শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দোষীৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা, GMCH ত নৱজাতকৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে,"মই অনুভৱ কৰিছিলোঁ যে গাফিলতি আছিল। এটা শিশুৰ মৃত্যু হৈছে। নাৰ্ছসকল নিজেই মাতৃ আৰু তেওঁলোকে মোতকৈও বেছি সন্তান হেৰুৱাৰ বেদনা বুজিব পাৰে।"

দোষীৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা, GMCH ত নৱজাতকৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 22 Aug 2025 20:35 PM

জিএমচিএইচত নৱজাতকৰ মৃত্যুৰ গোচৰত দোষী সাব্যস্ত হোৱা সকলৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা। একে সময়তে চিকিৎসা কৰ্মীৰ গাফিলতিৰ বাবে শিশুটিৰ মৃত্যুৰ হোৱাৰ কথা বুলিও এক প্ৰকাৰে স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে,সংক্ৰমণ আৰু জণ্ডিচৰ বাবে NICU ত ভৰ্তি হোৱা নৱজাতকটিয়ে যোৱা সোমবাৰে অপ্ৰত্যাশিতাৱে মৃত্যুক সাৱতি লয়। যোৱা ১৫ আগষ্টত জি এম চি এইচত জন্ম হৈছিল কেঁচুৱাটি।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে,”মই অনুভৱ কৰিছিলোঁ যে গাফিলতি আছিল। এটা শিশুৰ মৃত্যু হৈছে। নাৰ্ছসকল নিজেই মাতৃ আৰু তেওঁলোকে মোতকৈও বেছি সন্তান হেৰুৱাৰ বেদনা বুজিব পাৰে।”তেওঁ উল্লেখ কৰে যে তিনিজনীয়া চৰকাৰী তদন্তকাৰী পেনেল গঠন কৰা হৈছে, যিয়ে দুই–তিনিদিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে।

এগৰাকী নাৰ্ছক গ্ৰেপ্তাৰ কৰাৰ উদ্বেগক সম্বোধন কৰি শৰ্মাই কয়,”গ্ৰেপ্তাৰ উদ্দেশ্য হ’ব নালাগে। ই আন ঠাইত চিকিৎসকক উত্তেজিত কৰিব পাৰে, আৰু তেওঁলোকেও প্ৰতিবাদত নামিব পাৰে। তদন্ত সমিতিয়ে দুই–তিনি দিনৰ পিছত নিজৰ প্ৰতিবেদন দাখিল কৰিব আৰু তাৰ পিছত আমি সিদ্ধান্ত ল’ম। তদন্তত দোষী সাব্যস্ত হোৱা সকলোৰে বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিম।”

জিএমচিএইচত কৰ্মচাৰীৰ অভাৱৰ অভিযোগৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে, চিকিৎসালয়খনত নাৰ্ছ, চিকিৎসক আৰু অন্যান্য কৰ্মচাৰীকে ধৰি পৰ্যাপ্ত কৰ্মী আছে।

উল্লেখ্য যে, যোৱা সোমবাৰে পুৱা বিচনাৰ পৰা পৰি মৃত্যু হৈছিল NICU ত ভৰ্তি হৈ থকা নৱজাতকটিৰ। জিএমচিএইচৰ প্ৰসূতি বিভাগৰ ৩নং মহলাত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে ৰাতিয়ে জিএমচিএইচ পৰিদৰ্শন কৰিছিল ।

পৰৱৰ্তী সময়ত উৎকোচ লোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসালখনৰ ১১জন অস্থায়ী ট্ৰলী পুলাৰক। একেসময়তে ঘটনা সংঘটিত দিনটোত দায়িত্বত থকা নিলম্বিত নাৰ্ছ ভানুপ্ৰিয়া মিচঙক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ঘটনাৰ নিশা ছিষ্টাৰ ইনচাৰ্জৰ দায়িত্বত আছিল ভানুপ্ৰিয়া মিচং। 140/25 নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় ভানুপ্ৰিয়াক।