আহাৰ গ্ৰহণৰ পিছত কেতিয়াও নকৰিব এই ৫টা ভুল

28 Sep 2025

TV9 ASSAM

নিজকে সুস্থ সবল কৰি ৰাখিবলৈ আমি সদায়ে স্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু জীৱনশৈলী মানি চলাটো অত্যন্ত প্ৰয়োজনীয়।

স্বাস্থ্য সচেতনতা

আমি স্বাস্থ্যকৰ খাদ্য খালেই নহ’ব, ইয়াৰ পিছত আমি আন কিছুমান দিশৰ প্ৰতিও গুৰুত্ব দিব লাগিব। অন্যথা হ’ব পাৰে সমস্যা।

সাৱধানতা

খাদ্য খোৱাৰ পিছত লগে লগে বিচনাত বাগৰ দিলে খাদ্য সঠিকভাৱে হজম নহয়। ফলত বদহজম এচিডিটি, পেট ফুলা, বমিৰ দৰে সমস্যা হ’ব পাৰে।

বিচনাত পৰা

চাহ-কফিত থকা টেনিন নামৰ এবিধ পদাৰ্থই খাদ্যৰ পুষ্টিকৰ পদাৰ্থ শোষণত বাধা দিয়ে। সেয়ে আহাৰ গ্ৰহণৰ পিছত চাহ-কফি খাব নালাগে।

চাহ-কফি

আহাৰ খোৱাৰ পিছত লগে লগে বহি বা শুই থাকিলে হজম শক্তিত ব্যাঘাত জন্মে। ইয়াৰ পৰিৱৰ্তে সেয়ে অন্ততঃ ১৫-২০ মিনিট সময় লাহে লাহে খোজ কাঢ়িব লাগে।

আৰাম কৰা

লাহে লাহে খোজ কঢ়াৰ বাদে পিছে আন কোনো ৱৰ্কআউট কৰিব নালাগে। অন্যথা দেহ ভাগৰিব পাৰে আৰু খাদ্যৰ সঠিক হজম নহয়।

ৱৰ্কআউট

গধূৰ আহাৰ খোৱাৰ পিছত ফল-মূল খোৱাৰ পৰাও বিৰত থাকিব লাগে। অন্যথা হজম শক্তি লেহেমীয়া হ’ব পাৰে আৰু বহু স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে।

ফল-মূল

পঢ়িবলৈ ক্লিক কৰক 

কোন সময়ত মণ্ড খোৱাটো অধিক উপকাৰী?