স্বাধীনতা দিৱসৰ পৰা অসম চুক্তিৰ ৪০ বছৰলৈ…আজিৰ দিনটোৰ খবৰ…
Morning news: আজি দেশে পালন কৰিব ৭৯ সংখ্যক স্বাধীনতা দিৱ। এই দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত পতাকা উত্তোলন কৰে। আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ জানক...

পুৱাৰ মুখ্য খবৰ
আজি ১৫ আগষ্ট স্বাধীনতা দিৱস। আজিৰ দিনটোতেই ১৯৪৭ চনত দেশ স্বাধীন হৈছিল। যাৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এই দিনটো বিশেষ। আজিৰ দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইয়াৰ মাজতে আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-
- আজি দেশে পালন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা প্ৰেৰণ কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এই দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে।
- আজি অসম চুক্তিৰ ৪০ বছৰ সম্পূৰ্ণ। ১৯৮৫ চনৰ ১৫ আগষ্টৰ দিনটোত অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল। অসম চুক্তিৰ মূল বিষয় আছিল ৪টা- বিদেশী চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন, বিদেশী বহিষ্কৰণ আৰু অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচ।
- ক্ষোভিত সাংসদ গৌৰৱ গগৈ। তেওঁৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰা একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে সৰৱ হৈ পৰে। লগতে কয় যে, সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
- অসম আৰক্ষীৰ ১৭ গৰাকী আৰক্ষী বিষয়ালৈ ৰাষ্ট্ৰপতি পদক। ইয়াৰে পাৰ্থসাৰথি মহন্তক উৎকৃষ্ট সেৱা পদক দিয়াৰ বিপৰীতে ৩ গৰাকীলৈ সাহসিকতা পদক আৰু ১৩ গৰাকীক বিশিষ্ট সেৱা পদক অৰ্পন কৰা হয়।
- গুৱাহাটীত স্থাপন কৰা হ’ব সেৱা বাছনি ব’ৰ্ড চমুকৈ SSB (Services Selection Board)। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱত কেন্দ্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিবেচনা কৰি আছে।
- স্বাধীনতা দিৱসৰ এদিন পূৰ্বে দেশবাসীক সম্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে। মুৰ্মুৱে দেশৰ গণতন্ত্ৰ আৰু সংবিধান সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
- বৃহস্পতিবাৰে দুপৰীয়া ১২.৩০ বজাত হঠাতে জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ডাৱৰ বিস্ফোৰণ হয়। মচৈলা মাতা মন্দিৰৰ তীৰ্থযাত্ৰাত সংঘটিত হয় এই ঘটনা। য’ত চিআইএছএফৰ দুজন জোৱানকে ধৰি ৪৫জন লোকৰ মৃত্যু হয়। সন্ধানহীন হৈছে ৭০ জনতকৈ অধিক লোক।
- অপাৰেশ্যন সেন্দূৰত বীৰত্ব প্ৰদৰ্শন কৰা সীমান্ত সুৰক্ষা বাহিনী (BSF)ৰ ১৬জন জোৱানক বীৰত্ব পদক প্ৰদান কৰা হৈছে। স্বাধীনতা দিৱসৰ এদিন পূৰ্বে এই পদক ঘোষণা কৰে কেন্দ্ৰই।