পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
আজি ২২ আগষ্ট, শুকুৰবাৰ। আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। পলকতে পঢ়ক চাওঁ দিনটোৰ শীৰ্ষ খবৰসমূহ...।

দিনটোৰ শীৰ্ষ খবৰ
আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নতুন অধীক্ষক হিচাপে নিযুক্তি ডাঃ দেৱজিৎ চৌধুৰীক। শুকুৰবাৰে নলবাৰীত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ দ্বিতীয় পৰ্য়ায়ৰ শুভাৰম্ভণি কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে চাওঁ দিনটোৰ শীৰ্ষ খবৰসমূহ…।
দিনটোৰ শীৰ্ষ খবৰ
- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নতুন অধীক্ষক হিচাপে নিযুক্তি ডাঃ দেৱজিৎ চৌধুৰীক। স্বাস্থ্যজনিত কাৰণত বিগত কিছুদিন ধৰি দায়িত্বৰ পৰা আঁতৰি আছিল পূৰ্বৰ অধীক্ষক ডাঃ অভিজিত শৰ্মা। আজি ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল চৰকাৰক। কিন্তু সাংসদ ভূঞাৰ সংবাদমেলৰ সময়তেই ডাঃ দেৱজিৎ চৌধুৰীক এই পদত নিযুক্তি দিয়ে অসম চৰকাৰে। শেহতীয়াকৈ শিশুৰ মৃত্যুৰ এক বিতৰ্কত সোমাই পৰিছিল GMCH।
- শুকুৰবাৰে নলবাৰীত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ দ্বিতীয় পৰ্য়ায়ৰ শুভাৰম্ভণি কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই। নলবাৰী সমষ্টিৰ গ্ৰামাঞ্চলৰ ৩১,১৭৯ গৰাকী আৰু পৌৰসভা এলেকাৰ ২,৭৩০ গৰাকী হিতাধিকাৰীক সামৰি সৰ্বমুঠ ৩৩,৯০৯ গৰাকী আত্মসহায়ক গোটৰ সদস্যালৈ আনুষ্ঠানিকভাৱে ১০ হাজাৰ টকা উদ্যমিতা পুঁজি আগবঢ়োৱা হয়।
- বিটিআৰত নিৰ্বাচনৰ ৰণশিঙা বজালে UPPL য়ে। বি পি এফৰ পাছতে এইবাৰ ইউ পি পি এলে নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। ২ গৰাকী বিধায়কসহ ১৮ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰে দলটোৱে। BPF দলৰ পৰা আহি UPPL ত যোগদান কৰা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক কাজলগাঁওত দলীয় টিকেট দিয়ে দলটোৱে।
- জিএমচিএইচত নৱজাতকৰ মৃত্যুৰ উচিত তদন্ত কৰাৰ আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চিকিৎসা মহাবিদ্যালয়খনৰ NICUত পৰিচৰ্যাকাৰীৰ হেমাহিৰ বাবে বিচনাৰ পৰা পৰি মৃত্যু ঘটিছিল এটি সদ্যোজাত সন্তানৰ। এই সন্দৰ্ভত ইতিমধ্যে এগৰাকী নাৰ্চক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ পাছতেই এখন তিনিজনীয়া তদন্ত সমিতি গঠনৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে।
- আন্তঃৰাজ্যিক সীমান্তত নতুনকৈ উত্তেজনা সৃষ্টি হোৱাৰ পিছত শান্তি বজাই ৰখাৰ সংকল্প লৈছে অসম আৰু মিজোৰাম চৰকাৰে। এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই। যোৱা ১৫ আগষ্টত পশ্চিম মিজোৰামৰ মামিত জিলাৰ ছাইখোৱাথলিৰ গাঁৱত ৰবৰ গছ কটাক লৈ উত্তেজনাৰ সৃষ্টি হৈছিল। এই ঘটনাৰ পাছতে সোমবাৰে মিজোৰামৰ মামিত আৰু অসমৰ হাইলাকান্দি জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
- আজি বিহাৰ আৰু পশ্চিম বংগ ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিহাৰত ১৩ হাজাৰ কোটিৰ প্ৰকল্প ঘোষণাৰ লগতে দুখনকৈ ৰে’লৰ শুভাৰম্ভণি কৰে প্ৰধানমন্ত্ৰীয়ে। পশ্চিম বংগতো তিনিটাকৈ মেট্ৰ’লাইনৰ সংযোগ মুকলি কৰে নৰেন্দ্ৰ মোদীয়ে। দুয়োখন ৰাজ্যতে শেহতীয়াকৈ লোকসভাত উত্থাপিত সংবিধান সংশোধন বিধেয়ক সম্পৰ্কে উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।
Tiker- বিহাৰ আৰু পশ্চিম বংগ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ - তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইক আক্ৰমণৰ চেষ্টা একাংশ বহিৰাগত শ্ৰমিকৰ ৷ চহৰৰ মাজমজিয়াৰ চাইডিং বজাৰত সংঘটিত হৈছে এই ঘটনা। ব্যৱসায়ী আৰু শ্ৰমিকৰ মাজত হৈ থকা এক সংঘাতৰ সময়তে আৰক্ষী বিষয়াগৰাকীক আক্ৰমণৰ চেষ্টা ৷ তিনিচুকীয়াৰ চেম্বাৰ অৱ কমাৰ্চ আৰু শ্ৰমিকৰ মাজত মজুৰিক কেন্দ্ৰ কৰি অব্যাহত আছে সংঘাত ৷
- অহা ১৭ ছেপ্টেম্বৰত ৭৫ সংখ্যক জন্মদিন উদযাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিবছৰৰ দৰে এইবাৰো প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনটো ‘সেৱা পখৱাড়া’ হিচাপে উদযাপন কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে। এই উদ্দেশ্যে বিজেপিয়ে আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি। মোদীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ দেশজুৰি সেৱাৰ পদক্ষেপ গ্ৰহণ কৰিব বিজেপিয়ে। লগতে দেশৰ ৭০খনতকৈও অধিক চহৰত মোদী বিকাশ মাৰাথনৰো আয়োজন কৰিব দলটোৱে।
- আমেৰিকাত বাস কৰা ৫.৫ কোটিতকৈ অধিক বিদেশী নাগৰিকৰ ভিছা পৰ্যালোচনা কৰা হৈছে। অনুপ্ৰৱেশৰ নিয়ম উলংঘা কৰা বিদেশীৰ ভিছা বাতিল কৰি দেশলৈ বিতাড়িত কৰা হ’ব তেনে লোকক। এই তদন্তৰ ফলত ৫২ লাখ ভাৰতীয়ও প্ৰভাৱিত হ’ব। আমেৰিকাত আছে ৫০ লাখৰো অধিক ভাৰতীয় নন-ইমিগ্ৰেণ্ট ভিছাধাৰী। ভাৰতত থকা আমেৰিকাৰ দূতাবাসে একেৰাহে দ্বিতীয় বছৰৰ বাবে ২০২৪ চনত ১০ লাখৰো অধিক নন-ইমিগ্ৰেণ্ট ভিছা প্ৰদান কৰিছিল।