তেজৰ কৰ্কট ৰোগৰ লক্ষণসমূহ কি কি? কৈছে বিশেষজ্ঞই

16 Nov 2025

TV9 ASSAM

ব্লাড কেঞ্চাৰৰ ফলত শৰীৰত নতুন আৰু সুস্থ ৰক্তকণিকা উৎপন্ন হোৱাত অসুবিধা হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা, তেজৰ সোঁত আৰু শৰীৰৰ শক্তিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে।

ব্লাড কেঞ্চাৰ

ইয়াৰ কাৰণ সম্পূৰ্ণ স্পষ্ট হোৱা নাই যদিও জিনীয় পৰিৱৰ্তন, দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা, বিকিৰণৰ আৰু কিছুমান ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ অহা আদিয়ে এই শংকা বৃদ্ধি কৰিব পাৰে।

কাৰণ

বিশেষজ্ঞ চিকিৎসিক ডাঃ সুভাষ গিৰীয়ে জানিবলৈ দিয়া মতে তেজৰ কৰ্কট ৰোগৰ ফলত সুস্থ ৰক্তকণিকাৰ উৎপাদন কম হয়, ফলত অলপতে ভাগৰুৱা আৰু দুৰ্বলতা দেখা যায়।

সঘনাই ক্লান্তি

ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে দেহৰ যিকোনো ৰোগক প্ৰতিৰোধ কৰিব পৰা ক্ষমতা হ্ৰাস পায়। ইয়াৰ ফলত সঘনাই সংক্ৰমণ আৰু জ্বৰ হ’ব পাৰে।

জ্বৰ বা সংক্ৰমণ

প্লেটলেটৰ সংখ্যা কম হৈ পৰাৰ বাবে সামান্য আঘাত হ’লেও অত্যধিক ৰক্তক্ষৰণ হ’ব পাৰে। শৰীৰত নীলা বা বেঙুনীয়া ৰঙৰ দাগ সহজে গঠন হয়।

ৰক্তক্ষৰণ

তেজৰ কৰ্কট ৰোগে শৰীৰৰ বিপাকীয় কাৰ্যকলাপৰ পৰিৱৰ্তন ঘটায়। ইয়াৰ ফলত দ্ৰুতগতিত ওজন কমি যায় আৰু ভোক কমি যায়।

ওজন হ্ৰাস

হাড়ৰ মজ্জাত কৰ্কট কোষ জমা হয় আৰু ইয়াৰ ফলত হাড় তথা গাঁঠিত বিষ হয়। এই বিষ ধাৰাবাহিকভাৱে বা মাজে মাজে হ’ব পাৰে।

হাড় বা গাঁঠিৰ বিষ

পঢ়িবলৈ ক্লিক কৰক 

শীতকালত খাদ্য তালিকাত থাকিবই লাগে এনে খাদ্য