যোষিতাক কেনেধৰণে হাৰাশাস্তি কৰিছিল দুই জ্যেষ্ঠ অভিযন্তাই ? মৃত্যুৰ পূৰ্বে লিখি যোৱা টোকাত কি আছে?
অভিযন্তা যোষিতাৰ চৰম সিদ্ধান্তৰ পূৰ্বে লিখি যোৱা এটা টোকাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। কেনেদৰে দুই জ্যেষ্ঠ অভিযন্তাই হাৰাশাস্তি কৰিছিল কনিষ্ঠ অভিযন্তা যোষিতাক?

বঙাইগাঁও জিলাৰ এগৰাকী মহিলা কনিষ্ঠ অভিযন্তাই চৰম সিদ্ধান্ত লোৱা ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। যোষিতা দাস নাম অভিযন্তাগৰাকীয়ে মৃত্যুৰ পূৰ্বে লিখি যোৱা এটা টোকাত দুগৰাকী বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি গৈছে। যিটো কথাই সমগ্ৰ ঘটনাটোক অধিক চৰ্চিত কৰি তুলিছে। এই খবৰ প্ৰকাশ পোৱাৰ পাছতে বহুতে দোষীৰ শাস্তিৰ দাবী উত্থাপন কৰিছে।
খবৰ অনুসৰি,যোষিতা দাসে বৰপাৰাস্থিত ভাড়াঘৰত চৰম সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ প্ৰায় এবছৰ ধৰি লোক নিৰ্মাণ বিভাগ (গৃহ)ত কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত আছিল। অভিযন্তা দাসে মৃত্যুৰ পূৰ্বে লিখি যোৱা টোকাটোত দুগৰাকী জ্যেষ্ঠ অভিযন্তা তেওঁৰ মৃত্যুৰ বাবে দায়ী বুলি উল্লেখ কৰি গৈছে। তেওঁ অভিযোগ উত্থাপন কৰি গৈছে যে, এই দুই অভিযন্তাই তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰি আহিছিল। যাৰ বাবে তেওঁ এই সিদ্ধান্ত ল’বলৈ বাধ্য হয়।
টোকাটোত তেওঁ অভিযোগ কৰে যে, পদ্ধতিগত অনিয়মৰ মাজতো বিষয়াসকলে তেওঁক ঠিকাদাৰৰ বিল অনুমোদন কৰিবলৈ অবিৰতভাৱে হেঁচা প্ৰয়োগ কৰিছিল। তেওঁ আৰু লিখিছে যে, তেতিয়া তেওঁ নিজকে অসহায় আৰু মানসিকভাৱে অশান্তি অনুভৱ কৰিছিল।
টোকাটোত তেওঁৰ মৃত্যুৰ বাবে দায়ী বুলি উল্লেখ কৰা অভিযুক্ত দুজন হৈছে, কাৰ্যবাহী অভিযন্তা দীনেশ শৰ্মা মেধি আৰু SDO আমিনুল ইছলাম। কোৱা হৈছে য়ে, দুয়োকে অলপতে নিজৰ পদৰ পৰা বদলি কৰা হৈছিল। ইয়াৰ পিছতো তেওঁলোকে যোষিতাক ঠিকাদাৰৰ বিল ক্লিয়াৰ কৰিবলৈ হেঁচা দিয়াৰ অভিযোগ উত্থাপন হৈছে।
ইফালে, মৃত্যুৰ পিছতে ভুক্তভোগীৰ মাতৃয়ে বঙাইগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। শেহতীয়া খবৰ অনুসৰি, দীনেশ শৰ্মা মেধি আৰু আমিনুল ইছলাম দুয়োকে বঙাইগাঁও আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে। বিষয়টোত আনুষ্ঠানিক তদন্ত চলি আছে।