শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ…
trishna-kalita
Trishna Kalita | Updated On: 29 Sep 2025 08:35 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. বিপদত জেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে। তেওঁৰ লগতে কন্যাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে অসম চৰকাৰক পত্ৰ দিল্লী বিশ্ববিদ্যালয়ৰ। ভুৱা STৰ প্ৰমাণ পত্ৰৰে দিল্লী বিশ্ববিদ্যালয়ত কন্যাক নামভৰ্তিৰ অভিযোগ। ৰাষ্ট্ৰীয় অনূদিত জনজাতীয় আয়োগৰ তদন্তত পোহৰলৈ আহিছে এই তথ্য । আয়োগৰ নিৰ্দেশত দিল্লীত গোচৰ ৰুজু দিল্লী বিশ্ববিদ্যালয়ৰ।
  2. শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰিৰ গোচৰ ৰুজু। CIDত ৰুজু হৈছে এই নতুন গোচৰটো। শ্যামকানুৰ বাসগৃহত উদ্ধাৰ কৰা হৈছে চৰকাৰী বিষয়াৰ নামত থকা ছীল-মোহৰ।  SITৰ অভিযানত উদ্ধাৰ হৈছিল ছীল-মোহৰসমূহ।
  3. জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষী। SSP সুধাকৰ সিঙৰ নেতৃত্বত মঙলবাৰে ছিংগাপুৰলৈ যাব দলটো। ছিংগাপুৰত জুবিন গাৰ্গ থকা হোটেলত অভিযান চলাব দলটোৱে। জুবিন গাৰ্গক ভৰ্তি কৰা ছিংগাপুৰৰ জেনেৰেল হাস্পতাললৈও যাব দলটো। জেনেৰেল হাস্পতালৰ পৰা সংগ্ৰহ কৰিব তথ্য-পাতি জুবিন গাৰ্গক সাগৰলৈ লৈ যোৱা য়টৰ সকলো দিশ তন্নতন্নকৈ কৰিব পৰীক্ষা। ছিংগাপুৰৰ ১১ প্ৰৱাসী অসমীয়াকো সোধা-পোছা কৰিব দলটোৱে।
  4. কাহিলিপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত বিশিষ্ট উদ্যোগপতি গৌতম আদানী। জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ উদ্যোগপতিগৰাকীৰ। জুবিন গাৰ্গৰ অকাল মৃত্যুত শোকাহত গৌতম আদানী। শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনালে আদানীয়ে।পুত্ৰ জিত আদানিৰ সৈতে উপস্থিত হয় গৌতম আদানী।
  5. জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰাৰ অভিযোগ লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে।প্ৰৱাসী অসমীয়া লোকেহে ধন দি নশ্বৰদেহ প্ৰেৰণ কৰা বুলি কৈছিল গগৈয়ে। লুৰীণজ্যোতি গগৈক উভতি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।  জুবিনৰ নশ্বৰদেহ অসমলৈ অনাৰ নামত ব্যয় হৈছে ৭,৩৫৬। ছিংগাপুৰ ডলাৰ ভাৰতীয় দূতাবাসে ব্যয় কৰিছে এই সমস্ত ধন ভাৰতীয় উচ্চায়ুক্তক এই ধন ঘূৰাই দিব বুলি ২০ ছেপ্টেম্বৰতেই জনাইছিল অসম চৰকাৰে।
  6. আজি সপ্তমী পূজা। আজিৰ দিনটোত মা কালৰাত্ৰি পূজা কৰা হয়। জুবিন গাৰ্গ অবিহনে অসমীয়াৰ মুখত পূৰ্বৰ দৰে উছাহ। বিশাল আকাৰৰ প্ৰতিমা,মণ্ডপ তৈয়াৰ কৰিলেও চাৰিওফালে যেন আৱৰি ধৰিছে বিশাল শূন্যতাই। মণ্ডপে-মণ্ডপে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত দেখিবলৈ পোৱা গৈছে শ্ৰদ্ধাঞ্জলি।
  7. এছিয়া কাপ ২০২৫ ৰ খিতাপ দখল ভাৰতৰ। নৱমবাৰৰ বাবে ভাৰতে এছিয়া কাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। আজিৰ খেলত ভাৰতে পাকিস্তানক হৰুৱায়। ৫ উইকেটত জয়লাভ ভাৰতৰ। পাকিস্তানে প্ৰথমে বেটিং কৰি ভাৰতক বান্ধি দিছিল ১৪৭ ৰানৰ লক্ষ্য। ২ টা বল বাকী থকা অৱস্থাত ভাৰতে ৫ টা উইকেটৰ বিনিময়ত ১৫০ ৰান কৰিবলৈ সক্ষম হয়।
  8. টীম ইণ্ডিয়াৰ এই জয়ত সমগ্ৰ দেশতে উদযাপনৰ সূচনা হয়। ইয়াৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত তিনি শাৰীৰ পোষ্ট শ্বেয়াৰ কৰি সকলোকে আচৰিত কৰি তুলিলে৷ তেওঁৰ পোষ্টত প্রধানমন্ত্রী মোদীয়ে লিখিছে, “ক্ৰীড়াক্ষেত্ৰত অপাৰেচন সেন্দূৰ। ফলাফল একেই: ভাৰতৰ জয়। আমাৰ ক্ৰিকেটাৰসকলক অভিনন্দন।”