উত্তাল উজনিৰ ৰাজপথ ! জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়, শিৱসাগৰ আৰু চৰাইদেউত বিশাল জোঁৰ সমদল টাইপাৰ
আজি ১ নৱেম্বৰত জানজাতিকৰণৰ দাবীত ডিব্ৰুগড়, শিৱসাগৰ আৰু চৰাইদেউত বিশাল জোঁৰ সমদল কৰে টাই আহোম জনগোষ্ঠীয় লোকে। টাইপাৰ উদ্যোগত গ্ৰহণ কৰাৰ এই জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰে শতাধিক লোকে।
জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে , নাপাব ভোট ! আজি ১ নৱেম্বৰত জানজাতিকৰণৰ দাবীত ডিব্ৰুগড়, শিৱসাগৰ আৰু চৰাইদেউত বিশাল জোঁৰ সমদল কৰে টাই আহোম জনগোষ্ঠীয় লোকে। জনজাতিকৰণৰ দাবীত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত আজি সন্ধিয়া ডিব্ৰুগড়ত জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীত মহিলাকে ধৰি সকলো শ্ৰেণীৰ শতাধিক লোকে অংশগ্ৰহণ কৰে।
খবৰ অনুসৰি,ডিব্ৰুগড় চৌকিদিঙ্গী খেলপথাৰৰ পৰা আৰম্ভ কৰি থানা চাৰিআলিলৈকে হাতে হাতে জোঁৰ লৈ টাই আহোম লোকসকলে সমদল কৰে। সমদল কৰাৰ সময়ত “No ST, No Rest,” “No ST, No Vote,” আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰে প্ৰতিবাদকাৰীয়ে।
ইফালে, চৰাইদেউ জিলাৰ সদৰ সোণাৰিত টাই আহোম যুৱ পৰিষদ অসমে বিশাল জোঁৰ সমদল কৰা দেখা যায়। টাই আহোম যুৱ পৰিষদৰ নেতৃত্বত সোণাৰিত সমবেত হয় হাজাৰ হাজাৰ লোক। ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে টাইপাই। জনজাতিকৰণ নকৰিলে বিজেপিক ক্ষমতাৰ পৰা উৎসাত কৰাৰ হুংকাৰ দিয়ে টাই আহোম জনগোষ্ঠীৰ লোকসকলে।
সোণাৰিত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই মায়াবিনী গীত পৰিৱেশন কৰি আৰম্ভ কৰে সমদল। জনজাতিকৰণৰ লগতে জুবিন গাৰ্গৰ ন্যায় বিচাৰি শ্লোগান দিয়াৰো পৰিলক্ষিত হয়।
একেদৰে শিৱসাগৰতো জনজাতিকৰণৰ দাবীত বিশাল জোঁৰ সমদল কৰে টাই আহোম যুৱ পৰিষদে। আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্বশাসনৰ দাবীত সংগঠনটোৰ নেতৃত্বত ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা শিৱসাগৰ চহৰৰ দৌলমুখ চাৰি আলিলৈকে উলিয়াই এই জোঁৰ সমদল। এই কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰে।