শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বিশিষ্ট পৰিচালক তিমথী দাস হাঞ্চেৰ মৃত্যুৰ পৰা ভাৰত-পাকৰ মেচলৈ, দিনটোৰ খবৰ...

বিশিষ্ট পৰিচালক তিমথী দাস হাঞ্চেৰ মৃত্যুৰ পৰা ভাৰত-পাকৰ মেচলৈ, দিনটোৰ খবৰ…

barasha-sarma
Barasha Sarma | Published: 28 Sep 2025 20:45 PM

Top9: আজি এছিয়া কাপ ২০২৫ৰ ফাইনেলত ভাৰতৰ সন্মুখত পাকিস্তান। সন্ধিয়া ৮ বজাৰ পৰা এই খেল অনুষ্ঠিত হ'ব। ৪১ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আজি দুয়োটা দলে এছিয়া কাপৰ ফাইনেলত মুখামুখি হ'ব।

আজি এছিয়া কাপ ২০২৫ ৰ ফাইনেল। ৪১ বছৰৰ ইতিহাসত আজি প্ৰথমবাৰৰ বাবে ভাৰত-পাকিস্তান ফাইনেলত মুখামুখি হ’ব। যাৰ বাবে ক্ৰিকেটপ্ৰেমীসকলৰ মাজত উত্তেজনাই বিৰাজ কৰিছে। উল্লেখ্য যে, এতিয়ালৈকে ভাৰতে ৮ বাৰ আৰু পাকিস্তানে ২ বাৰ এছিয়া কাপৰ থিতাপ দখল কৰিছে।

ইফালে অসমত অব্যাহত আছে জুবিন গাৰ্গৰ মৃত্যুক লৈ এছ আই টিৰ তদন্ত। আজি নিশিতা গোস্বামী, শেখৰ গোস্বামী, অমৃতপ্ৰবা মহন্ত এছ আই টিৰ কাৰ্যালয়ত উপস্থিত হয়। ইয়াৰোপৰি সিদ্ধাৰ্থ শৰ্মা বিজেপিৰ সদস্য হোৱাৰ খবৰ প্ৰকাশ পাইছে। এই সন্দৰ্ভত বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মন্তব্য প্ৰকাশ কৰিছে। তেওঁ কৈছিল যে, ৩-৪ বছৰ আগতে কিবা দায়িত্বত আছিল। এতিয়া নাই। ইয়াৰোপৰি জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত দোষীয়ে শাস্তি পাব বুলি তেওঁ কয়।