ধনবান হোৱাৰ কেইটামান উপায়!

28 Sept 2025

TV9 ASSAM

আজিকালি বহুতৰ ধনৰ সমস্যা হয়। কিন্তু চাণক্যই কিছুমান এনে উপায়ৰ কথা উল্লেখ কৰিছে যি পালন কৰিলে ধনৰ সমস্যা দূৰ হয়। মান্যতা অনুসৰি এই অভ্যাসে মানুহক ধনবান কৰে।

চাণক্য

সদায় মানুহে নিজৰ ধন আৰু আৰ্থিক স্থিতি গোপন কৰি ৰাখিব লাগে। কাৰো আগত প্ৰকাশ কৰিব নালাগে। অন্যথা ইৰ্ষা কৰাসকলে আপোনাৰ ক্ষতি কৰিব পাৰে। সম্পত্তি গোপন ৰখাৰ চেষ্টা কৰক।

গোপন

মানুহে সদায় টকা ভাবি-চিন্তি খৰচ কৰিব লাগে। অনাহকত খৰচ কৰিব নালাগে। ধনবান হোৱাৰ প্ৰথম উপায় এয়াই যে ধনৰ মূল্য বুজিব লাগে আৰু অযধা টকা খৰচ কৰিব নালাগে।

খৰচ

মানুহে কেতিয়াও আয়তকৈ অধিক খৰচ কৰিব নালাগে। ইয়াৰ ফলত আপুনি ধাৰুৱা হৈ পৰিব পাৰে। যিয়ে আপোনাক মানিসক অশান্তি দিব পাৰে। ধনৰ ক্ষেত্ৰত সফল হোৱাত ই সহায় কৰে।

আয়

মানুহৰ সবাতোকৈ ডাঙৰ ধন হ'ল জ্ঞান। যদি আপোনাৰ ওচৰত জ্ঞান আৰু কৌশল আছে তেন্তে যিকোনো পৰিস্থিতিত আপুনি আয়ৰ নতুন বাট মুকলি কৰিব পাৰে।

জ্ঞান

ভাল সময় সদায় নাখাকে। যাৰ বাবে আয়ৰ এটা অংশ সদায় ভৱিষ্যতৰ বাবে জমা কৰিব ৰাখিব লাগে। এই জমা ধনে মানুহক বেয়া সময়ত সহায় কৰে।

বেয়া সময়

চাণক্যৰ মতে, যেনে সংগ তেনে স্বভাৱ আৰু ভাগ্য হয়। সেয়ে বেয়া সংগৰ পৰা সদায় আঁতৰত থাকিব লাগে। বেয়া সংগই মানুহক আৰ্থিক আৰু সামাজিকভাৱে দুৰ্বল কৰি তোলে। 

বেয়া সংগ

পঢ়িবলৈ ক্লিক কৰক

মা লক্ষ্মী অসন্তুষ্ট হোৱাৰ লক্ষণ