকলে কৰ্তব্য সমাপন কৰিব৷” ইয়াৰ লগতে কাইলৈ কামৰূপ আৰু কামৰূপ (ম)জিলাৰ শিক্ষানুষ্ঠানো বন্ধ ৰখাৰ নিৰ্দেশনা প্ৰদান কৰা সদৰী মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক : বতৰৰ কালৰূপ ! ৰাজ্যৰ অধিকাংশ জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি, ঘৰৰ পৰা নোলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

লগতে পঢ়ক : ২৫০ কোটি টকা ব্যয়, ডিব্ৰুগড়ত স্থাপন হ’ব ৰাজ্যৰ প্ৰথমখন বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান

লগতে পঢ়ক : ২৬ ৰ বাবে কেনেদৰে আগবাঢ়িব ? দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে প্ৰদেশ কংগ্ৰেছৰ নতুন কমিটীৰ প্ৰথমখন বৈঠক…

লগতে পঢ়ক : লক্ষ্য ২০২৬! আজিৰে পৰা ১৫ জুনলৈ ৩৯ খন সাংগঠনিক জিলাত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

শৰীৰত প্ৰটিনৰ অভাৱে এইসমূহ গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি কৰে...
ডিঙিৰ বিষ হৈ থাকে নেকি? জানক ইয়াৰ আঁৰৰ কাৰণ...
ঘৰুৱা ইনভাৰ্টাৰৰ বেটাৰীত খোৱাপানী ভৰাব পাৰি নে? ইয়াক কেনেকৈ প্ৰস্তুত কৰা হয় জানক...
হাওঁফাওঁ বিকল হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...