২৬’ৰ নিৰ্বাচনত আমি বিৰোধী ঐক্য মঞ্চই বিজেপিক পৰাভূত কৰিম: অখিল গগৈ
সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, "মোৰ নিজৰ সমষ্টিটোৰ প্ৰতি মোৰ দুৰ্বলতা আছে। বিপদৰ সময়ত শিৱসাগৰৰ ৰাইজে মোৰ সহায় কৰিছে। সেয়ে নিৰ্বাচনত অংশ লৈ শিৱসাগৰৰ মূল সমস্যাখিনি সমাধান কৰিব বিচাৰো। সেয়েহে ২৬'ত মই শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিম বুলি ভাবি আছো। এই সম্পৰ্কে আলোচনা চলি আছে।"

অখিল গগৈ
বিজেপিৰ বিৰুদ্ধে ২০২৬ত যুঁজিবৰ বাবে কঁকালত টঙালী বান্ধিছে বিৰোধীয়ে । অৱশ্যে এতিয়াও সম্পূৰ্ণৰূপে আঁতৰ হোৱা নাই বিৰোধী ঐক্যৰ মাজৰ মতভেদ। কংগ্ৰেছ দলে ২০২৬ত ১০০ খন আসনত নিৰ্বাচন খেলিব বুলি ঘোষণা কৰাৰ পিছতো আশা এৰি দিয়া নাই ৰাইজৰ দলৰ মুৰব্বী নেতা অখিল গগৈয়ে । তেওঁ কয়, “২৬’ৰ বিধানসভা নিৰ্বাচনত আমি বিৰোধী একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ম।” টীয়কৰ হাঁহচৰাত ৰাইজৰ দলৰ মৰিয়নি সমষ্টি সমিতিৰ কাৰ্যালয় মুকলি সভাত এই মন্তব্য অখিল গগৈৰ।
সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, “মোৰ নিজৰ সমষ্টিটোৰ প্ৰতি মোৰ দুৰ্বলতা আছে। বিপদৰ সময়ত শিৱসাগৰৰ ৰাইজে মোৰ সহায় কৰিছে। সেয়ে নিৰ্বাচনত অংশ লৈ শিৱসাগৰৰ মূল সমস্যাখিনি সমাধান কৰিব বিচাৰো। সেয়েহে ২৬’ত মই শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিম বুলি ভাবি আছো। এই সম্পৰ্কে আলোচনা চলি আছে।”
গৌৰৱ গগৈৰ সিদ্ধান্তক লৈ অখিল গগৈয়ে কয়, “যদিও গৌৰৱ গগৈয়ে ১০০খনতৈ অধিক আসনত খেলিব বুলি ঘোষণা কৰিছে, এয়া কংগ্ৰেছ দলে লোৱা সিদ্ধান্ত। আমি বিৰোধী ঐক্য মঞ্চই এতিয়ালৈ সিদ্ধান্ত লোৱা নাই । আমি সিদ্ধান্ত ল’মহে। মাঘ বিহুৰ আগতে এই সিদ্ধান্ত ল’ম। ২৬’ৰ বিধানসভা নিৰ্বাচনত আমি কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ, CPI, CPM, CPIML, APHLC এইকেইটা দলে একেলগে খেলিম। লগতে আৰু কেইবাটাও দল আছে। ৭টা দলৰ ইতিমধ্যে মিত্ৰতা হৈছে। আমি একেলগে খেলিম।”
বিজেপিক সমালোচনা কৰি অখিল গগৈয়ে কয়, “২৬’ৰ বিধানসভা নিৰ্বাচনত আমি বিৰোধী ঐক্য মঞ্চই একেলগে নিৰ্বাচন খেলিম। আৰু আমি বিজেপিক পৰাভূত কৰিম। বিজেপিক সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰিব লাগিব। আসন বুজাবুজি সন্দৰ্ভত আমাৰ মাজত কোনো বিবাদ নহয়। গৃহ সমষ্টি মৰিয়নিত আমাৰ এগৰাকী প্ৰাৰ্থী প্ৰদানৰ সিদ্ধান্ত কৰিছোঁ।”