শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘মৈত্ৰী’ৰ পৰা আৰম্ভ কৰি ‘CM-FLIGHT’লৈ, ৰাজ্যিক কেবিনেটত লোৱা হ’ল এইসমূহ সিদ্ধান্ত…

ৰাজ্যিক কেবিনেটে আজি কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সদৰী কৰে।

‘মৈত্ৰী’ৰ পৰা আৰম্ভ কৰি ‘CM-FLIGHT’লৈ, ৰাজ্যিক কেবিনেটত লোৱা হ’ল এইসমূহ সিদ্ধান্ত…
মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কেবিনেট বৈঠক সম্পন্ন
monjit-dutta
Monjit Dutta | Published: 23 Jul 2025 20:20 PM

ডিব্ৰুগড় সচিবালয়ত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত ৰাজ্যিক কেবিনেটে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সদৰী কৰে। আজিৰ কেবিনেট বৈঠকত অসম আৰক্ষীৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে কেবিনেটে মৈত্ৰী আঁচনিৰ (Mission for Overall Improvement of Thanas for Responsive Image, MOITRI) অধীনত আৰক্ষী থানাৰ উন্নয়নৰ বাবে ১৫০ কোটি টকাৰ অনুমোদন জনাইছে।

এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত ৭৩ খন থানাৰ কাম সম্পূৰ্ণ হৈছে। আনহাতে দ্বিতীয় পৰ্যায়ত ৪৬ খন থানা গ্ৰহণ কৰা হৈছে। ইয়াৰে ৩১ খন থানা আৰু এখন চাইবাৰ আৰক্ষী থানাৰ কাম সম্পূৰ্ণ হৈছে। কেবিনেটে লগতে শীঘ্ৰেই কার্যকৰী হ’বলগীয়া ১০খন সম জিলাত দক্ষতাপূৰ্ণ আৰক্ষী ব্যৱস্থাৰ বাবে আন ১০টা পদ সৃষ্টি কৰিবলৈ অসম আৰক্ষীৰ বৰ্তমানৰ অনুমোদিত পদসমূহ সম জিলা আৰক্ষী অধীক্ষক হিচাপে উন্নীতকৰণ আৰু পুনঃপদবীকৰণত অনুমোদন জনাইছে।

কেবিনেটে লগতে আৱাসিক অট্টালিকাত চৰকাৰী অনুদান আগবঢ়োৱাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি বিধায়কৰ স্থানীয় এলেকা উন্নয়ন আৰু সংহত পুঁজিৰ জৰিয়তে আৱাসিক অট্টালিকাৰ আৱাসীসকলে যাতে চৰকাৰী কল্যাণ আঁচনিৰ সুবিধা লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ কেবিনেটে আৱাসিক অট্টালিকাৰ সামূহিক কল্যাণমূলক আঁচনিত অনুমোদন জনাইছে। এই আঁচনিৰ অধীনত অভ্যন্তৰীণ পথ মেৰামতি, অবিৰত পানী আৰু বিদ্যুৎ যোগান, নিৰাপত্তা ব্যৱস্থা আদি কার্যকলাপ গ্রহণ কৰা হ’ব।

ইফালে ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকলক জাপানত নিযুক্তি প্ৰদানৰ সুযোগ সৃষ্টি কৰি সংগঠিতভাৱে জাপানী ভাষাৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে কেবিনেটে Chief Minister’s Foreign Language Initiative for Global Human Talent (CM-FLIGHT)ৰ অনুমোদন জনাইছে। চলিত বিত্তীয় বৰ্ষত ১৮০গৰাকী প্রার্থীক প্রশিক্ষণ দিয়া হ’ব। কেবিনেটে লগতে অসমত উদ্ভাৱন আৰু ষ্টার্টআপ সম্পর্কীয় কার্যকলাপৰ প্ৰচাৰৰ বাবে Innovation, Incubation and Startups (DIIS) বিভাগৰ অধীনত ‘অসম উদ্ভাৱন আৰু ষ্টার্টআপ ফাউণ্ডেশ্যন’ কোম্পানী গঠনত অনুমোদন জনাইছে।

আজিৰ বৈঠকত কেবিনেটে লগতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নীতকৰণ তথা প্রশিক্ষিত শিক্ষক আৰু উন্নত সুবিধাৰে সজ্জিত কৰাৰ বাবে ‘অসমঃ বিদ্যালয় শিক্ষা আৰু কিশোৰ কল্যাণ প্রকল্প’ নামৰ ২,৭৫০ কোটি টকাৰ প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পৰ অধীনত প্রশিক্ষিত শিক্ষক, বিজ্ঞান-প্রযুক্তি আৰু সঠিক শ্রেণীকোঠা ব্যৱস্থাপনা দক্ষতাৰ দিশত প্রাধান্য দি ৪০০খন নতুন বিদ্যালয় আৰু ১,৭৩৩ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব। এই প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে বিশ্ব বেংকৰ পৰা ২,৭৫০ কোটি টকাৰ ঋণ ল’ব।

মিছন বসুন্ধৰা ৩.০ৰ অধীনত কেবিনেটে ৬খন জিলাৰ ৫০০টা অনুষ্ঠানক ভূমি আবণ্টনৰ অনুমোদন জনাইছে। ইফালে অহা ১২ আগষ্টত নতুনকৈ সৃষ্টি কৰা সহ-জিলাসমূহ উদ্বোধন কৰা হ’ব বুলি কেবিনেটে সিদ্ধান্ত লয়। সেই অনুসাৰে জয়ন্ত মল্ল বৰুৱাই বকো, চন্দ্ৰ মোহন পাটোৱাৰীয়ে পলাশবাৰী, পীযুষ হাজৰিকাই ৰঙাপাৰা, অশোক সিংঘালে বৰহোলা, অজন্তা নেওগে মৰিয়নি, অতুল বৰাই টীয়ক, বিমল বৰাই মাকুম, ৰূপেশ গোৱালাই ডিগবৈ, কৃষ্ণেন্দু পালে ধলাই আৰু ৰঞ্জিত দাসে দুধনৈ সম-জিলা উদ্বোধন কৰিব।