Top9: আজিৰ দিনটোত ক’ত কি ঘটিল চাও আহক

আজি ৩০ ডিচেম্বৰ, ২০২৫, মংগলবাৰ। আজিৰ দিনটোৰ কেইটামান বিশেষ ঘটনা আৰু গুৰুত্বপূৰ্ণ তথ্য তলত উল্লেখ কৰা হ’ল:

Top9: আজিৰ দিনটোত কত কি ঘটিল চাও আহক
Updated On: 

30 Dec 2025 21:53 PM

১. অসম তথা উত্তৰ-পূৰ্বাঞ্চলত জেহাদৰ ভয়ংকৰ জাল পেলাইছে বাংলাদেশী মৌলবাদীয়ে। শেহতীয়াকৈ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জেহাদী চক্ৰৰ সৈতে জড়িত ১১ গৰাকী লোকক। এওঁলোকৰ সৰহভাগেই বৰপেটা জিলাৰ আৰু এজন ত্ৰিপুৰাৰ। ইমাম মাহমুদ কাফিলা নামৰ এটা মডিউলৰ অধীনত জিহাদী গোটত সদস্যভৰ্তি, ধন সংগ্ৰহ আদি বিভিন্ন কামত জড়িত আছিল এইসকল লোক।

২. বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে খালেদা জিয়াই। বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আছিল খালেদা। ভাৰতকে ধৰি বিভিন্ন দেশৰ নেতাই শোক প্ৰকাশ কৰিছে নেত্ৰীগৰাকীৰ মৃত্যুত।

৩. আজি নামনি অসমৰ কেবাটাও স্থানত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ভাষণত তেওঁ উল্লেখ কৰে যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক অহা ১ জানুৱাৰীত তেওঁ বিশেষ উপহাৰ প্ৰদান কৰিব। অসমৰ হিন্দু মহিলাসকলক দুটা বা প্ৰয়োজনত তিনিটাকৈ সন্তান জন্ম দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।

৪. চলিত পৰ্যটন বৰ্ষত অভিলেখ ৰচিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। যোৱা অক্টোবৰ-নৱেম্বৰ মাহৰ পৰা পৰ্যটকৰ আগমন ঘটিছে ৰাষ্ট্ৰীয় উদ্যানখনলৈ। পূৰ্বৰ তুলনাত এই বছৰ প্ৰায় ১২৭% অধিক বিদেশী পৰ্যটক আহিছে কাজিৰঙালৈ। চলিত বৰ্ষত ২৭ ডিচেম্বৰলৈকে কাজিৰঙাত পদাৰ্পণ কৰিছে ৬,৬৯৯ গৰাকী বিদেশী পৰ্যটকে।

৫. মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ। বনবিভাগক বিষয়টোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ডঃ শৰ্মাই। ইফালে এই কাণ্ডৰ আঁৰত চৰকাৰৰ হাত থকাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ গৌৰৱ গগৈয়ে। যোৱা দেওবাৰে কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰিছিল অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিত।

৬. বাংলাদেশত পুনৰ হিন্দু যুৱকক হত্যা। মৈমনচিং জিলাত বিজেন্দ্ৰ বিশ্বাস নামৰ এজন যুৱকক হত্যা কৰাৰ অভিযোগ নোমান মিঞা নামৰ আন এজন লোকৰ বিৰুদ্ধে। এইখন জিলাতেই প্ৰায় ১০ দিন পূৰ্বে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি জীৱন্তে জ্বলাই দিয়া হৈছিল দীপুচন্দ্ৰ দাসক। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নোমান মিঞাক।

৭. পশ্চিম বংগত বুজন সংখ্যক অস্ত্ৰ উদ্ধাৰ আৰক্ষীৰ। এছ টি এফে কলকাতাৰ ষ্টেণ্ড ৰোডত দুজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰে এই অস্ত্ৰভাণ্ডাৰ। যুৱক দুজনৰ বেগৰ পৰা উদ্ধাৰ কৰা অস্ত্ৰসমূহ ক’ৰ পৰা আনিছিল সেই বিষয়ত সোধা-পোছা অব্যাহত ৰাখিছে কলকাতা আৰক্ষীয়ে।

৮. এঞ্জেল চাকমাৰ মৃত্যুৰ বিতৰ্কক লৈ সৰৱ হৈ পৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। ডেহৰাডুনত হত্য়াৰ বলি হৈছিল ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমা। এই ঘটনাৰ এজাহাৰ দাখিলৰ ক্ষেত্ৰত ১২ দিন পলম হোৱাৰ অভিযোগ তুলিছে গৌৰৱ গগৈয়ে। উত্তৰাখণ্ড প্ৰশাসনে ঘটনাটো গাপ দিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন গৌৰৱৰ।

৯. ভাৰত আৰু শ্ৰীলংকাৰ মহিলা ক্ৰিকেট দলৰ মাজত আজি অনুষ্ঠিত হৈছে শৃংখলাৰ পঞ্চম তথা অন্তিমখন টি-২০ মেচ। ইতিমধ্যে পূৰ্বৰ চাৰিখন খেলত জয়ী হৈ শৃংখলা দখল কৰিছে ভাৰতে। আজিৰ খেলখনত ভাৰত জয়ী হ’লে হোৱাইট ওৱাশ্ব হ’ব শ্ৰীলংকা।

কেতিয়াৰ পৰা মহিলাসকলে মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰা হ'ল?
এনে প্ৰকৃতিৰ লোকে লাভ কৰে নৰক যন্ত্ৰণা, জানক সকলো...
মহিলাৰ প্ৰস্ৰাৱ সংক্ৰমণ কিয় হয় ? ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় জানক
ফেটি লিভাৰ হ'লে কি কি খাদ্য খাব নালাগে? জানক...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...