IPL ৰিটেনচনৰ পিছত প্ৰতিটো দলৰ হাতত কিমান টকাকৈ জমা?

16 Nov 2025

TV9 ASSAM

IPL ২০২৬ ছিজনৰ পূৰ্বে ১০ খন ফ্ৰেঞ্চাইজিয়েই ৰিটেইন আৰু ৰিলিজ খেলুৱৈৰ তালিকা ঘোষণা কৰিছে। এতিয়া ১৬ ডিচেম্বৰত আবুধাবিত নিলাম অনুষ্ঠিত হ’ব।

IPL ৰিটেনচন

এই নিলামৰ জৰিয়তে মুঠ ৭৭ জন খেলুৱৈৰ স্থান পূৰণ কৰা হ’ব, ইয়াৰ বাজেট হ’ব ২৩৭.৫৫ কোটি টকা। পিছে নিলামৰ বাবে কোনটো ফ্ৰেঞ্চাইজিৰ হাতত বেছি টকা আছে?

নিলামৰ বাজেট

কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত নিলামৰ বাবে সৰ্বাধিক ৬৪.৩ কোটি টকা আছে। দলটোৱে এই ধনেৰে মুঠ ১৩ জন খেলুৱৈৰ স্থান পূৰণ কৰিব।

শীৰ্ষত KKR

দ্বিতীয় স্থানত থকা চেন্নাইয়ে ৪৩.৪ কোটি টকাৰে ৯টা স্থান পূৰণ কৰিব। আনহাতে ছানৰাইজাৰ্ছ হায়দৰাবাদে ২৫.৫ কোটি টকাৰে ১০টা খালী স্থান পূৰ কৰিব।

CSKৰ বাজেট

লক্ষ্ণৌৰ হাতত আছে ২২.৯৫ কোটি টকা আৰু স্থান আছে ৬ টা। আনহাতে দিল্লীয়ে ৮ জন খেলুৱৈ ক্ৰয় কৰিবলৈ ২১.৮ কোটি টকা বিনিয়োগ কৰিব।

তাৰ পিছত কোন

আৰচিবিৰ হাতত ৮টা স্থানৰ বাবে ১৬.৪ কোটি, ৰাজস্থানৰ হাতত ৯টা স্থানৰ বাবে ১৬.০৫ কোটি, আৰু গুজৰাটৰ হাতত ৫টা স্থানৰ বাবে ১২.৯ কোটি টকা আছে।

চেম্পিয়ন RCB

ইফালে ৪টা স্থান পূৰণৰ বাবে পঞ্জাব কিংছৰ হাতত ১১.৫ কোটি টকা আৰু ৫টা স্থান পূৰণৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ হাতত সৰ্বনিম্ন ২.৭৫ কোটি টকা বাকী আছে।

PBKS-MI নিম্নত

পঢ়িবলৈ ক্লিক কৰক 

প্ৰত্যাৱৰ্তনতে সেহৱাগক অতিক্রমি পণ্টৰ অভিলেখ