শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আৰক্ষীৰ গুলীত প্ৰাণ গ’ল কোকৰাঝাৰৰ ৰে’লপথ বিস্ফোৰণৰ মাষ্টাৰমাইণ্ডৰ, ঝাৰখণ্ডতো আছিল অপৰাধৰ গোচৰ

বোমা বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড এপিল মুৰ্মু ছালাকাটিৰ নাদাংগুৰী পাহাৰত লুকাই থকাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল। এই সময়তে মাওবাদীৰ সৈতে হোৱা গুলীচালনাত এপিল মুৰ্মুৱে প্ৰাণ হেৰুৱায়।

আৰক্ষীৰ গুলীত প্ৰাণ গ’ল কোকৰাঝাৰৰ ৰে’লপথ বিস্ফোৰণৰ মাষ্টাৰমাইণ্ডৰ, ঝাৰখণ্ডতো আছিল অপৰাধৰ গোচৰ
কোকৰাঝাৰ বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰমাইণ্ড নিহত
monjit-dutta
Monjit Dutta | Updated On: 25 Oct 2025 11:51 AM

যোৱা ২২ অক্টোবৰত কোকৰাঝাৰত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ বিস্ফোৰণ কাণ্ড কোকৰাঝাৰ আৰু ছালাকাটি ৰে’ল ষ্টেচনৰ মাজত নিশা এই বিস্ফোৰণ এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল এতিয়া এই বিস্ফোৰণৰ ক্ষেত্ৰত আৰক্ষীয়ে লাভ কৰিছে এক বৃহ সফলতা আৰক্ষীৰ সৈতে মুখামুখি সংঘৰ্ষত নিহত হৈছে কোকৰাঝাৰৰ এই ৰেললাইনত বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড নিহত এই মাওবাদী সদস্যজনৰ নাম এপিল মূৰ্মু বুলি জানিব পৰা গৈছে অসমৰ লগতে ঝাৰখণ্ডতো সক্ৰিয় হৈ আছিল মাওবাদিৰে সম্পৰ্ক থকা এই এপিল মুৰ্মু

বোমা বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড এপিল মুৰ্মু ছালাকাটিৰ নাদাংগুৰী পাহাৰত লুকাই থকাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল এই সময়তে মাওবাদীৰ সৈতে হোৱা গুলীচালনাত এপিল মুৰ্মুৱে প্ৰাণ হেৰুৱায়। নিহত এপিল মুৰ্মুৰ বিৰুদ্ধে ঝাৰখণ্ডত আৰক্ষীক আক্ৰমণ কৰাকে ধৰি মুঠ ১২টা গোচৰ আছিল বুলি জানিব পৰা গৈছে

অসমতো তেওঁৰ বিৰুদ্ধে পূৰ্বৰে পৰা ২টা গোচৰ আছিল বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি শেহতীয়াকৈ কোকৰাঝাৰ জিলাৰ বহু আদিবাসী অধ্যুষিত অঞ্চলত সক্ৰিয় হৈ সদস্য ভৰ্তিৰ চেষ্টা চলাইছিল মুৰ্মুৱেজিলাখনৰ ৰেলৱে বিস্ফোৰণ কাণ্ডৰ আঁৰৰ মাষ্টাৰমাইণ্ড এই মুৰ্মুৱেই আছিলা বুলি তথ্য পোহৰলৈ আহিছিল।

কোকৰাঝাৰৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে বিগত বৰ্ষৰ অক্টোবৰ মাহত ঝাৰখণ্ডত ৰে’লপথত বিস্ফোৰণ ঘটাইছিল মুৰ্মুৱে আৰু তাৰ পিছতে অসমলৈ পলায়ন কৰিছিল। ঝাৰখণ্ডত এই এপিল মুৰ্মু ৰোহিত মুৰ্মু নামেৰে পৰিচিত আছিল ইফালে অসমত তেওঁ কোকৰাঝাৰৰ কচুগাঁৱৰ বাসিন্দা হিচাপে পৰিচয় দাঙি ধৰিছিল আৰু এপিল মুৰ্মু নাম ব্যৱহাৰ কৰিছিল।

তদন্তত প্ৰকাশিত তথ্য অনুসৰি মুৰ্মু পূৰ্বে তেওঁ নেচনেল চাওতাল লিবাৰেচন আৰ্মিৰ সদস্য আছিল। সংগঠনটোৱে মূলসুঁতিলৈ উভতি আহিলেও মুৰ্মুৱে আত্মসমৰ্পণ কৰিবলৈ অস্বীকাৰ কৰে আৰু ঝাৰখণ্ডলৈ পলায়ন কৰি এক বিচ্ছিন্নতাবাদী ফৈদ গঠন কৰে বুলিও তথ্য পোহৰলৈ আহিছে।

আজি অভিযানৰ সময়ত আৰক্ষীয়ে এনকাউণ্টাৰস্থলীৰ পৰা এটা পিষ্টল, এটা গ্ৰেনেড, এখন ভোটাৰ আইডি কাৰ্ড আৰু ঝাৰখণ্ডত জাৰি কৰা এখন আধাৰ কাৰ্ড উদ্ধাৰ কৰে। নিহত মুৰ্মুৰ সহযোগীৰ সন্ধানত অঞ্চলটোত এতিয়াও অভিযান অব্যাহত আছে বুলি জানিবলৈ দিছে আৰক্ষীয়ে