শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যত কেতিয়া অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন? মন্ত্ৰী ৰঞ্জিত দাসৰ ঘোষণা…

ৰাজ্যত এতিয়া চলিছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কুজ-কাৱাজ। আজিয়ে জাৰি কৰা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। বিগত কেইবাদিনো দিনো ধৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাক লৈ চলিছিল চৰ্চা। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যত কেতিয়া অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন? মন্ত্ৰী ৰঞ্জিত দাসৰ ঘোষণা…
মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
trishna-kalita
Trishna Kalita | Updated On: 25 Mar 2025 15:59 PM

অৱশেষ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। আজিয়ে জাৰি কৰা হ’ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। বিগত কেইবাদিনো দিনো ধৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাক লৈ চলিছিল চৰ্চা। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা দিনক লৈ গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ।

ৰাজ্যত এতিয়া চলিছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কুজ-কাৱাজ। ৰাজ্যত ৫ মে’ ভিতৰত পঞ্চায়ত নিৰ্বাচন সম্পন্ন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। এই অনুসৰি এপ্ৰিলৰ প্ৰথম সপ্তাহত নিৰ্বাচনৰ দিন ঘোষণা হ’ব। আজিয়ে জাৰি কৰা হ’ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা।  ৩ এপ্ৰিলৰ ভিতৰত ঘোষণা হৈ যাব পঞ্চায়ত নিৰ্বাচনৰ দিন।  এই ঘোষণা কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। ব’হাগ বিহুৰ পাছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি আশাবাদী মন্ত্ৰীগৰাকী। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনাৰ কৰা উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে , আজি পঞ্চায়ত নিৰ্বাচনৰ জাননি জাৰি কৰা হ’ব। আশা কৰা হৈছে ৪-৫ মে’ৰ ভিতৰত সমাপন হ’ব পঞ্চায়ত নিৰ্বাচন। যদিহে ৰাজ্যিক নিৰ্বাচন আয়োগে ২-৫ এপ্ৰিলৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ইতিমধ্যে অসম পঞ্চায়ত সংশোধনী ইতিমধ্যে আমি পাছ কৰা হৈছে। ইফালে হ্ৰাস কৰা হৈছে জিলা পৰিষদে লাভ কৰি থকা ক্ষমতা। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উল্লেখ কৰা অনুসৰি বিকেন্দ্ৰীকৰণ কৰা হৈছে এইবাৰ পঞ্চায়তৰ ক্ষমতা। ১০৫, ১০৮, ১০৯নং ধাৰা সংশোধনৰ জৰিয়তে বৃদ্ধি কৰা হৈছে পঞ্চায়তৰ ক্ষমতা । তেওঁ কয়,”‘৩১ মাৰ্চলৈকে PMAYৰ জৰীপৰ কাম চলিব। ৫ মে’ৰ ভিতৰত সমাপন হ’ব পঞ্চায়ত নিৰ্বাচন।”

ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন হৈছে। নিৰ্বাচন আয়োগে ঘোষণা কৰিলেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।  পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতহে প্ৰকাশ কৰা হ’ব উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী।