শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Top News: পলকতে পঢ়ক দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…

আজি দিনটোত বহু ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছে। পলকতে পঢ়ক অসমৰ লগতে দেশ বিদেশত ঘটা ৯টা গুৰুত্বপূৰ্ণ খবৰ-

Top News: পলকতে পঢ়ক দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…
দিনটোৰ শীৰ্ষ খবৰ
trishna-kalita
Trishna Kalita | Updated On: 28 Jun 2025 19:10 PM

আজি দিনটোত বহু ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছে। পলকতে পঢ়ক অসমৰ লগতে দেশ বিদেশত ঘটা ৯টা গুৰুত্বপূৰ্ণ খবৰ-

  1.  শনিবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য় কাৰ্যালয়ত “Emergency Dayries” শীৰ্ষক এক গ্ৰন্থ উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ভাষণত কংগ্ৰেছৰ গান্ধী পৰিয়ালে নিজৰ বাদে আন কাকো বিশ্বাস নকৰে বুলি কয় মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে জৰুৰীকালীন অৱস্থা ঘোষণাৰ সন্দৰ্ভত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সিদ্ধান্তক সমালোচনা কৰে।
  2. সংবাদমেলত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা সাংবাদিকক অপমান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে জয়ন্ত মল্লবৰুৱা ভুল কৰা বুলি উল্লেখ কৰাৰ লগতে ইয়াৰ বাবে তেওঁক ক্ষমা খোজাৰো নিৰ্দেশ দিব বুলি কয়। সংবাদমেলত এজন সাংবাদিকক তলৰ শ্ৰেণীৰ মানুহ বুলি কৈছিল জয়ন্ত মল্লবৰুৱাই।
  3. শেহতীয়াকৈ অসমত গো-পালন সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। এই বিষয়ে প্ৰধানমন্ত্ৰীলৈ এক পত্ৰও প্ৰেৰণ কৰিছে সাংসদ গগৈয়ে। বহু গোপালক এই আঁচনিৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে শাসক দলৰ মন্ত্ৰী-বিধায়কৰ পৰিয়ালে আঁচনিৰ সুবিধা লাভ কৰা বুলিও গগৈয়ে উল্লেখ কৰে।
  4.  আজি পুৱা সপত্নীক কামাখ্যা মন্দিৰ দৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে কামাখ্যা মন্দিৰলৈ দুটা ৰোপৱে’ নিৰ্মাণ হ’ব। ইয়াৰে প্ৰথমটো ৰোপৱে’ৰ কাম অতি শীঘ্ৰেই সম্পন্ন হ’ব। এটা ৰোপৱে’ কামাখ্যা জংচনৰ পৰা আৰু আনটো সোণাৰাম হাইস্কুল খেল পথাৰৰ পৰা নিৰ্মাণ হ’ব।
  5. অসম যুৱ কংগ্ৰেছৰ অফিচিয়েল ফেচবুক পেজ চৌদি আৰৱৰ পৰা পৰিচালিত হোৱাৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভাৰতৰ ৰাজনীতিত বিদেশী হস্তক্ষেপক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্রীয়ে কয় যে এনেধৰণৰ ঘটনাই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ এক গুৰুতৰ চিন্তাৰ সৃষ্টি কৰিছে, তথাপিও সংবাদ মাধ্যম বা জনসাধাৰণৰ পৰ্যাপ্ত দৃষ্টি আকৰ্ষণ কৰাত ব্যৰ্থ হৈছে।
  6. বোকাখাতৰ CRPF শিবিৰত গ্ৰেনেড নিক্ষেপ কৰা ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্ত অংকুৰ দাসক। গোপন সূত্ৰৰ তথ্য ভিত্তিত দেৰগাঁৱত চলোৱা অভিযানৰ সময়ত গ্ৰেপ্তাৰ কৰা হয় অংকুৰ দাসক। যোৱা ২৪ জুনত সংঘটিত হোৱা এই গ্ৰেনেড বিস্ফোৰণত অসম আৰক্ষীৰ তিনিজন জোৱান আহত হৈছিল।
  7. গো-পালনৰ ৰাজসাহায্যক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত শনিবাৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ধুবুৰীত বৃহৎসংখ্যক গো হত্যা কৰা হ’ল, সেয়া আলোচনা নহয় ৷ গো মাংস নামঘৰ-মন্দিৰৰ সন্মুখত পেলাই দিছে, সেয়াও আলোচনা কৰা নহয় ৷ গো-পালনহে এতিয়া বিতৰ্কৰ বিষয় হ’ল. বিষয়বোৰ চিন্তা কৰিবলগীয়া।
  8. পুৰীৰ জগন্নাথ মন্দিৰৰ ৰথযাত্ৰাৰ সময়ত অথন্তৰ। ভক্তৰ ব্যাপক সমাগমৰ ফলত হোৱা হেঁচা-থেলাত আহত হৈছে কেবাজনো লোক। ভিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে বিভিন্নজনে। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। আজি ৰথ যাত্ৰাৰ দ্বিতীয় দিন।
  9. ২০৪৭ চনৰ ভিতৰত ভাৰত ইছলামিক শাসন প্ৰৱৰ্তনৰ ষড়যন্ত্ৰ সদ্য নিষিদ্ধ ঘোষিত সংগঠন পিএফআয়ে। ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। কেৰালাৰ আৰ এছ এছ কৰ্মী শ্ৰীনিবাসনৰ হত্যাৰ তদন্তত এই ষড়যন্ত্ৰ ধৰা পেলাইছে সংস্থাটোৱে।