এটা অজুহাত পালেই মই গুচি যাব পাৰোঁ- আজি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ মৃত্যু বাৰ্ষিকী
অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ'ল 'হীৰুদা'। তেওঁ “সুগন্ধি পখিলাৰ কবি’’ আৰু “প্ৰেম আৰু ৰ’দালিৰ কবি’’ বুলি অসমীয়া সাহিত্য জগতত পৰিচিত।

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ আজি পুণ্য তিথি
অসমীয়া কাব্য সাহিত্যত প্ৰেম আৰু ৰ’দালিৰ ৰহন সানি কাব্যপ্ৰেমীক আন্দোলিত কৰি তোলা সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ আজি মৃত্যু বাৰ্ষিকী ৷ শব্দৰ যাদুৰে সকলোকে মোহাৱিষ্ট কৰি ৰখা এইগৰাকী কবিয়ে অসমীয়া সাহিত্যত কাটি থৈ গৈছে স্বৰ্ণিল বাট ৷
২০১২ চনৰ ৪ জুলাইত কাব্য অনুৰাগীসকলক কন্দুৱাই চিৰ দিনৰ বাবে আতৰি গৈছিল আপোন কবিগৰাকীয়ে ৷ জীৱন কালত ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পোৱাৰ লগতে লগতে বাঙালী ভাষাত ২ খনকৈ কবিতা পুথি অনুদিত হৈছে।
অসমীয়া ৰোমান্টিক কবিতাৰ ক্ষেত্ৰত হীৰুদাই এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। হীৰুদাৰ কলমৰ নিতুল আঘাতত প্ৰাণ পাই উঠিছিল ৰৌদ্ৰ কামনা, কবিতাৰ ৰ’দ, তোমাৰ বাঁহী, সুগন্ধি পখিলা, মোৰ দেশ আৰু প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, শইচৰ পথাৰ মানুহ, মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বুকুৰ মাটি, ভালপোৱাৰ দিকচৌ বাটেৰে আদি কবিতা পুথি। অসমীয়া সাহিত্যলৈ তেওঁৰ অনবদ্য অৱদানৰ বাবে ১৯৯২ চনত সাহিত্য অকাডেমী বঁটা আৰু ২০০০ চনত অসম উপত্যকা সাহিত্য বঁটাৰে তেওঁক বিভূষিত কৰা হৈছিল। আজি সমগ্ৰ অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে তেওঁলোকৰ প্ৰিয় কবিগৰাকীক।
অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ’ল ‘হীৰুদা’। তেওঁ “সুগন্ধি পখিলাৰ কবি’’ আৰু “প্ৰেম আৰু ৰ’দালিৰ কবি’’ বুলি অসমীয়া সাহিত্য জগতত পৰিচিত। হীৰুদাৰ বিষয়ে সমালোচক হীৰেন গোহাঁইয়ে কৈছে যে, “তেওঁৰ প্ৰথম পৰ্যায়ৰ কবিতাত থকা সংকল্প আৰু সপোনৰ অননুকৰণীয় উজ্জীৱিত মিলন পৰৱৰ্তী পৰ্যায়বোৰত লীন হৈছিল এক বিস্তীৰ্ণ দুখবোধ আৰু সামাজিক ব্যৰ্থতাৰ স্থিতধী কাৰুণ্যত। কিন্তু তেওঁ নিশ্চিত আছিল যে স্বদেশৰ মানুহ আৰু মাতৃভাষাৰ পথাৰত থিয় হৈ থকা তেওঁৰ কবিতা নিমাত হৈ নাযায়, অনাগত দিনৰ মানুহকো সি সৃষ্টিৰ, আশাৰ, আস্থাৰ আকাশ দেখুৱাই থাকিব।
১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ হয়। ভট্টাচাৰ্যৰ সৰু সৰু কবিতা কিছুমানৰ মাজত থকা এটা সুৰ এটা লয়ৰ কাৰণে পাঠকৰ মনৰ মাজত গভীৰ সাঁচ বহুৱায়৷ প্ৰকৃতি আৰু মানুহ তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু৷ হীৰুদাৰ বহুকেইটা কবিতা অসম জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে গীতৰ আকাৰো দিছে।
সংঘ আৰু সংগঠন
হীৰেন ভট্টাচাৰ্যই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সময়তেই অসমত গণনাট্য সংঘৰ প্ৰভাৱ প্ৰতিফলিত হৈছিল। ১৯৫৪ চনৰ পৰা তেওঁ গণনাট্য সংঘৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰে। গুৱাহাটী মহানগৰীৰ কাৰ্যকৰী সমিতিৰো তেওঁ এজন সদস্য হৈ পৰে। বামপন্থী ধাৰাৰ বাহক হিচাপে গণনাট্য সংঘৰ ভূমিকা আৰু কাৰ্য-প্ৰণালীয়ে সেইসময়ৰ প্ৰায় সকলো লেখক আৰু শিল্পীকে একত্ৰিত কৰিবলৈ সক্ষম হৈছিল।
১৯৬৪-৬৫ চনৰ ভিতৰত হীৰেন ভট্টাচাৰ্য “অসম প্ৰগতিশীল শিল্পী সাহিত্যিক সংঘ”ৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰে। এই সংঘৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ বৰ আন্তৰিকতাৰে কাম কৰিছিল। সংঘৰ প্ৰথমজন সভাপতি আছিল ত্ৰৈলোক্যনাথ গোস্বামী, দ্বিতীয়জন আছিল প্ৰসন্নলাল চৌধুৰী আৰু তৃতীয়জন আছিল নৱকান্ত বৰুৱা। বৰ্তমানৰ আমবাৰীত থকা অসম গণ পৰিষদৰ কাৰ্যালয়ৰে “মংগল বেৰেক” নামৰ এলানি ঘৰৰে এটা কোঠাত এই সংঘৰ কাম-কাজ চলিছিল। দুই-এজন ব্যক্তিৰ অৰ্থ-সাহায্যত ‘লুইত’ নামৰ আলোচনী এখনৰ কামো তেওঁলোকে সম্পূৰ্ণ কৰি উলিয়াইছিল। আলোচনীখন সম্পাদনা কৰিছিল কেশৱ মহন্তই।