কোন সময়ত মগু খোৱাটো দেহৰ বাবে অধিক উপকাৰী?

28 Sep 2025

TV9 ASSAM

মগু স্বাস্থ্যৰ বাবে এক আশীৰ্বাদ। স্বাস্থ্য সচেতন লোকসকলে দিনটোত এবাৰ হ’লেও মগু কেঁচাকৈ গজালি উলিয়াই বা ৰান্ধি খোৱা দেখা যায়।

মগু

মগুত ভিটামিন বি কমপ্লেক্স, ভিটামিন চি, ভিটামিন এ, প্ৰটিন, আৰু আন বহুতো পুষ্টিকৰ উপাদান থাকে। সেয়ে মগুৱে দেহৰ বহু উপকাৰ সাধন কৰে।

পুষ্টিকৰ

মগুৰ সুফল লাভ কৰিবলৈ হ’লে সঠিক সময়ত খোৱাটো অতি গুৰুত্বপূৰ্ণ। সেয়ে বিশেষজ্ঞৰ পৰা মগু খোৱাৰ সঠিক সময়ৰ বিষয়ে জানো আহক।

সঠিক সময়

এপ’ল’ স্পেকট্ৰা হাস্পতালৰ জ্যেষ্ঠ ডায়েটিচিয়ান ডাঃ অঞ্জলি তিৱাৰীয়ে কয় যে মগু পুৱা বা দুপৰীয়াৰ আহাৰত অন্তৰ্ভুক্ত কৰাটো অধিক উপযোগী।

বিশেষজ্ঞৰ মত

মগুৱে শৰীৰক শক্তি প্ৰদান কৰে আৰু সতেজ অনুভৱ কৰায়। ই প্ৰটিনৰ ভাল উৎস, মগু এক লঘু খাদ্য সামগ্ৰী আৰু সেয়ে খোৱাৰ পিছত গধুৰ অনুভৱ নহয়।

উপকাৰিতা

ৰন্ধাৰ পূৰ্বে মগুখিনি ৪০ মিনিট বা এঘণ্টা পানীত তিয়াই থ’ব লাগে। গোটা মগু ২-৩ ঘণ্টা তিয়াই ৰাখিব লাগে। তেতিয়া মগুখিনি পৰিষ্কাৰ হ’ব আৰু ৰন্ধাত সহজ হ’ব।

তিয়াই লওক

গজালি ওলোৱা মগু স্প্ৰাউটৰ পুৱাৰ পৰা গধূলিলৈকে সময়ছোৱাত খাব পাৰি। শৰীৰ চৰ্চা কৰা লোকসকলে গজালি ওলোৱা মগুৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া দেখা যায়।

গজালি ওলোৱা

পঢ়িবলৈ ক্লিক কৰক 

অধিক আলু খালে হ’ব পাৰে এনে সমস্যা