শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বানাক্ৰান্ত লোকক সহায়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২ কোটি টকা হেমন্ত সোৰেনৰ

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়াইছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে । ইতিমধ্যে এক্স হেণ্ডেলৰ জৰিয়তে এই কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এক্সৰ জৰিয়তে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২ কোটি টকা আগবঢ়োৱাৰ কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই । ইয়াৰ লগতে তেওঁ ঝাৰখণ্ড মুখ্যমন্ত্ৰী গৰাকীক কৃৰ্তজ্ঞতা জ্ঞাপন কৰে ।

বানাক্ৰান্ত লোকক সহায়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২ কোটি টকা হেমন্ত সোৰেনৰ
হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 21 Jul 2024 14:41 PM

অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়াইছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে । ইতিমধ্যে এক্স হেণ্ডেলৰ জৰিয়তে এই কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এক্সৰ জৰিয়তে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২ কোটি টকা আগবঢ়োৱাৰ কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই । ইয়াৰ লগতে তেওঁ ঝাৰখণ্ড মুখ্যমন্ত্ৰী গৰাকীক কৃৰ্তজ্ঞতা জ্ঞাপন কৰে ।

এক্স হেণ্ডেলত পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে ,’ঝাৰখণ্ডৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কৃপা কৰি বানাক্ৰান্ত লোকক সহায়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২ কোটি টকা আগবঢ়াইছে। অসমবাসীৰ হৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মহানুভৱতাৰ প্ৰতি কৃৰ্তজ্ঞতা জ্ঞাপন কৰিছোঁ ।’

উল্লেখ্য য়ে, এইবাৰৰ ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা বানত সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত । ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈ সমূহৰ বাঢ়নী পানীয়ে কেইবাটাও মথাউৰি ক্ষতিগ্ৰস্ত কৰাৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি অতি ভয়াৱহ হয় । বৰ্তমান ৰাজ্যখনৰ বান পৰিস্থিতি নিয়ন্ত্ৰণত আহিছে বুলি ক’ব পাৰি ।

বৰ্তমানে অসমৰ ১০ জিলাৰ বিভিন্ন অঞ্চলত বানৰ প্ৰভাৱ আছে যদিও প্ৰভাৱিত লোকৰ সংখ্যা ১.৩০ লাখলৈ হ্ৰাস পাইছে। বৰ্তমানে অসমৰ ২৩ টা ৰাজহ চক্ৰৰ ৪২৩ খন গাঁওত বানৰ প্ৰভাৱ আছে । প্ৰকাশিত তথ্য অনুসৰি, নগাঁও জিলাত বান প্ৰভাৱ সৰ্বাধিক বুলি জানিব পৰা গৈছে । জিলাখনৰ ৭২ হাজাৰৰো অধিক লোক বানত প্ৰভাৱিত হৈ আছে ।