শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দিনটো আৰম্ভ কৰাৰ আগতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ…

আজি ২৯ জুলাই, সোমবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটো আৰম্ভ কৰাৰ আগতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ…
পুৱাৰ মুখ্য খবৰ
manas-borah
Manas Borah | Published: 29 Jul 2025 07:13 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. আজি উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। ১০,০০০ বিঘাৰো অধিক (প্ৰায় ৩,৩০০ একৰ) ভূমি বেদখলৰ পৰা মুক্ত কৰিবলৈ চলিব এই উচ্ছেদ। প্ৰভাৱিত হ’ব প্ৰায় ২০০০ পৰিয়াল। জিলাখনৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, “গোটেই অঞ্চলটোক ৯টা অপাৰেচনেল জ’নত ভাগ কৰা হৈছে, আৰু আমি ইতিমধ্যে বন বিভাগৰ জৰিয়তে বেদখলকাৰীসকলক সঠিক উচ্ছেদৰ জাননী প্ৰদান কৰিছো।”
  2. পুনৰ ২০ জন অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাড়ন কৰিছে অসম আৰক্ষীয়ে। এই কথা নিশ্চিত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ কয় যে,অসম আৰক্ষীয়ে সোমবাৰে শ্ৰীভূমি অঞ্চলৰ পৰা ২০ জন অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰি পুনৰ বাংলাদেশলৈ বিতাড়ন কৰে।
  3. সোমবাৰে সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই সাক্ষাতৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰ্থ-সামাজিক সূচকসমূহক কেন্দ্ৰ কৰি অসমৰ উল্লেখযোগ্য অগ্ৰগতি আৰু প্ৰধান কল্যাণমূলক আঁচনিসমূহৰ ৰূপায়নৰ বিষয়ে অৱগত কৰে।
  4. চলিত লোকসভাৰ বৰ্ষাকালীন অধিৱেশনত অপাৰেচন সেন্দূৰkলৈ কেন্দ্ৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ। সাংসদ গৌৰৱ গগৈয়ে ভাষণত কেন্দ্ৰীয় চৰকাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তথ্য লুকুৱাই ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। লগতে ভাষণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পহলগাম আক্ৰমণ সন্দৰ্ভত কেতবোৰ মৌলিক প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থকা বুলিও দাবী কৰে গৌৰৱ গগৈয়ে।
  5. সংসদত অপাৰেচন সিন্দুৰ সন্দৰ্ভত আলোচনাৰ সময়ত বিৰোধী পক্ষক আক্ৰমণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সংসদত কৈছিল যে, পাকিস্তানৰ সৈতে যুদ্ধবিৰতিত আমেৰিকাৰ কোনো ভূমিকা নাই। বিৰোধীয়ে তেওঁৰ বক্তব্যক লৈ প্ৰশ্ন উত্থাপন কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ বক্তব্যৰ আঁত ধৰি শ্বাহে কয়, “ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ বক্তব্যক বিৰোধীয়ে বিশ্বাস নকৰে। কিন্তু আন দেশৰ বক্তব্যৰ ওপৰত তেওঁলোকৰ আস্থা আছে। ইয়াৰ ওপৰত মোৰ আপত্তি আছে।” ইয়াৰ পিছত বিৰোধীক সমালোচনা কৰি কয় য, এই কাৰণেই তেওঁলোক বিৰোধীৰ বেঞ্চত বহি আছে। আৰু আগন্তুক ২০ বছৰ তাতেই থাকিব।
  6. আমেৰিকাৰ নেভাদাৰ ৰেনোত সোমবাৰে পুৱা (স্থানীয় সময় অনুসৰি) কেচিনো আৰু ৰিজৰ্টৰ বাহিৰত গুলীচালনাৰ কাণ্ড সংঘটিত হয়। ইয়াৰ ফলত কমেও দুজন লোক নিহত হোৱাৰ লগতে আন চাৰিজন আহত হয়। আৰক্ষীয়ে জনোৱা মতে, সন্দেহজনক লোকজনক জিম্মাত লোৱা হৈছে। নিউয়ৰ্ক পোষ্টে ৰেনো গেজেট জাৰ্নেলৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ উত্তৰ-পশ্চিম অংশৰ ৰেনো চহৰৰ গ্ৰেণ্ড ছিয়েৰা ৰিজৰ্টৰ ভেলেট পাৰ্কিং এলেকাৰ ওচৰত পুৱা প্ৰায় ৭:২৫ বজাত (স্থানীয় সময় অনুসৰি) এই কাণ্ড সংঘটিত হয়।