Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

Published: 

18 May 2025 08:15 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • পুনৰ আটক দেশবিৰোধী। অসম আৰক্ষীৰ নেতৃত্বত দেশবিৰোধীসকলক আটক অভিযান নিৰন্তৰে চলি আছে৷ ভাৰতবিৰোধী কাৰ্যকলাপৰ আধাৰত কোকৰাঝাৰ আৰক্ষীয়ে জয়নাল আবেদীন নামৰ এজন লোকক গ্রেপ্তাৰ কৰিছে৷ ইয়াৰ জৰিয়তে এতিয়ালৈ আটকৰ মুঠ সংখ্যা ৬৫লৈ বৃদ্ধি হৈছে বুলি জনায় মুখ্যমন্ত্ৰীয়ে।
  • বিফল হ’ল ISROৰ ১০১ সংখ্যক কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ। আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা EOS-09 উৎক্ষেপণৰ চেষ্টা। সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা পুৱা ৫:৫৯ বজাত উৎক্ষেপণ কৃত্ৰিম উপগ্ৰহটো।
  • মুডীজে আমেৰিকাৰ AAA ক্ৰেডিট ৰেংকিং কমাই AA1 কৰি দিছে, যিয়ে বৃদ্ধি পোৱা ঋণ আৰু ৰাজনৈতিক গতিবিধিক দেখুৱায়। ট্ৰাম্পৰ বাণিজ্যিক নীতি আৰু কৰ কৰ্তনৰ ফলত ঋণৰ পৰিমাণ যথেষ্ঠ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
  • টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে বিৰাট কোহলীয়ে। অৰ্থাৎ তেওঁ টীম ইণ্ডিয়াৰ হৈ ইংলেণ্ড ভ্ৰমণলৈ নাযায়। কিন্তু ইফালে এটা ডাঙৰ খবৰ ওলাইছে। প্ৰতিবেদন অনুসৰি ইংলেণ্ডে তেওঁৰ সৈতে চুক্তিবদ্ধ হ’ব বিচাৰিছে।
  • লাহোৰৰ পৰা কৰাচীলৈকে পাকিস্তানৰ ধ্বংস নিশ্চিত! সিন্ধুৰ পিছত এইবাৰ বন্ধ হ’ব চেনাব নদীৰ পানী। ইতিমধ্যে জল সংকটৰ সন্মুখীন হোৱা পাকিস্তানে সিন্ধু নদীৰ ওপৰত ভাৰতে লোৱা পদক্ষেপে ইয়াৰ সমস্যা বৃদ্ধি কৰিছে। এতিয়া ভাৰতে চেনাব নদীৰ ওপৰত নিয়ন্ত্ৰণ বৃদ্ধিৰ পৰিকল্পনাই পাকিস্তানৰ পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে।
  • চুবুৰীয়া পাকিস্তানৰ সৈতে সামৰিক সংঘৰ্ষৰ অন্ত পেলাই যুদ্ধবিৰতি ঘোষণা কৰিলেও সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। ভাৰতীয় সেনাবাহিনীৰ স্পষ্ট বাৰ্তা, কাশ্মীৰত আৰু সাৰি যাব নোৱাৰিব সন্ত্ৰাসবাদীৰ সমৰ্থক। উপত্যকাটোত সন্ত্রাসবাদীৰ সহায়কৰ সন্ধান উলিওৱাৰ সমান্তৰালকৈ তেওঁলোকৰ ঘাটিসমূহতো অভিযান চলাইছে সেনা বাহিনীয়ে৷
  • অপাৰেচশ্যন সেন্দূৰৰ তথ্য পঠাইছিল পাকিস্তানলৈ!জ্যোতি মালহোত্ৰা হাৰিয়ানাৰ হিছাৰ জিলাৰ বাসিন্দা। কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰিছে। তেওঁ এজন ইউটিউবাৰ আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী। ইনষ্টাগ্ৰামত জ্যোতিৰ ফ’ল’ৱাৰ ১৩২ হাজাৰ, ইউটিউবত ৩ লাখ ৭৭ হাজাৰতকৈ অধিক লোকে ফ’ল’ৱাৰ। জ্যোতিয়ে ট্ৰেভেল vlog বনায়। তেওঁৰ চেনেলটোৰ নাম ‘ট্ৰেভেল উইথ জো’।
  • আজি পুৱা গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,৫১৩ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৮,৭২০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,১৩৫ টকা।
  • শনিবাৰে আমিনগাঁও ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি সকলো দিশ পৰ্যালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইফালে, গুৱাহাটীৰ আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মেচ আয়োজনৰ সুবিধাৰে নিৰ্মাণ কৰি থকা এই নতুন ক্ৰিকেট ষ্টেডিয়ামখন অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সাজু হ’ব জনাইছে মুখ্যমন্ত্ৰীয়ে ।

 

লগতে পঢ়ক- দৈনিক ৰাশিফল

Related Stories
“আজিৰ দিনত বাওঁপন্থী মতাদৰ্শ ‘অচল’, ছাত্ৰ জীৱনত বিৰোধিতা কৰিলেও অধিকাংশই শেষত পুঁজিপতিৰ বাবেই কাম কৰে”, ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ
গৌৰৱক ISI ৰ আমন্ত্ৰণৰ পৰা পাকিস্তানৰ চোৰাংচোৱাগিৰিলৈ…চাওক গুৰুত্বপূৰ্ণ খবৰসমূহ…
ISIৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ, লৈছিল প্ৰশিক্ষণঃ মুখ্যমন্ত্ৰী
প্ৰস্তুতি পৰ্যালোচনা মুখ্য সচিবৰ, বাৰিষাৰ বানৰ সৈতে মোকাবিলা কৰিবলৈ কেনেদৰে সাজু ৰাজ্য চৰকাৰ ?
Assam-Nagaland Border Issues : স্থায়ী শান্তিৰ ওপৰত গুৰুত্ব ! অসম-নাগালেণ্ডৰ সীমান্ত সমস্যা পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
OPERATION GHOST SIM : আছিল পাকিস্তানৰে সংযোগ ! চাইবাৰ অপৰাধীক মোবাইল সংযোগ প্ৰদানত জড়িত ৭ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ
শৰীৰত ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ এই তিনিবিধ খাদ্য গ্ৰহণ কৰক...
পৃথিৱীৰ সবাতোকৈ বিপদজনক ৬ টা ৰোগ কি কি জানেনে? জানক...
গ্ৰীষ্মকালতো চাইনাছে আমনি কৰিব পাৰে, এই সমস্যাৰ পৰা উপশম পাবলৈ কি কৰিব ?
আই পি এলত আন এক কৃতিত্ব অৰ্জনৰ দিশে বিৰাট কোহলী, প্ৰয়োজন মাত্ৰ এটা চাৰিৰ…